Logo
image

অনুতাপ নাই! হাঁহি হাঁহি আদালতৰ পৰা ওলাই আহিল বন্দনা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক,৮ জুলাইঃ কিমান নিষ্ঠুৰ আৰু কঠিন হৃদয়ৰ গৰাকী হ’লে এগৰাকী হত্যাকাৰী মহিলাই হাঁহি হাঁহি কাৰাগাৰৰ পৰা আদালতলৈ অহা-যোৱা কৰিব পাৰে৷ স্বামী আৰু শাহুক অতি নৃসংশভাৱে হত্যা কৰা গুৱাহাটীৰ নুনমাটি বন্দনা কলিতা এতিয়াও অনুতপ্তহীন৷ ডাবল মাৰ্ডাৰৰ গোচৰটোৰ চাৰ্জ ফ্ৰেম হোৱাৰ পাছতেই নিয়মীয়াকৈ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ  হৈছে আদালতত৷ সেই সূত্ৰে প্ৰতিদিনেই বিচাৰৰ বাবে নিয়মমাফিক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আদালতলৈ অহা-যোৱা চলিছে বন্দনা কলিতাৰ৷ কিন্তু প্ৰতিদিনেই বন্দনা কলিতাক চাঞ্চল্যকৰ হত্যা কাণ্ডটোক লৈ ভাৱলেশহীন মনোভাৱেৰে মুখত খিলখিলীয়া হাঁহি লৈ আদালতলৈ অহা-যোৱা কৰাহে পৰিলক্ষিত হৈছে৷ সাধাৰণতে হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিলে প্ৰায়ে অপৰাধীৰ মানসিক সন্তুলন বিঘ্নিত হোৱা দেখা যায়৷ বন্দনা কলিতা কোনো প্ৰফেচনেল কিলাৰো নাছিল৷ কিন্তু ইয়াৰ পাছতো বন্দনা কলিতাৰ বাহ্যিকভাৱে কোনো মানসিক পৰিৱৰ্তন চকুত পৰা নাই বুলিও আদালতৰ বাহিৰে-ভিতৰে এতিয়া চৰ্চা চলিছে৷ ধনৰ লালসাত পৰকীয়া প্ৰেমত মত্ত হৈ বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰি কাৰাগাৰৰ বন্ধ কুঠৰীত দিনা কটালেও অতীতৰ স্বামীৰ অত্যাচাৰ তথা নৰক যন্ত্ৰনা অন্ত পৰাত যেন সুখ অনুভৱহে কৰিছে৷ নুনমাটিৰ বাসগৃহৰ একেটা কোঠাতে আন যুৱতীক শয্যাসংগী কৰাতে ক্ষান্ত নাথাকি স্বামী অসমজ্যোতি দে’য়ে বন্দনাক বলপূৰ্বক ড্ৰাগ্‌ সেৱন কৰিবলৈ বাধ্য কৰোৱাৰ কথাও আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল বন্দনাই৷ তদুপৰি সাধাৰণ কথাতে মাৰ-পিট কৰি দিনৰ পাছত দিন নিচাগ্ৰস্ততাত ডুব গৈ থকা স্বামী অমৰজ্যোতি এটা সময়ত বন্দনাৰ বাবে যন্ত্ৰণাৰ অন্য নাম হৈ পৰিছিল৷ হয়টো সেই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ প্ৰেমিকৰ সন্ধান কৰিছিল যুৱতী বন্দনাই৷ আৰু সেই প্ৰেমিকৰ সহযোগতে স্বামী অমৰজ্যোতিক হত্যা কৰি চিৰদিনৰ বাবে যন্ত্ৰণাৰ পৰা মুক্ত হৈ ক্ষন্তেকীয়া সুখ অনুভৱ কৰিছিল বন্দনাই৷ কাৰাগাৰত বন্দী হ’লেও আদালতে এদিন দোষী সাব্যস্ত কৰিলেও আজি যেন সুখৰ সাগৰত বিভোৰ হৈ আছে বন্দনা৷ যাৰ বাবে আদালত বিচাৰৰ বাবে অনাৰ সময়ত কোনো দিনেই বন্দনাক বাহ্যিকভাৱে অনুতপ্ত দেখা পোৱা