Logo
image

ন-ৰূপ পাব নৱগ্ৰহেঃ সৌন্দৰ্যবৰ্ধনৰ বাবে ৪ কোটি টকা আবণ্টনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ন-ৰূপ পাব নৱগ্ৰহ মন্দিৰ, নৱগ্ৰহ শ্মশানে। শনিবাৰে নৱগ্ৰহ মন্দিৰ আৰু নৱগ্ৰহ শ্মশান পৰ্যৱেক্ষণৰ পাছত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মীয় পৰ্যটনস্থলী হিচাপে নৱগ্ৰহ মন্দিৰক গঢ়ি তোলা হ’ব ৷ নৱগ্ৰহ মন্দিৰ পৰিচালন সমিতিৰ পৰা মন্দিৰৰ আন্তঃগাঁথনিৰো বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ নৱগ্ৰহ মন্দিৰ লগতে ভিমাশংকৰ মন্দিৰকো ধৰ্মীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে অসমত পৰ্যটনৰ অন্যতম কেন্দ্ৰ বিন্দু হৈছে ধৰ্মীয় অনুষ্ঠান। ধৰ্মীয় অনুষ্ঠানবোৰ উন্নতি হ’লে অসমত পর্যটক বাঢ়িব৷ যাৰ বাবে কামাখ্যা মন্দিৰত ক'ৰিডৰ নিৰ্মাণ কৰা হ’ব, বটদ্ৰৱা থানখনো নতুনকৈ নিৰ্মাণ কৰা হ’ব। পৰ্যটনৰ ক্ষেত্ৰ হিচাপে অসমখনক গঢ় দিয়াৰ বাবে ধৰ্মীয় অনুষ্ঠানসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ 

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱগ্ৰহ মন্দিৰটো জ্যোতি শাস্ত্ৰৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হ’ব। তদুপৰি নৱগ্ৰহ মন্দিৰলৈ শিলপুখুৰী হৈ অহা পথটো নিৰ্মাণ কৰাৰ লগতে পূজাৰীসকলৰ বাবে বাসগৃহ নিৰ্মাণ কৰা হ’ব। নৱগ্ৰহ শ্মশানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৪ কোটি টকা আবণ্টন দিয়াৰ কথাও ঘোষণা কৰে  মুখ্যমন্ত্ৰীয়ে ৷ আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব ইয়াৰ কাম ৷ শ্মশানখনত মৃতদেহ জ্বলোৱাৰ বাবে ১১ টা স্থান থাকিব। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰা সকলৰ বাবে পৃথকে ব্যৱস্থা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ কুইন ওজা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু মেয়ৰ মৃগেন শৰণীয়াই ৷