Logo
image

দিল্লীত বিৰোধী ঐক্যমঞ্চৰ সংবাদমেলঃ বিজেপিৰ এজেণ্ডাত কাম কৰিছে নিৰ্বাচন আয়োগে

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৯ জুলাইঃ নিৰ্বাচন আয়োগৰ শেহতীয়া কৰ্মকাণ্ডত জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহ৷ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰিবলৈ গৈ বিমুখ হোৱা ৰাজ্যৰ ১১টা ৰাজনৈতিক দলৰ ঐক্য মঞ্চই আজি নতুন দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াত এখন সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ নজিৰবিহীন সমালোচনা কৰে৷ বিৰোধী ঐক্য মঞ্চৰ বক্তব্য— বিজেপিৰ এজেণ্ডাত কাম কৰিছে নিৰ্বাচন আয়োগে৷ ২৫ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনসমূহৰ চূড়ান্ত শুনানী গ্ৰহণ কৰিব উচ্ছতম ন্যায়ালয়ে৷ ঐক্যমঞ্চৰ প্ৰশ্ন– শাসকীয় বিজেপিৰ লগত মিতিৰালি কৰি নিৰ্বাচন আয়োগে যি বৈতৰণী পাৰ কৰিব বিচাৰিছে সেই বৈতৰণী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠতো পাৰ কৰিব পাৰিব নে? চাৰিবাৰকৈ সাক্ষাৎ বিচাৰিও মুখ্য নিৰ্বাচন আয়ুক্ত কিম্বা আন কোনো আয়ুক্তৰ সাক্ষাৎ নাপাই আয়োগৰ কাৰ্যালয়ৰ সমুখতেই ধৰ্ণা তথা বিক্ষোভ প্ৰদৰ্শন কৰা বিৰোধী ঐক্যমঞ্চই সংবাদমেলত বিজেপি আৰু নিৰ্বাচন আয়োগ কেনেদৰে বিৰোধীৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে সেই কথা উদঙাই দিয়ে৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কি কাৰণে বিৰোধীয়ে নিৰ্বাচন আয়োগক বিশ্বাসত লব পৰা নাই তাৰ ব্যাখ্যা দাঙি ধৰে৷ বৰাৰ অভিযোগ, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াকলৈ কংগ্ৰেছ তথা বিৰোধী দলসমূহে উত্থাপন কৰা কোনো প্ৰশ্নৰে উত্তৰ দিব পৰা নাই আয়োগে৷ আনকি তেওঁলোকে উত্থাপন কৰা বিষয়সমূহ গ্ৰাহ্যই কৰা নাই আয়োগে৷ পূৰ্বতে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তুত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া স্থগিত ৰখা হৈছিল তেতিয়া দেশৰ ৰাষ্ট্ৰপতিয়ে ৰাজপত্ৰিত জাননীত যিবোৰ যুক্তি আগবঢ়াইছিল সেইবোৰ যুক্তিক বৰ্তমানৰ নিৰ্বাচন আয়োগে কেবল মাত্ৰ বিজেপিৰ হেঁচাত অগ্ৰাহ্য কৰা বুলি বৰাই সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেতিয়া কোৱা হৈছিল শুদ্ধ এন আৰ চি অবিহনে তথা ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি উন্নত নোহোৱালৈকে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নহব৷ পিছে এতিয়া কি হল? — প্ৰশ্ন ভূপেন বৰাৰ৷ ২৫ জুলাই উচ্ছতম ন্যায়ালয়ে লব লগীয়া চূড়ান্ত শুনানীৰ পূৰ্বেই ইমান খৰধৰকৈ আয়োগে কিয় খচৰাখন ৰাজহুৱা কৰিলে তাকলৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে৷ আনহাতে সংবাদমেলত অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ বক্তব্য— নিৰ্বাচন আয়োগৰ শেহতীয়া যি কৰ্মকাণ্ড সেয়া ৰাজনৈতিক হেঁচাৰ বাহিৰে আন একো নহয়৷ ৩০ ডিচেম্বৰত নতুন দিল্লীত কেবিনেট বৈঠক পাতি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্ত কৰাৰ কথা ঘোষণা কৰাৰ কেইটামান ঘণ্টা পাছত ১ জানুৱাৰীত নিৰ্বাচন আয়োগে ৰাজ্যৰ কোনো জিলা কিম্বা প্ৰাশাসনিক এলেকাৰ সীমা সলনি নকৰাৰ যি নিৰ্দেশনা প্ৰদান কৰিছিল তাৰ পৰাই এই কথা স্পষ্ট হৈ পৰে যে শাসকীয় দলৰ সৈতে নিৰ্বাচন আয়োগৰ মিতিৰালি কিমান দূৰলৈকে আগবাঢ়িছে৷ লুৰীণজ্যোতিৰ প্ৰশ্ন— ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ কিয়? ২০০১১ পাছত এতিয়ালৈকে ৰাজ্যত লাখ লাখ লোকৰ জনসংখ্যা তথা ভোটাৰ বৃদ্ধি পাইছে৷ এইসকল লোকক বাদ দি অতিশয় পুৰণা তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে কেনেদৰে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰে? ন্যায়ালয়ত এই প্ৰশ্ন উত্থাপিত হবই বুলি লুৰীণজ্যোতিয়ে মন্তব্য কৰি কয় যে ন্যায়িক যুঁজৰ লগতে আমি অসমৰ ৰাইজৰ ওচৰতো এই প্ৰশ্ন উত্থাপন কৰিম তথা ৰাজপথত নামিম৷ আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ বক্তব্য নিৰ্বাচন আয়োগে দৰাচলতে অসমৰ ৰাইজৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰিছে৷ কাৰণ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ক্ৰাইটেৰিয়া প্ৰস্তুত কৰিবলৈ গৈ ৰাজ্যৰ জিলাসমূহক যি তিনিটা ভাগত বিভক্ত কৰা হৈছে তাত কম জনসংখ্যা বহুল জিলাত আসন সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে অধিক জনসংখ্যাবহুল জিলা সমূহৰ আসন হ্ৰাস কৰা হৈছে৷ আৰু এয়া কৰা হৈছে বিজেপি তথা ইয়াৰ সহযোগী দল সংগঠনে প্ৰদান কৰা স্মাৰকপত্ৰৰ আধাৰত আৰু এই কথা আয়োগে কোনো দল সংগঠনৰ নাম নোলোৱাকৈ বিবৃতিযোগে প্ৰকাশ কৰিছে৷ পিছে বিৰোধী দল সংগঠনৰ কোনো প্ৰস্তাবেই আয়োগে বিবেচনা নকৰিলে! এয়া গণতন্ত্ৰৰ বিপৰ্যয় অবিহনে আৰু কি হব পাৰে? প্ৰশ্ন অখিল গগৈৰ৷ সাংসদ অজিত ভূঞাও গগৈৰ এই বক্তব্যক দোহাৰি কয় যে কালি নিৰ্বাচন আয়োগে বিৰোধী দল সমূহৰ প্ৰতিনিধিক আওকান কৰি যি দৃষ্টান্ত দাঙি ধৰিলে তাৰ বাবে দেশৰ গণতন্ত্ৰত কালিৰ দিনটো আন এটা কলাদিন হিচাপে চিহ্নিত হৈ ৰ’ব৷ ভূঞাই কয় যে মুখ্যমন্ত্ৰীৰ আগ্ৰাসনত এতিয়া বিজেপিও সুৰক্ষিত নহয়৷