Logo
image

ৰাজ্যত ভেজাল, নিম্নমানৰ ঔষধৰ পয়োভৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৯ জুলাইঃ সমগ্ৰ অসমত একাংশ দুষ্টচক্ৰই নিম্ন মানৰ আৰু নকল ঔষধৰ ব্যৱসায় চলাই আছে৷ অসমত উপলব্ধ ঔষধ বহিঃৰাজ্যৰ পৰা আমদানী কৰা হৈছে৷ বক্ৰ পথেৰে জি এছ টি ফাঁকিৰে সেই ঔষধসমূহ বহি: ৰাজ্যৰ পৰা অসমলৈ আমদানী কৰি বজাৰত মুকলি কৰা হৈছে– এই অভিযোগ কেমিষ্ট এণ্ড ড্ৰাগছ এছ’চিয়েছন অৱ অসমৰ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কেমিষ্ট এণ্ড ড্ৰাগছ এছ’চিয়েছনৰ অৱ অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি এছ’চিয়েছনৰ সম্পাদক জিতু বৰ্মনে কয়- যিবোৰ ঔষধ কোম্পানীত ১০টকাত উপলব্ধ সেই ঔষধ ৫ টকাত কেনেকৈ দিব পাৰিছে সেয়া সন্দেহজনক৷ ঔষধ ব্যৱসায়ৰ এনে পৰিস্থিতিয়ে এই ব্যৱসায়ীৰ সৈতে জড়িত বিপনন কৰ্মী, এম আৰ আদিকে ধৰি প্ৰায় ২লাখ মানুহৰ সংস্থাপন হেৰুৱাৰ ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটীত দুষ্ট চক্ৰৰ সৈতে জড়িতসকলক ইতিমধ্যে আমি চিনাক্ত কৰা কৰিছোঁ৷ গুৱাহাটীৰ কুমাৰপাৰাৰ সৃষ্টি ফাৰ্মা, পানবজাৰৰ কে ভি চেলছ আৰু হিমাক্ষী ফাৰ্মা, বেতকুচিৰ আয়ুষ ফাৰ্মা আৰু আই এছ বি টি ৰ এছিয়ান ফাৰ্মা চিটিকেল এই কাৰ্যত জড়িত আছে৷ তেওঁলোকৰ এই ব্যৱসায় বন্ধ কৰাৰ লগতে কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছোঁ৷ ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহৰ প্ৰতিয়ো ভাবুকি আহিছে৷ গুৱাহাটী হৈছে জীৱন দায়িনী ঔষধৰ বিতৰণ মাধ্যমৰ দুৱাৰমুখ৷ ডিপো, চি, এণ্ড, এফ, এজেণ্ট আৰু ছুপাৰ ড্ৰিষ্টিবিউটৰ যিয়ে অসমৰ বিভিন্ন অঞ্চলৰ পাইকাৰী বিক্ৰোতাসকলক ঔষধ যোগান ধৰি সেৱা আগবঢ়াই আৰু আমাৰ ফাৰ্মাচী খুচুৰা ঔষধ বিক্ৰোতাসকলে ৰোগীসকলক বিভিন্ন দৰৱ, ইয়াৰ খোৱাৰ প্ৰদ্ধতি, বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰি সেৱা আগবঢ়ায়৷ ঔষধ ব্যৱসায়ৰ এনে পৰিস্থিতিয়ে নিম্নমানৰ আৰু ভেজাল ঔষধৰ লগতে সমাজৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷  এতিয়া ৰাজ্যত ভেজাল, নিম্নমানৰ ঔষধৰ পয়োভৰ৷ জীৱন দায়িনী ঔষধ কিছুমান কঢ়িয়াই অনাৰ ক্ষেত্ৰত শীত, তাপ নিয়ন্ত্ৰণৰ অত্যন্ত জৰুৰী উদাহৰণ - ইনচুলিন, প্ৰতিষোধক ঔষধকে আদি৷ কিন্তু এই অকতৃত্বশীল মাধ্যম সমূহে সঠিক শীত, তাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্নবোধক যাৰ ফলত সমাজৰ স্বাস্থ্যৰ প্ৰতিচৰম ভাবুকি আহিছে৷ অনলাইনৰ ক্ষেত্ৰতো শীত- তাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত একে ভাবুকি যাৰ ফলত ঔষধৰ গুণগতমান হেৰুৱাব৷ একাংশ ঔষধ অনুজ্ঞাপত্ৰ ধাৰীয়ে অনুমোদিত মজুতকাৰী নহোৱা সত্ত্বেও জি, এছ, টি ফাঁকি দি অসমৰ বাহিৰৰ অবিশ্বাসী উৎসৰ পৰা জীৱন দায়িনী ঔষধ আমদানি কৰি অসমৰ জনস্বাস্থ্যৰ লগতে ঔষধৰ অনুমোদিত বিতৰণ ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এনে পৰিস্থিতিৰ ফলত চৰকাৰে বজাৰত নিয়ন্ত্ৰণ হেৰুৱাই, অনুমোদিত বাণিজ্য ধবংস হ’ব, অনিয়ন্ত্ৰিত আৰু অসংগঠিত খণ্ড যেনে খাদ্য শস্য, শাক-পাছলি, মাছবজাৰ আদিৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণ হেৰুৱায় পেলায়, তেনে এক পৰিবেশ ঔষধ ব্যৱসায়ৰ ক্ষেত্ৰতো দেখা দিব পাৰে৷ ঔষধ ব্যৱসায়ৰ এনে পৰিস্থিতিয়ে ঔষধ ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ী, বিপনন কৰ্মী, মেডিকেল ৰিপ্ৰেজেনটিভ, পৰিবহণ ব্যৱস্থাৰ লগত জড়িত কৰ্মচাৰী, আদি কৰি প্ৰায় ২ লাখ মানুহ কৰ্ম সংস্থাপনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে, লগতে তেওঁলোকৰ নিৰ্ভৰশীল সদস্যসকলৰ প্ৰায় ২০ লাখ লোকৰ জীৱন নিৰ্বাহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ আমি চৰকাৰৰ শীঘ্ৰে ব্যৱস্থা দাবী জনাইছো৷ সন্দেহজনক শ্ৰেণীৰ এনে উৎসৰ দ্বাৰা ঔষধ প্ৰত্যক্ষভাৱে ঘৰতে হস্তান্তৰ কৰাকে ধৰি জনস্বাৰ্থত এনে অকতৃৰ্ত্বশীল উৎস সমূহ নিয়ন্ত্ৰণ কৰক৷’ সংবাদ মেলত এছ’চিয়েচনৰ সভাপতি ড॰ এন এল আগৰৱালাই কয়- কেমিষ্ট এণ্ড ড্ৰাগছ এছঅচিয়েছন অৱ অসম [অল ইণ্ডিয়া অৰ্গেনাইজেচন কেমিষ্ট এণ্ড ড্ৰাগিষ্টছ দ্বাৰা স্বীকৃতি প্ৰাপ্ত] সংঠনৰ অসমৰ প্ৰায় বিশ হাজাৰতকৈ অধিক সদস্যৰে গঠিত ৷ সংবাদ মেলত কেমিষ্ট, এণ্ড ড্ৰাগিষ্ট এছ’চিয়েচন অৱ অসমৰ গুৱাহাটী মহানগৰৰ সভাপতি হলধৰ ডেকা, সম্পাদক হৰেন শৰ্মা উপস্থিত থাকে৷