Logo
image

পানীৰ পাইপ কেৰালা, দিল্লীতো ফুটে! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাইঃ জাইকাৰ পানীৰ পাইপ ফুটিয়েই আছে৷ পুনৰ শনিবাৰে জু-ৰোডত ফুটিল পানীৰ পাইপ৷ শ্ৰমিকে পাইপৰ কাম কৰি থকা সময়তে ফুটে পানীৰ পাইপ৷ জু-ৰোডৰ অপূৰ্ব সিনহা পথত তিনি শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে  এই দুৰ্ঘটনাটো সংঘটিত হয়৷ লক্ষণীয় যে সেই স্থানত নাছিল কোনো কাৰিকৰী বিষয়া৷ অৱশ্যে, সৌভাগ্যক্ৰমে এই পানীৰ পাইপ ফুটাৰ ঘটনা পূৰ্বে সংঘটিত হোৱা খাৰঘূলি বা ৰাজগড়ৰ দৰে ভয়াৱহ নহ’ল৷ উল্লেখ্য, পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নৱগ্ৰহ মন্দিৰ দৰ্শন কৰিবলৈ গৈ জাইকাৰ পানীৰ পাইপ ফুটিবই বুলি কৰা মন্তব্যৰ আধা ঘণ্টাৰ পাছতে সঁচাকৈয়ে জু-ৰোডত পুনৰ জাইকাৰ পাইপ ফুটে৷ জাইকাৰ পাইপ ফুটাক লৈ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছিল এনেধৰণৰ– ‘পানীৰ পাইপ ফুটিবই৷ আপোনালোকে গুগলত চাৰ্ছ কৰিলে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে৷ পানীৰ পাইপ ফুটাটো কোনোও ৰখাব নোৱাৰে৷ যোৱা বছৰ কেৰেলাত ২২ হাজাৰ পাইপ ফুটিছে৷ কিন্তু পাইপ ফুটিলে নিয়ন্ত্ৰণ কক্ষত লগে লগে গম পাব লাগে আৰু বন্ধ কৰিব লাগে৷ পানীৰ পাইপৰ ওপৰেদি ট্ৰাক গৈ থাকে, গাড়ী গৈ থাকে, বাইক গৈ থাকে– গতিকে পাইপ ফুটাটো ৰখাব নোৱাৰি৷ পানী যদি পাব লাগে পানীৰ পাইপ ফুটাৰ বাবেও আমি সাজু থাকিব লাগিব৷ আমি সৰুৰে পৰা জিএমচিৰ পাইপ ফুটা দেখিয়েই আছো৷ কিন্তু সমস্যাটো হ’ল ডেমেজ৷ যিটো খাৰঘূলীত হ’ল সেইটোক ডেমেজ বুলি কয়৷ লিক হোৱাৰ লগে লগে আমি পাইপ বন্ধ কৰিব নোৱাৰিলোঁ৷ বিষয়টো আমি আইআইটিক চাবলৈ দিছোঁ৷ পাইপ ফুটাৰ দুই-তিনি মিনিটৰ ভিতৰতে পানী বন্ধ হৈ যাব লাগিছিল৷ অইলৰ পাইপ ফুটিয়েই থাকে, কিন্তু তেওঁলোকে লগে লগে ডেমেজ কণ্ট্ৰোল কৰে৷ পাইপ ফুটিলে তেওঁলোকে কণ্ট্ৰোল ৰূমৰ পৰাই সকলো কথা গম পাই যায়৷’ লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ পানীৰ পাইপ ফুটাৰ বক্তব্যক বহুতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ‘বানপানী অসমতো হয়, আমেৰিকাতো হয়’ শীৰ্ষক বক্তব্যৰ লগত তুলনা কৰিছে৷ যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া কাৰ্যকালৰ অন্যতম বিশ্বস্ত সহযোগী আছিল, সেয়েহে তৰুণ গগৈৰ প্ৰভাৱতে তেওঁ পানীৰ পাইপ ফুটাৰ সন্দৰ্ভত একেধৰণৰ মন্তব্য কৰা বুলিও চৰ্চা হৈছে৷