Logo
image

সংগীতা-ৱালিউলৰ যৌন বিকৃতিৰ বলি হৈছিল দুই শিশু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ জুলাইঃ তোলনীয়া দুই সন্তানক যৌন নিৰ্যাতন চলোৱা গুৱাহাটীৰ হাইপ্ৰ’ফাইল চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ নৃশংসতাৰ কাহিনী অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিবিষ্ট কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ চিকিৎসক দম্পতীৰ ঘৃণনীয় কাহিনী শুনিলে আপোনাকো শিহৰিত কৰি তুলিব৷ দেৱতুল্য শিশু দুটিক ধনৰ বিনিময়ত ক্ৰয় কৰি পিতৃ-মাতৃৰ মৰম দিয়াৰ অচিলাৰে ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে বিকৃত যৌন ক্ষুধা পূৰণ কৰিছিল৷ তদন্তকাৰী পল্টনবজাৰ আৰক্ষীয়ে কন্যা শিশুটিৰ নিৰ্যাতনৰ অভিযোগত ৰুজু কৰা ১১৭/২০২৩ নম্বৰৰ গোচৰটোত শেহতীয়াকৈ আদালতত দাখিল কৰা ২৩ পৃষ্ঠাৰ অভিযোগনামাত চিকিৎসক দম্পতীৰ কলংকিত কাহিনী বৰ্ণনা কৰিছে৷ দেৱতুল্য শিশু দুটিক জন্মৰ পাছতেই অবৈধভাৱে ‘দত্তক’ ল’লেও প্ৰতিদিনেই পাশৱিক নিৰ্যাতন চলাইছিল ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে৷ বিকৃত যৌন ক্ষুধা পূৰণত ব্যৱহাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰা বিতৰ্কিত চিকিৎসক দম্পতীয়ে হত্যাৰ পৰিকল্পনাৰে কন্যা শিশুটিক প্ৰখৰ ৰ’দত ঘৰৰ চাদত বান্ধি হৈ শাস্তি বিহিছিল৷ ডাঃ সংগীতাৰ নিৰ্দেশতে বনকৰা দুই মহিলাই চাদৰ ওপৰত বান্ধি হিটষ্ট্ৰ’কত মৃত্যুৰ দিশে ঠেলি দিছিল৷ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম দুয়োজনৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ধাৰাত গোচৰ ৰুজু কৰিছে৷ তদুপৰি হত্যাৰ চেষ্টা চলোৱা ধাৰাকে ধৰি মুঠ ১০ টা আই পি চি ধাৰা আৰু তিনিটা জুভেইনাল জাষ্টিচ এক্টৰ ধাৰা আৰোপ কৰিছে৷  অভিযোগনামাত চিকিৎসক দম্পতীক কন্যা শিশুটিক হত্যাৰ চেষ্টাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা, যৌন শোষণৰ বাবে শিশু সৰবৰাহৰ অভিযোগত ৩৭০(৫) ধাৰা, ১২ বছৰ অনূধবৰ্ৰ শিশু বলাৎকাৰৰ অভিযোগ ৩৭৬ (এ-বি) ধাৰা, ঠগ-প্ৰৱঞ্চনাৰ অভিযোগত ৪৬৫ ধাৰা, ভুৱা নথি-পত্ৰৰ অভিযোগত ৪৭১ ধাৰা, শিশুক যৌন নিৰ্যাতনৰ অভিযোগত পক্‌ছ’ আইনৰ ৬/১৭ ধাৰা,  জুভেনাইল জাষ্টিচ আইনৰ অধীনত ধনৰ বিনিময়ত নৱজাতক ক্ৰয়, বেআইনীভাৱে শিশু ‘দত্তক’ লোৱা, জন্মৰ ভুৱা নথি-পত্ৰ প্ৰস্তুতৰ অভিযোগত ৭৫/৮০/৮১ ধাৰাত অভিযুক্ত কৰা হৈছে৷ 

অৱশ্যে অভিযোগনামাখনত ডাঃ সংগীতা দত্তৰ নাম ডাঃ সংগীতা দত্ত ইছলাম বুলিও উল্লেখ আছে৷ চিকিৎসক দম্পতীৰ ঘৰত মুঠ তিনিগৰাকী বনকৰা মহিলা আছিল যদিও ইয়াৰে এগৰাকীক সাক্ষী হিচাপে লৈ বাকী লক্ষী ৰায় আৰু কাবায়া কামেংলং নংগ্ৰামক অভিযুক্ত কৰা হৈছে৷ অভিযোগনামাত উল্লেখ কৰা মতে দালাল উৎপলা বসুৰ পৰা চিকিৎসক দম্পতীয়ে ৰ লাখ টকাত শিশু দুটি ক্ৰয় কৰিছিল৷ ছাৰ’গেচী চেণ্টাৰ খুলি ব্যৱসায় কৰিছিল উৎপলা বসুৱে৷ উৎপলা বসুৰ বিৰুদ্ধে আই পি চি ধাৰা আৰোপ কৰা হৈছে যদিও তেওঁৰ বিৰুদ্ধে পক্‌ছ’ ধাৰা আৰোপ কৰা হোৱা নাই৷ অভিযোগনামাখনত লগতে দুয়োটা শিশু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম পোৱা কথা উল্লেখ কৰিলেও শিশুদুটিৰ জৈৱিক পিতৃ-মাতৃৰ কোনো তথ্য সন্নিবিষ্ট কৰা নাই৷ দালাল উৎপলাৰ পৰা শিশু দুটি ক্ৰয় কৰাৰ পাছতেই গুৱাহাটীৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় উইণ্ট্ৰব হাস্পতালৰ নামত জন্মৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰিছিল৷ আৰক্ষী তদন্তত সেই প্ৰমাণ পত্ৰ ইতিমধ্যে ভুৱা বুলি স্পষ্ট হৈছে৷ লক্ষণীয়ভাৱে শিশু দুটিৰ জন্মৰ নাৰ্চিং হোমৰ ভুৱা প্ৰমাণ পত্ৰ দি গুৱাহাটীৰ উজানবজাৰৰ জন্ম-মৃত্যু পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা চৰকাৰী প্ৰমাণ-পত্ৰও সংগ্ৰহ কৰিছিল৷ আনকি ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰে বিদ্যালয়ত নামভৰ্তি কৰাৰ লগতে শিশুদুটিৰ পাচপ’ৰ্টৰ আৱেদন কৰিছিল৷ বৰ্তমান দুয়োটি শিশুৰে বয়স চাৰে তিনি বছৰ যদিও কন্যা শিশুটিক যৌন উৎপীড়নৰ পাছত আঘাতপ্ৰাপ্ত অংশত ঔষধ প্ৰয়োগ কৰাৰ কথাও উল্লেখ আছে অভিযোগনামাত৷ অভিযোগনামাখনত চিকিৎসক দম্পতীৰ বীভৎসতাৰ আন এক কাহিনীও উল্লেখ কৰিছে৷ মাতৃৰূপী ডাঃ সংগীতা দত্ত ইমানেই মমতাহীন মহিলা আছিল যে কন্যা শিশুটিয়ে বমি কৰিলে সেই বমি চেলেকি খাবলৈও বাধ্য কৰোৱাইছিল৷ চিচিটিভি ফুটেজত এই ঘৃণনীয় দৃশ্য বন্দী হৈছে৷ আনকি বমি নাখালে চকুত ভোট জলকীয়া সানি দিয়াৰ লগতে গুপ্তাংগত আঘাত কৰিছিল৷ কেৱল ইমানেই নহয়, নিষ্ঠুৰ চিকিৎসক দম্পতীয়ে শিশু দুটিক প্ৰায়ে অনাহাৰে পঠাইছিল বিদ্যালয়লৈ৷ বিদ্যালয়লৈ টিফিন দিও পঠোৱা নাছিল৷ ফুলকুমলীয়া শিশু দুটিয়ে কান্দিলেই গাত গৰম ইষ্ট্ৰী আৰু গৰম চামুচ গাত আৰু গুপ্তাংগত লগাই দিছিল৷ বিদ্যালয়ত কেইবাদিনো শিক্ষকে প্ৰত্যক্ষ কৰিছিল শিশুদুটিৰ গাত আঘাতৰ চিহ্ন৷ আৰক্ষীৰ আগত বিদ্যালয়ৰ অধ্যক্ষ আৰু স্বত্বাধিকাৰীয়েও এই সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিছে৷ গোচৰটোত মুঠ ৬৪ জন সাক্ষীৰ সাক্ষ্য লৈছে তদন্তকাৰী আৰক্ষীয়ে৷ অভিযোগনামাত প্ৰকাশ পোৱা মতে চিকিৎসক দম্পতীয়ে শিশু দুটিক চলোৱা নিৰ্যাতন ওচৰ-চুবুৰীয়াই প্ৰত্যক্ষ কৰিলে প্ৰত্যক্ষ দৰ্শীকো ভাবুকি প্ৰদান কৰিছিল৷ আনহাতে ল’ৰা শিশুটিৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ অভিযোগত পল্টনবজাৰ থানাই ৰুজু কৰা ২০১/২০২৩ নম্বৰৰ দ্বিতীয়টো গোচৰতো ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰিছে৷ উক্ত অভিযোগনামাতো ডাঃ সংগীতা আৰু ডাঃ ৱালিউলৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ৬ ধাৰা আৰোপ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭/৩২৫/৩২৬/৩৪১/৩৭০(৫)/৩৭৬/৪৬৫/৪৬৮ ধাৰাতো অভিযুক্ত কৰিছে৷ তদুপৰি শিশু ন্যায়িক আইনৰ ৭৫/৮০/৮১ ধাৰা আৰোপ কৰিছে চিকিৎসক দম্পতীৰ বিৰুদ্ধে৷ একেদৰে কাম কৰা মহিলা লক্ষী ৰায় আৰু কেম্পাইৰ বিৰুদ্ধে শিশুটিক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত আইপিচি ৩০৭ ধাৰা আৰোপ কৰাৰ লগতে আইপিচি ৩২৫/৩২৬/৩৪১/৫০১ ধাৰাতো অভিযুক্ত কৰিছে৷ একেদৰে দালাল উৎপলা বসুৰ বিৰুদ্ধে আইপিচি ৩৭০((৫)] ধাৰাৰ লগতে শিশু ন্যায়িক আইনৰ ৮০ আৰু ৮১ ধাৰা আৰোপ কৰিছে৷