Logo
image

জোনমণিৰ মৃত্যুৰ ৰহস্য ভেদ হ'বনে? কিমান দূৰ আগবাঢ়িছে চি বি আইৰ তদন্ত

ডিজিটেল সংবাদ, নগাঁওঃ কিমাৰ দূৰ আগবাঢ়িছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আইৰ তদন্ত? নগাঁৱত বাহৰ পাতি কি কৰি আছে দিল্লীৰ পৰা অহা তদন্তকাৰী চি বি আইৰ দলে ? এই প্ৰশ্ন জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যক লৈ উদ্বিগ্ন প্ৰতিজন লোকৰ। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমত উপস্থিত হোৱা চি বি আই দলৰ প্ৰতিটো গতি বিধি প্ৰথম অৱস্থাত সংবাদ মাধ্যমে যেনেদৰে প্ৰচাৰ কৰি আহিছিল সময় বাগৰাৰ লগে লগে সেয়া নোহোৱা হৈ আহিল।

সামাজিক মাধ্যমতো জোনমণিৰ মৃত্যু ৰহস্যক লৈ চৰ্চা কমি আহিছে৷ উল্লেখযোগ্য যে যোৱা ১৫ জুনত অসমলৈ অহা চি বি আইৰ দলটোৱে প্ৰথম অৱস্থাত ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছিল যদিও হঠাৎ লেহেমীয়া হৈ পৰিছে তদন্ত প্ৰক্ৰিয়া। সকলোৰে মনত প্ৰশ্ন, জোনমণি ৰাভাৰ মৃত্যু ৰহস্য চি বি আইয়ে ভেদ কৰিবলৈ সক্ষম হ'বনে, নে আন বহু ঘটনাৰ দৰে এই ঘটনাও ৰহস্যৰ আৱৰ্ততে থাকি যাব৷ গেঠেলা মাৰিছে নেকি জোনমণি মৃত্যুৰ তদন্ত? জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত কিয় লেহেমীয়া হৈ পৰিছে? বিগত এসপ্তাহ ধৰি চি বি আইৰ কোনো গতিবিধি জানিব পৰা হোৱা নাই। নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ এটা ১২ জনীয়া দলে বাহৰ পাতি আছে। পুনৰ তিনিজনীয়া এটা কাৰিকৰী দল আহি নগাঁৱত উপস্থিত হৈছেহি। জোনমণি ৰাভাৰ মৃত্যুৰ স'তে নাম সাঙোৰ খোৱা কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াক এতিয়াও চি বি আইয়ে জেৰা কৰাৰ কথা প্ৰকাশ পোৱা নাই। বৰ্তমান তদন্তকাৰী চি বি আইৰ দল নগাঁও আৱৰ্ত ভৱনতে আছে। বিগত এসপ্তাহ ধৰি নীৰৱ হৈ আছে চি বি আইৰ দলটো। এতিয়াও চি বি আইয়ে জেৰা কৰা নাই লীনা দলে, ৰুণা নেওগ, ৰূপজ্যোতি কলিতা আৰু ত্ৰিদিৱ কুম্বাঙৰ দৰে উচ্চপদস্থ বিষয়াক।