Logo
image

সাংবাদিকক দুৰ্ব্যৱহাৰ সাতগাঁও আৰক্ষীৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৮ জুলাইঃ অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীত আৰক্ষী আয়ুক্তালয় স্থাপন কৰাৰ পাছতো মহানগৰীৰ এখন আৰক্ষী থানাৰ এজন ভাৰপ্ৰাপ্ত বিষয়াই সৌজন্যমূলক সাক্ষাতো নকৰিলে একাংশ সাংবাদিকক৷ ১৭ মে’ত সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তালতলা অঞ্চলত সংঘটিত এটা দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত জ্যেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ যায়৷ কিন্তু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ৰহমানক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ কানাইয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰবেশত বাধা দিয়াৰ লগতে সাংবাদিকজনৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি লৈ যায়৷ পিছত আৰক্ষী বিষয়াজনে সাংবাদিকক কৰা এনে ব্যৱহাৰৰ কথা সদৰী হোৱাৰ পিছত শুকুৰবাৰে পূব গুৱাহাটী প্ৰেছ ক্লাবৰ এটা সজাতি দলে থানালৈ যায়৷ সাংবাদিকৰ দলটোৱে আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াজনক সাক্ষাতৰ অনুমতি বিচৰাৰ সময়তে আৰক্ষী বিষয়াজনে সাংবাদিকসকলৰ কেমেৰা, মাইক্ৰ’ফোন, বেগ আদি থানাৰ বাহিৰত থৈ আহিবলৈ কৈ পঠিয়াই৷ সাংবাদিকৰ দলটোয়ে সেই মতে কেমেৰা, মাইক্ৰ’ফোন, বেগ আদি থানাৰ অন্য এটা কোঠাত থৈ আৰক্ষী বিষয়াজনক সাক্ষাৎ কৰিব বিচাৰে৷ ইয়াৰ পিছত আকৌ সাংবাদিকৰ দলটোক তেওঁলোকৰ মোবাইল ফোন বাহিৰত থৈ অহাৰ বাবে নিৰ্দেশ দিয়ে আৰক্ষী বিষয়াজনে৷ বিভিন্ন অজুহাতেৰে প্ৰায় ১ ঘণ্টাৰ অধিক সময় সাংবাদিকৰ দলটোক বাহিৰত ৰখাই থোৱাত অতিষ্ঠ হৈ সাংবাদিকৰ দলটোয়ে  থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে এনে দুৰ্ব্যবহাৰৰ উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ ইফালে, সাংবাদিকক দুৰ্ব্যৱহাৰৰ ঘটনাক গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে৷