Logo
image

অসমলৈ পলাই আহিল প্ৰায় ৫০০ বিজেপি কৰ্মী

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধি আৰু আগমনিৰ প্ৰতিবেদক, ৯ জুলাইঃ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয়৷ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ এদিন আগৰে পৰা হিংসাত্মক ঘটনাই উত্তপ্ত কৰি তোলে সীমামূৰীয়া জিলা কোচবিহাৰ৷ অকল তাকে নহয় নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন অঞ্চলত, ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় ভয়ংকৰ হিংসাত্মক ঘটনা৷ শাসক -বিৰোধী দলৰ আক্ৰমণত বহুকৰ্মীয়ে প্ৰাণ হেৰুৱায়৷ বহুতো কৰ্মী সমৰ্থকৰ ঘৰ-দুবাৰ ভাঙি লণ্ড-ভণ্ড কৰি দিয়া হয়৷ ইয়াক লৈ সীমামূৰীয়া কোচবিহাৰ জিলাত আতংক-উত্তেজনাই বিৰাজ কৰে৷ প্ৰাণৰ মায়াত বিজেপিকৰ্মী-সমৰ্থকসকলে পশ্চিম বংগৰ পৰা ধুবুৰী জিলাৰ অসম পশ্চিম-বংগৰ সীমান্ত অঞ্চল অতিক্ৰম কৰি অসমত আশ্ৰয়গ্ৰহণ কৰে৷ তৃণমূল কংগ্ৰেছৰ একাংশ নেতা-কৰ্মী বিজেপিকৰ্মীৰ ঘৰত আক্ৰমণ চলোৱাৰ আশংকাত নিৰাপদ আশ্ৰয়ৰ সন্ধানত তেওঁলোক অসমত প্ৰৱেশ কৰে৷ ভোট দিবলৈ গৈ তৃণমূল কৰ্মীৰ মৃত্যুৰ ভাবুকিত শ শ বি জে পিকৰ্মী, ভোটাৰ অসমৰ ভামুন ডাঙ্গাত আশ্ৰয়গ্ৰহণ কৰে৷ ভোট কেন্দ্ৰত তৃণমূল কৰ্মীৰ গুণ্ডাৰাজত কোলাত সন্তানক লৈ খেতি-পথাৰেৰে দৌৰি অসমত প্ৰৱেশ কৰি কোনোমতে জীৱনৰক্ষা কৰে মহিলা ভোটাৰসকলে৷ উল্লেখ্য, ধুবুৰী জিলাৰ আগমনি থানাৰ বংগ সীমান্ত এলেকাত পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক হিংসাত খেদা খাই ৫ শতাধিক বিজেপি সমৰ্থক আৰু কৰ্মী অসমৰ বিভিন্ন অঞ্চলত আশ্ৰয়গ্ৰহণ কৰিছে৷ জানিব পৰা মতে, কাষৰীয়া বালাভুত গাওঁ পঞ্চায়তৰ ২৪৪, ২৪৫ নং গোপালেৰকুঠী বুথ, ২৪৯, ২৫০, ২৫১, আৰু ২৫২ নং ঝাউকুঠী বুথত শনিবাৰে পুৱাৰ পৰা ভোটগ্ৰহণ চলি আছিল৷ দুপৰীয়া বালাভুত অঞ্চলৰ পৰা তৃণমূল কংগ্ৰেছৰ এটা বৃহৎ দল হাতে হাতে যাঠি জোং পিষ্টল লৈ ভোট কেন্দ্ৰসমূহ দখল কৰিবলৈ আৰম্ভ কৰে৷ বিজেপি সমৰ্থকসকলক দাবী ধমকি দিয়াৰ লগতে হত্যাৰ ভাবুকি দিয়ে৷ উপায়ন্তৰ হৈ বিজেপি কৰ্মী-সমৰ্থকসকল ভোটকেন্দ্ৰ এৰি পলায়ন কৰিবলৈ বাধ্য হয়৷ ইয়াৰ সুযোগ লৈ তৃণমূল কংগ্ৰেছৰ সমৰ্থকে চিচি কেমেৰা বন্ধ কৰি নিজে নিজে ভোটদান কৰে৷ পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকাত ৫ শতাধিক বিজেপিৰ কৰ্মী-সমৰ্থক অসমত প্ৰৱেশ কৰি অসম-বংগ সীমান্তৱৰ্তী ভামনডাঙা, খেৰবাৰী, ৰণপাগলী ৰামৰাইকুঠী আদি অঞ্চলত আশ্ৰয় লয়৷ দুয়োখন সীমামূৰীয়া অঞ্চলত বৰ্তমানো বহু আতংকিত লোকে আত্মগোপন কৰি আছে আৰু প্ৰয়োজনবশতঃ অসমত প্ৰৱেশৰ বাবে সাজু হৈ আছে৷ আজিৰ ঘটনাত গোপালেৰকুঠী আৰু ঝাউকুঠী মিলি দহজনৰো অধিক আহত হোৱাৰ খবৰ পোৱা গৈছে৷