Logo
image

চৰকাৰী অফিচকে বিবাহ ভৱনত পৰিণত কৰিলে বিজেপি নেতাই

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক, ৯ জুলাইঃ ধুবুৰী চৰকাৰী কাৰ্যালয় এটাত বিয়াৰ ভোজ-ভাত অনুষ্ঠিত হোৱা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ স্থানীয় সাংবাদিকৰ দল এটা নিগ্ৰহৰ সন্মুখীন হোৱাৰ ঘটনাক লৈ সৰ্বত্ৰই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সেই ঘটনাত জড়িত থকাসকলক অতিশীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত আনকি ক’লা বেজ পৰিধান কৰি ধুবুৰীস্থ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে স্থানীয় সাংবাদিকসকলে৷ অৱশ্যে সাংবাদিক নিগ্ৰহৰ ঘটনাত জড়িতক কৰায়ত্ত কৰাৰ বাবে ধুবুৰী সদৰ থানাত দাখিল কৰা এজাহাৰখন পঞ্জীয়ন কৰাৰ সমান্তৰালকৈ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনক আইন অনুসাৰে ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিয়া হোৱা বুলি জনাইছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে৷ 

উল্লেখ্য,  চহৰখনৰ এক নং ৱাৰ্ডৰ ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ দ্বিতীয় মহলাত বিয়া এখনৰ ভোজ-ভাতক লৈ দৰাঘৰীয়াৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱাৰ এক তথ্য লাভ কৰিছিল স্থানীয় সাংবাদিকসকলে৷ সেই তথ্যৰ ভিত্তিত নিশা আন দুগৰাকী সাংবাদিকসহ অসমৰ এটা চেটেলাইট চেনেলৰ ধুবুৰীস্থ সাংবাদিক আৰু ভিডিঅ’ জাৰ্নেলিষ্ট সন্তোষ ৰয় কাৰ্যালয়টোত উপস্থিত হৈছিল৷ অভিযোগ অনুসৰি, অঞ্চলটোৰেই যুৱক এজনৰ নেতৃত্বত উদণ্ড এচাম লোকে সংবাদকৰ্মীজনক অপ্ৰৰোচিতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ফলত ভিডিঅ’ জাৰ্নেলিষ্ট সন্তোষ ৰয়ে হাতত বেয়াকৈ আঘাত পায়৷ সমান্তৰালকৈ তেওঁৰ হাতত থকা চেটেলাইট চেনেলৰ ভিডিঅ’ কেমেৰাটো উদণ্ড যুৱকৰ দলটোৰ টনা-আঁজোৰা কৰাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্থ হয়৷ 

উল্লেখ্য, সাংবাদিক নিগ্ৰহৰ ঘটনাটোৰ নেতৃত্ব লোৱা যুৱকজনে সাংবাদিকৰ সেই দলটোৰ সন্মুখত ‘মই শাসকীয় পক্ষৰ মানুহ’ বুলি চিঞৰি চিঞৰি ওফাইডাং মাৰাৰ ভিডিঅ’ও উপস্থিত সাংবাদিক এজনৰ মোবাইলত লিপিবদ্ধ হোৱা বুলিও প্ৰকাশ পাইছে৷ ঘটনাটো অৱগত হোৱাৰ পাছত যোৱা নিশাই ধুবুৰীৰ সংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিষয়টো লৈ ধুবুৰী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী সাংবাদিক আৰু ভিডিঅ’ জাৰ্নেলিষ্ট দুয়োজনে৷  ধুবুৰীস্থ জিলা পৰিষদৰ কাৰ্যালয়ৰ কাষতে থকা এখন চাহ-মিঠাইৰ দোকানৰ মালিকপক্ষৰ এজন যুৱকৰ দুদিনপূৰ্বে সম্পন্ন হোৱা বিবাহৰ ভোজ-ভাতৰ আয়োজন কৰা হৈছিল জিলা পৰিষদৰ ওপৰ মহলাত৷ ইপিনে তথ্য মতে, বিগত ৩ জুলাইৰ দিনাই জিলা পৰিষদৰ সভাপতি আছাদুল ৰহমান আৰু কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী স্বাক্ষৰিত জেডপিডি-৩১৯/ৰেণ্ট/নিউ বিল্ডিং ২২-২৩/০২ নম্বৰৰ এক আদেশ পত্ৰযোগে দুহাজাৰ টকা ভাৰাত জিলা পৰিষদৰ কাৰ্যালয়টোৰ দ্বিতীয় মহলা দৰাপক্ষক ৰিচিপশ্বন পাৰ্টী পতাৰ বাবে অনুমতি দিয়া হৈছিল৷  ইপিনে এই ঘটনাই চৰকাৰী কাৰ্যালয় এটাৰ কোঠালী এইদৰে বিয়া-সবাহ আদিত ভাৰা দিব পাৰাৰ কোনো চৰকাৰী নিয়ম আছে নাই সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠি আহিছে এতিয়া৷ এনে প্ৰেক্ষাপটত,  সাংবাদিক নিগ্ৰহৰ সৈতে জড়িতসকলৰ বিৰূদ্ধে আইন অনুসাৰে ব্যৱস্থা লোৱাৰ সমান্তৰালকৈ সেই ভোজ-ভাত অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া সকলৰ বিৰুদ্ধেও বিভাগীয়ভাৱে ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা থকা বুলিও উচ্ছাৰিত হোৱা দেখা গৈছে৷