Logo
image

গুলী, বোমা, বেলট লুট! বংগ ৰক্তাক্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জুলাইঃ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শাসক আৰু বিৰোধী প্ৰত্যেকটো ৰাজনৈতিক দলেই  তৃণমূল পৰ্যায়ত নিজৰ শক্তি পৰীক্ষা কৰাৰ সুযোগ থকা পশ্চিমবংগৰ তিনিখলপীয়া পঞ্চায়ত নিৰ্বাচন অভাৱনীয় ৰক্তাক্ত সংঘৰ্ষৰে শনিবাৰে সম্পন্ন হৈছে৷ পুৱা ৭ বজাৰ পৰা হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণত সন্ধিয়া পৰ্যন্ত কমেও ১৭ জন লোকৰ মৃত্যুৰ বাতৰি আহিছে৷ নিহতৰ সংখ্যা সন্ধিয়ালৈকে প্ৰকাশিত বাতৰিৰ তুলনাত দুগুণ কিম্বা তিনিগুণো হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ কেৱল মৃত্যুৱেই নহয়, অবাধ হিংসা, বেলট বাকচ লুট আৰু ৰক্তক্ষয়ী ঘটনাৰে সম্পন্ন হৈছে ৰাজ্যখনৰ এই নিৰ্বাচন৷ উল্লেখ্য, অতিসম্প্ৰতি অনুষ্ঠিত পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত হিংসা সংঘটিত হ’লেও বিগত কুৰি বছৰত নিৰ্বাচনৰ দিনা ইমানসংখ্যক মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাছিল৷ শেষবাৰৰ বাবে চিপিএম নেতৃত্বাধীন বাওঁমৰ্চাৰ চৰকাৰৰ শাসনকালত ২০০৩ চনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত পশ্চিমবংগত একেদিনাই ৩০ জন লোকৰ মৃত্যু হৈছিল৷ ইয়াৰ পাছৰ প্ৰত্যেকটো নিৰ্বাচনত, আনকি মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ শাসনকালতো হিংসাত্মক ঘটনা সংঘটিত হ’লেও একেদিনাই ইমানসংখ্যক লোকৰ মৃত্যু হোৱা নাছিল৷ এইবাৰ যোৱা ৮ জুনত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা ভোটগ্ৰহণৰ আগদিনালৈকে ৰাজ্যখনত শাসক আৰু বিৰোধীৰ  সংঘৰ্ষত মুঠতে ১৫ জনৰো অধিক সমৰ্থকৰ মৃত্যু হৈছিল৷ শনিবাৰে নিৰ্বাচনৰ দিনটোত এদিনতে নিহতৰ সংখ্যা ১৭ জন হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে নিহত ১৭জনৰ ভিতৰত ১০ জনেই হৈছে তৃণমূল কংগ্ৰেছৰ সদস্য বা সমৰ্থক৷ আিজ নিহত তিনিজন হৈছে চিপিএমৰ সদস্য৷ আনহাতে, কংগ্ৰেছ আৰু বিজেপিৰ এজনকৈ সমৰ্থক নিহত হৈছে৷ আজিৰ দিনটোত নিহত হোৱা আন দুজন ব্যক্তি কোন ৰাজনৈতিক দলৰ সৈতে জড়িত সেয়া এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই৷ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ দহজনকৈ সমৰ্থকৰ মৃত্যুৰ ঘটনা পশ্চিমবংগৰ ৰাজনীতিত অতি তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে৷ কিয়নো ইয়াৰ পূৰ্বে ৰাজ্যখনত নিৰ্বাচনকেন্দ্ৰিক হিংসাত নিহত হয় সাধাৰণতে বিৰোধী দলৰ সদস্য৷ তৃণমূল কংগ্ৰেছৰ শাসনকালতো ইয়াৰ আগলৈকে তেনে ঘটনাৰ ব্যতিক্ৰম হোৱা নাছিল৷ অৰ্থাৎ তৃণমূলৰ সমৰ্থকৰ হাতত মৃত্যুবৰণ কৰিছিল বিৰোধী সমৰ্থকে৷ চিপিএম নেতৃত্বাধীন বাওঁমৰ্চা চৰকাৰৰ একেবাৰে শেষৰ পিনে নিৰ্বাচনকেন্দ্ৰিক হিংসাত গিৰষ্ঠসংখ্যক  বাওঁমৰ্চাৰ সমৰ্থক মৃত্যুমুখত পৰিছিল৷ অৰ্থাৎ সেই সময়ত বিৰোধী দল, তৃণমূল কংগ্ৰেছৰ সমৰ্থকে চিপিএমক উভতি ধৰি সংঘৰ্ষত লিপ্ত হৈছিল আৰু তাৰ ফলত চিপিএমৰ উগ্ৰ সমৰ্থক পিছ হুহকিবলগীয়া হৈছিল৷ তাৰ পাছতে ৰাজ্যত ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল আৰু তৃণমূল কংগ্ৰেছ শাসনলৈ আহিছিল৷ আজি পঞ্চায়ত নিৰ্বাচনৰ দিনটোত ৰাজ্যখনত গৰিষ্ঠসংখ্যক তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মৃত্যু শাসনাধিষ্ঠিত দলটোৰ বাবে অশনি সংকেত হিচাপে  চিহ্নিত হোৱা বুলি চৰ্চা হৈছে৷ কিয়নো বিভিন্ন স্থানত বিজেপিৰ সমৰ্থক আৰু কংগ্ৰেছৰ সমৰ্থকে তৃণমূল কংগ্ৰেছৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আজি থিয় দিয়ে আৰু উভয় পক্ষৰ মাজত সংঘৰ্ষ হয়৷ তেনে একাধিক সংঘৰ্ষত অধিক ক্ষতিগ্ৰস্ত হয় তৃণমূল কংগ্ৰেছ৷ 

পশ্চিমবংগত শনিবাৰে তিনিখলপীয়া পঞ্চায়ত নিৰ্বাচনত মুঠতে  ৭৩,৮৮৭ খন আসনৰ বাবে ২.০৬ লাখ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ইয়াৰে ৬৩,২২৯ খন আসন হৈছে গাঁও পঞ্চায়তৰ ৯,৭৩০ খন আসন হৈছে পঞ্চায়ত সমিতিৰ৷ আনহাতে ২০ খন জিলাৰ মুঠতে ৯২৮ খন  জিলা পৰিষদৰ আসনৰ বাবেও শনিবাৰে ভোটগ্ৰহণ হৈ যায়৷ পঞ্চায়তৰ এই নিৰ্বাচনত ৬০০ টা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৭০ হাজাৰৰ  অধিক জোৱানক নিয়োজিত কৰা হয়৷ তদুপৰি পঞ্চাশ সহস্ৰাধিক পশ্চিমবংগৰ আৰক্ষীৰ জোৱানক নিৰ্বাচনৰ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু এই বিশালসংখ্যক নিৰাপত্তা বাহিনী নিয়োগ কৰিও ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ হিংসা বন্ধ কৰাটো সম্ভৱ হৈ নুঠিল৷ সমগ্ৰ ৰাজ্যজুৰি আজিৰ নিৰ্বাচনত অবাধ হিংসা সংঘটিত হয়৷ কেৱল গুলীয়াগুলীৰ ঘটনাতে এই নিৰ্বাচন থমকি ৰোৱা নাছিল৷ ৰাজ্যৰ বিভিন্ন স্থানত হাতেৰে বনোৱা বোমা আৰু অন্যান্য আগ্নেয়াস্ত্ৰৰে  দুষ্কৃতিকাৰীয়ে ভোটাৰক ভীতি প্ৰদান কৰি নিজেই ভোট কেন্দ্ৰত সোমাই নিজৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে৷ অসংখ্য ভোটকেন্দ্ৰৰ পৰা বেলট বাকচ লুট কৰি লৈ যোৱা হয়৷ বহু ভোটগ্ৰহণ কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে বেলট বাকচত জুই লগাই বেলট কাগজ জ্বলাই ভস্মীভূত কৰে৷ কিছুসংখ্যক ভোট কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে বেলট বাকচত পানী ঢালি সকলো বেলট নষ্ট কৰি দিয়ে৷ অৰ্থাৎ সমগ্ৰ দিনটো অতিবাহিত হয় গুলী, বোমা, বেলট লুট কাৰ্যৰে৷ সামগ্ৰিকভাৱে সমগ্ৰ পশ্চিমবংগ পঞ্চায়ত নিৰ্বাচনৰ দিনটোত ৰক্তাক্ত হৈ পৰে৷ 

২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত শাসনাধিষ্ঠিত তৃণমূলৰ কংগ্ৰেছে ইমানেই প্ৰতাপ দেখুৱাইছিল যে তেওঁলোকে ৩৪ শতাংশ আসনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল৷ বাকী থকা আসনসমূহৰ নব্বৈ শতাংশও তৃণমূল কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল৷ বিৰোধী দলক মনোনয়ন প্ৰদানত তৃণমূল কংগ্ৰেছে বাধাদান কৰিছিল৷ এইবাৰ তৃণমূল কংগ্ৰেছে বিৰোধী দলক মনোনয়ন প্ৰদানত বাধা নিদিয়ে বুলি আগতে প্ৰতিশ্ৰুতি দিছিল৷ ইয়াৰ ফলত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ সংখ্যা ২ লাখৰো অধিক হৈছিল৷ আজি নিৰ্বাচনৰ অন্তত বিৰোধী ৰাজনৈতিক দলে অভিযোগ কৰিছে, নিৰ্বাচনৰ আগনিশাই তৃণমূল কংগ্ৰেছে বলপ্ৰয়োগ কৰি ৰাজ্যৰ প্ৰায় সকলো নিৰ্বাচনী কেন্দ্ৰত নিজৰ ইচ্ছানুসৰি বেলট বাকচত ভোট দান কৰে৷ তাৰ বাবে তৃণমূল কংগ্ৰেছে সলনা-সলনিকৈ এখন জিলাৰ পৰা আন এখন জিলালৈ বাহুৱলী সমৰ্থকক হাতত অস্ত্ৰ-শস্ত্ৰ দি প্ৰেৰণ কৰে৷ পুৱা সূৰ্যোদয়ৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ তেনে বাহিনীয়ে এই নতুন কৌশল ব্যৱহাৰ  কৰি অভূতপূৰ্ব ৰিগিঙৰ জৰিয়তে নিজৰ বিজয় সাব্যস্ত কৰা বুলি বিৰোধী ৰাজনৈতিক দলে অভিযোগ তুলিছে৷ কিয়নো সমগ্ৰ ৰাজ্যৰ ৪০ হাজাৰৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত বিৰোধী দলৰ সমৰ্থকে শনিবাৰে ভোট দিবলৈ গৈ দেখে যে, ইতিমধ্যে তেওঁলোকৰ ভোটদান সম্পন্ন হৈ গৈছে৷ অৱশ্যে এই অভিযোগ কিমান সত্য সেয়া পাছতহে প্ৰমাণ হ’ব৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে, নিৰ্বাচনী হিংসাত তেওঁলোকৰ  অধিক সমৰ্থকৰ মৃত্যু হৈছে৷ অৰ্থাৎ তৃণমূল কংগ্ৰেছে এই নিৰ্বাচনত অসৎ উপায় অৱলম্বন কৰা নাই৷ বৰং বিৰোধী দলেহে অবৈধভাৱে পঞ্চায়ত নিৰ্বাচনত ৰিগিং কৰি বিজয়ৰ চেষ্টা চলাইছে৷