Logo
image

সাংবাদিকক দুৰ্ব্যৱহাৰঃ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ দাবী

ডিজিটেল সংবাদ, গুৱাহাটীঃ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে বিভিন্ন দল-সংগঠনৰ সহযোগত শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী সাংবাদিকসকলে আৰক্ষীৰ মইমতালী নচলিব, সাংবাদিক নিৰাপত্তা সুনিশ্চিত কৰক, জনসাধাৰণৰ সৈতে সাংবাদিক সম্পৰ্ক মধুৰ কৰক, সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাৰ বৃত্তিত জড়িত থকা লোকক যদি  আৰক্ষীয়ে এনেধৰণৰ ব্যৱহাৰ কৰে, তেনেহলে এইখন মহানগৰীত সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা কিমান সুনিশ্চিত হব। অনাহকতে কৰ্তব্যৰত সাংবাদিক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ এনে ব্যৱহাৰ সুস্থ গণতন্ত্ৰৰ পৰিচায়ক নহয় বুলি মন্তব্য কৰি  এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায়।

ইফালে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে৷ উল্লেখ্য যে যোৱা ১৭ মে'ত সাতগাঁও থানা এলেকাত সংঘটিত এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত জেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ গৈছিল। তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰৱেশত বাধা দিয়াৰ লগতে সাংবাদিকগৰাকীৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি নি তালাচী চলাই অযথা হাৰাশাস্তি কৰে। পিছত আৰক্ষী বিষয়াৰ এনে দুৰ্ব্যৱহাৰৰ বিষয়ে পূব গুৱাহাটী প্ৰেছ ক্লাবক অৱগত কৰে।

বিষয়টোৰ সন্দৰ্ভত যোৱা ৭ জুলাই অৰ্থাৎ কালি দিনৰ ভাগত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি ১৫ জনীয়া সাংবাদিক দল সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সৌজন্যমূলক সাক্ষাৎ কৰাৰ বাবে থানা চৌহদত উপস্থিত হয়। কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে নানা অজুহাত দেখুৱাই সাংবাদিকৰ দলটোক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে। প্ৰায় ১ ঘণ্টা সময় ধৰি অপেক্ষা কৰি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সাক্ষাতৰ  অনুমতি নাপায় অপমান বোধ কৰি সেই স্থান পৰিত্যাগ কৰে। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বন কৰাৰ দাবী তুলি সাংবাদিক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা  এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা ৰীণা বৰুৱা কলিতা, নাৰেঙ্গী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰা, সমাজ কৰ্মী প্ৰদীপ কলিতা, নুনমাটি ছাত্ৰ সন্থা, নাৰেঙ্গী ছাত্ৰ সন্থা, সাতগাঁও ছাত্ৰ সন্থা, জু- নাৰেঙ্গী  ছাত্ৰ সন্থা, নাৰেঙ্গী বনিক সন্থাৰ প্ৰতিনিধি তথা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ  সাংবাদিক আৰু সংবাদ কৰ্মী  উপস্থিত থাকে ।