Logo
image

উক্তি-বক্ৰোক্তি

তেলেংগানা ৰাজ্যখন নতুন হ’ব পাৰে, কিন্তু তেলেংগানাৰ বাসিন্দাৰ দেশৰ ইতিহাসলৈ অৱদান প্ৰভূত আছে৷ ভাৰতৰ ইতিহাসক তেওঁলোকে বৰ্ণাঢ্য কৰি ৰাখিছে৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

মোৰ চাৰি দশকজোৰা ৰাজহুৱা জীৱনত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত কেতিয়াও আমেৰিকাৰ ৰাষ্ট্ৰদূতে এনেদৰে মাত মতা শুনা নাছিলোঁ৷ মণিপুৰৰ গোষ্ঠীসংঘৰ্ষক লৈ মাৰ্কিন ৰাষ্ট্ৰদূতে কৰা হস্তক্ষেপৰ ক্ষেত্ৰত নতুন দিল্লীয়ে জৰুৰীভাৱে পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন৷ নতুন দিল্লীয়ে মাৰ্কিন ৰাষ্ট্ৰদূতৰ এই হস্তক্ষেপৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ 
– কংগ্ৰেছ নেতা মনীষ তিৱাৰী

মোৰাৰজী দেশাই কিমান বয়সত প্ৰধানমন্ত্ৰী হৈছিল জানানে? মই টায়াৰ্ডো নহয়, ৰিটায়াৰ্ডো নহয়৷ মই প্ৰধানমন্ত্ৰী হ’বলৈ নিবিচাৰোঁ৷ মোৰ উদ্দেশ্য কেৱল জনসাধাৰণৰ সেৱা কৰা৷ তাৰ বাবে বয়স বঢ়া-কমাৰ কোনো সম্পৰ্ক নাই 
– এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ

পানীৰ পাইপ ফুটাটো স্বাভাৱিক ঘটনা৷ কেৰালা-দিল্লীতো ফুটে পানীৰ পাইপ৷ 
– অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ বিজেপি চৰকাৰত থকা বেছিভাগ মানুহ ২০১৫লৈ কংগ্ৰেছত আছিল৷ কংগ্ৰেছ দলটো নিঃশেষ কৰি তেওঁলোক বিজেপিলৈ আহিছিল৷ তেওঁলোকৰ স্বভাৱ সলনি হোৱা নাই৷ 
– বিজেপিৰ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

আমাৰ দেশ আৰু ৰাজ্য এনে কিছুমান নেতাৰ দ্বাৰা পৰিচালিত, যাৰ প্ৰাথমিক শিক্ষাখিনিও নাই৷ তেওঁলোকৰ কোনো পঢ়া-শুনা নাই৷ 
– নৱম অনুত্তীৰ্ণ বলীউডৰ অভিনেত্ৰী কাজল

মই এটা ডাঙৰ ভুল কৰিলোঁ৷ সেই ভুল মই স্বীকাৰ কৰিছোঁ৷ মই কৰযোৰে দেশৰ সকলো দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷ বজৰংগবলী, মোক ক্ষমা কৰি দিবা৷
– আদিপুৰুষৰ সংলাপ ৰচক মনোজ মুন্তাছিৰ

যেতিয়া দেশৰ হৈ সৰ্বশ্ৰেষ্ঠ উজাৰি দিবলগীয়া হয়, তেনে পৰিস্থিতিত মই মেছি আৰু ৰনাল্ডোকো পৰাভূত 
কৰিব পাৰিম৷ 
– ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী

খৰ্গেই মোক ক্ষমা কৰা আৰু পাহৰি যোৱাৰ পৰামৰ্শ দিছে৷ সেয়া একপ্ৰকাৰ নিৰ্দেশো৷ অশোক গেহলটজী মোতকৈ বয়সত প্ৰবীণ আৰু অভিজ্ঞ৷ তেওঁৰ কান্ধত বহু দায়িত্ব আছে৷ সেয়ে মই তেওঁক সমৰ্থন কৰি আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ৷ 
– ৰাজস্থানৰ বিদ্ৰোহী কংগ্ৰেছ  বিধায়ক শচীন পাইলট