Logo
image

ডনগাইশ্বিঙৰ হত্যাই জোকাৰিছে দেশ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুলাইঃ মণিপুৰত এতিয়া চলিছে জাতীয় সংহাৰ৷ য’ত মেইটেই জনগোষ্ঠী সংখ্যাগৰিষ্ঠ, তাত কুকি জনগোষ্ঠীক হত্যা কৰি শেষ কৰি দিয়া হৈছে৷ আনহাতে য’ত কুকি বা জো সংখ্যাগৰিষ্ঠ তাত হত্যাৰ অভিযান চলিছে মেইটেইৰ ওপৰত৷ এনে জাতীয় সংহাৰৰ অভিযান অব্যাহত ৰাখি বৃহস্পতিবাৰে ইম্ফল চহৰত থকা শেষগৰাকী কুকি মহিলাক একাধিক মেইটেই যুৱকে মুকলিভাৱে গুলীয়াই হত্যা কৰা বুলি দেশজুৰি প্ৰৱল চৰ্চা হৈছে৷ অৱশ্যে চৰকাৰীভাৱে তেওঁ ইম্ফল চহৰত থকা অন্তিমগৰাকী কুকি জনগোষ্ঠীৰ লোক বুলি কোৱা হোৱা নাই৷ উল্লেখ্য, ইম্ফল উপত্যকাকে ধৰি ৰাজধানী চহৰ ইম্ফল হৈছে মেইটেই বসতিপ্ৰধান৷ ৰাজ্যখনৰ ৫৩ শতাংশ লোক হৈছে মেইটেই৷ আনহাতে ৪০ শতাংশ বাসিন্দা কুকি বা জো সম্প্ৰদায়ৰ৷ তেওঁলোকে ঘাইকৈ পাহাৰীয়া অঞ্চলত বাস কৰে৷ যোৱা ৩ মে’ত গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা ইম্ফল চহৰ আৰু ইম্ফল উপত্যকা কুকি শূন্য কৰি দিয়াৰ অভিযানত লিপ্ত হৈছিল মেইটেই জনগোষ্ঠী৷ ইতিমধ্যে দুমাহ ধৰি চলা ভয়ংকৰ গৃহযুদ্ধসদৃশ গোষ্ঠীসংঘৰ্ষত ইম্ফল চহৰৰ পৰা প্ৰায় সকলো কুকি লোক নিৰাপদ স্থানলৈ পলাই গৈছিল৷ পলাই যাব নোৱাৰা একাংশ হত্যাৰ বলি হৈছিল৷ চৰ্চা অনুসৰি ডনগাইশ্বিং নামৰ মহিলাগৰাকীয়ে ইম্ফল চহৰৰ নিজৰ ঘৰ এৰি এই প্ৰতিকূল পৰিস্থিতিৰ মাজতো আঁতৰি যোৱা নাছিল৷ তেওঁক বাৰম্বাৰ ভাবুকি দিয়া হৈছিল৷ সেই ভাবুকিলৈ কৰ্ণপাত নকৰি তেওঁ ইম্ফলৰ নিজৰ ঘৰতে ইমান দিন আছিল৷ অৱশেষত বৃহস্পতিবাৰে এদল মেইটেই যুৱকে তেওঁক ইম্ফল এৰি যাবলৈ ভাবুকি দিয়ে৷ তেওঁ সেই ভাবুকি উপেক্ষা কৰাত যুৱকৰ দলটোৱে ডনগাইশ্বিং নামৰ মহিলাগৰাকীক ঘৰৰ বাহিৰলৈ উলিয়াই আনি এখন স্কুলৰ সন্মুখত মুকলি স্থানত গুলীয়াই হত্যা কৰি উগ্ৰপন্থীৰ দৰে নৃশংসতা প্ৰদৰ্শন কৰে৷ এই হত্যাকাণ্ডই মণিপুৰকে নহয়, সমগ্ৰ দেশকে জোকাৰি গৈছে৷ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই মহিলাগৰাকীক হত্যা কৰাৰ পাছত ইম্ফল চহৰ কুকিমুক্ত৷ এটা দিশৰ পৰা ইম্ফলত জাতীয় সংহাৰ সম্পূৰ্ণ হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে এই নৃশংস হত্যাকাণ্ডক লৈ বিজেপি অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠিত কোনো নেতা-মন্ত্ৰী সৰৱ হোৱা নাই৷ অলপতে ‘আমাৰ অসম’ত ভুলবশতঃ চুবুৰীয়া এখন ৰাষ্ট্ৰত নৃশংসভাৱে হত্যাৰ বলি হোৱা এগৰাকীৰ যুৱতীৰ বাতৰি মণিপুৰৰ ঘটনা বুলি প্ৰকাশ পাইছিল৷ সেই বাতৰি প্ৰকাশ পোৱাৰ লগে লগে অসমৰ একাংশ বিজেপিৰ পালিনেতাই ‘আমাৰ অসমে’ মণিপুৰৰ ঘটনাক লৈ ভুল বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ কৰিছিল৷ ‘আমাৰ অসমে’ অৱশ্যে পিছদিনা বাতৰিটোৰ ভুল স্বীকাৰ কৰে৷ পিছে ঠিক তেনেধৰণৰ ঘটনা বৃহস্পতিবাৰে ইম্ফল চহৰৰ মাজমজিয়াত, এখন স্কুলৰ সন্মুখত প্ৰকাশ্য দিবালোকত সংঘটিত হোৱাৰ পাছত তেনে কোনো বিজেপি পালিনেতাই ঘটনাটোক লৈ দপদপাই থকা নাই, দুখ প্ৰকাশ কৰাটো দূৰঅস্ত৷ ইয়াৰ পূৰ্বে যোৱা ৭ জুনত গুলীৰ আঘাত পোৱা এগৰাকী মহিলা আৰু এটি শিশুক লৈ এখন এম্বুলেন্সত উঠি এগৰাকী মহিলা ইম্ফল চহৰৰ হাস্পতাললৈ আহি থকা অৱস্থাত ৰাজধানীৰ সমীপত তিনিওকে জীৱন্ত অৱস্থাত জ্বলাই হত্যা কৰা হৈছিল৷ সেই ঘটনাতো নীৰৱ হৈ আছিল ৰাষ্ট্ৰীয়বাদত বিশ্বাসী বিজেপিৰ নেতা আৰু একাংশ পালিনেতা৷ বিগত দুমাহত মণিপুৰত বেচৰকাৰী তথ্য মতে চাৰি শতাধিক লোক হত্যাৰ বলি হৈছে৷ ৰাজ্যৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমচা কিপগেনৰ বাসভৱন জ্বলাই দিয়া হৈছে৷ ৰাজ্যৰ জনস্বাস্থ্য, ক্ৰেতা সুৰক্ষা মন্ত্ৰী সুচীন্দ্ৰ মেইটেইৰ ঘৰ আৰু গুডাম জ্বলাই ভস্মীভূত কৰা হৈছে৷ মোদী চৰকাৰৰ বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ বাসভৱনো ইতিমধ্যে জ্বলাই ভস্মীভূত কৰা হৈছে৷ এই গোষ্ঠীসংঘৰ্ষ ক্ৰমাৎ গৃহযুদ্ধলৈ পৰ্যবসিত হৈ এতিয়া জাতীয় সংহাৰত পৰিণত হৈছে৷ পিছে ‘ডাবল ইঞ্জিন’ৰ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ এই সংঘৰ্ষ ৰোধত চকুত পৰাকৈ ব্যৰ্থ হৈছে৷