যোৱা নাই৷ বাহ্যিকভাৱে বন্দনাৰ এই স্বৰূপ ধৰা দিলেও ভিতৰি-ভিতৰি কাৰাগাৰত কিমান দুখ তথা চকু পানী মোহাৰিবলগীয়া হৈছে সেয়া হয়তো বন্দনাৰ বাহিৰে উপলব্ধি কৰা আন কোনোৱেই নাই৷ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত একেৰাহে তৃতীয় দিনৰ বাবে শুকুৰবাৰে বন্দনা কলিতাৰ সৈতে আন দুই অভিযুক্ত ধনটি ডেকা আৰু অৰূপ ডেকাকো হাজিৰ কৰোৱা হৈছিল৷ য’ত বন্দনা কলিতাক হাস্যবদনেৰে কাৰাগাৰৰ বাহনৰ পৰা আদালত চৌহদলৈ নামি অহা দেখা গৈছিল৷ স্বামী অমৰজ্যোতিক হত্যা কৰি নৰক যন্ত্ৰণাৰ পৰা মুক্ত হ’লেও শাহু শংকৰী দে’ক ধনৰ লালসাতেই হত্যা কৰা বুলি ইতিমধ্যে বন্দনা কলিতাই স্বীকাৰোক্তিও দিছে৷ শেহতীয়াকৈ আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামাত হত্যাকাণ্ডটোৰ কেতবোৰ শিহৰণকাৰী বৰ্ণনা সন্নিবিষ্ট কৰিছে৷ অভিযোগনামাত প্ৰকাশ কৰা অনুসৰি– শংকৰী দে’ক হত্যা কৰি তিনি টুকুৰা কৰাৰ বিপৰীতে অমৰজ্যোতি দে’ক হত্যা কৰি প্লাষ্টিকেৰে মেৰিয়াই চাৰি টুকুৰা কৰি বস্তাত ভৰাই মেঘালয়ৰ পাহাৰৰ পৰা পেলাই দিছিল বন্দনা বাহিনীয়ে৷ ২৬ জুলাইত শংকৰী দে’ক মহানগৰীৰ চানমাৰিৰ যোগমায়া এপাৰ্টমেণ্টৰ ভিতৰতে হত্যা কৰিছিল বন্দনা আৰু দুই সহযোগীয়ে৷ সন্ধিয়া ৬.৩০ বজাত বন্দনাৰ লগতে অৰূপ আৰু ধনটি আহিছিল শংকৰী দে’ৰ ফ্লেটলৈ৷ ফ্লেটৰ ভিতৰতে মুখৰ ভিতৰত কাপোৰ সুমুৱাই শংকৰী দে’ক অচেতন কৰিছিল অৰূপ আৰু ধনটিয়ে৷ ইয়াৰ পাছতেই অচেতন শংকৰী দে’ক বাথৰূমলৈ চোঁচৰাই নি চুৰীৰে পেট-বুকুত খুঁচি নিজ হাতে হত্যা কৰিছিল বন্দনাই৷ মৃতদেহৰ পৰা তেজ বাগৰি নোযোৱাৰ বাবে ব্লেংকেটেৰে মেৰিয়াই পেলাইছিল শংকৰী দে’ৰ মৃতদেহৰ টুকুৰা তিনিটা৷ ইয়াৰ পাছতেই প্লাষ্টিকেৰে মেৰিয়াই বস্তাত ভৰাই শংকৰী দে’ৰ মৃতদেহ ধনটি ডেকাৰ কেবত তুলি মেঘালয়ৰ ৰি-ভয় জিলাৰ টোলপ্লাজা পাৰ হৈ পূব খাচি পাহাৰ জিলাৰ এটা স্থানৰ পৰা তললৈ পেলাই দিছিল৷ আনহাতে, শংকৰী দে’ক হত্যা কৰি অৰূপ আৰু ধনটিয়ে চানমাৰীৰ ফ্লেটত সুৰাপানো কৰিছিল৷ একে পন্থাৰে ১৬ আগষ্টত নুনমাটিৰ ফ্লেটত স্বামী অমৰজ্যোতি দে’কো বন্দনা কলিতাই ধনটি-অৰূপৰ সহায়ত  নুনমাটিৰ ঘৰত হত্যা কৰি মেঘালয়ৰ আন এটা স্থানত পেলাই দিছিল৷ আৰক্ষীয়ে মেঘালয়ৰ পাহাৰৰ পৃথক পৃথক স্থানৰ পৰা উদ্ধাৰ কৰা মৃতদেহৰ অংশৰ এটা পুৰুষ আৰু আনটো বৃদ্ধা মহিলাৰ বুলিও ফৰেনচিক প্ৰতিবেদনত প্ৰকাশ পাইছে৷ অৱশ্যে মনোৰোগ বিশেষজ্ঞই বন্দনা কলিতা মানসিকভাৱে সুস্থ বুলিও প্ৰতিবেদন দাখিল কৰিছে৷