Logo
image

আমৰ বাকলি খায়ো কমাব পাৰি ডাইবেটিছ

আজিকালি প্ৰায়ভাগ লোকেই ডাইবেটিছ অৰ্থাৎ মধুমেহ ৰোগত আক্ৰান্ত হয়৷ মধুমেহ ৰোগত আক্ৰান্ত হোৱা প্ৰায়ভাগ লোকে দুশ্চিন্তা পৰে৷ কি খাদ্য খাব পাৰি, কি খাব নোৱাৰি তাক লৈ শংকাত ভোগে এনে লোকে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে মধুমেহ ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত আমৰ বাকলিয়ে যাদুৰ দৰে কাম কৰে৷ আমৰ বাকলিত  ফাইবাৰ, এণ্টি অক্সিডেণ্ট, প্লেটেন্স যৌগ, ভিটামিন এ, চি, কে, ফলেট, মেগনেচিয়াম, কলিন আৰু পটাচিয়াম থাকে৷ আমৰ বাকলিত থকা এইবোৰ উপাদানে বাৰ্ধক্য নিয়ন্ত্ৰণ কৰাৰ উপৰি মধুমেহৰ দৰে জটিল ৰোগৰ পৰা মানুহক ৰক্ষা কৰিব পাৰে৷
আমৰ বাকলিৰ উপকাৰিতাৰ সম্পৰ্কে  প্ৰসিদ্ধ ডায়েটিয়ান আৰু মধুমেহৰ বিশেষজ্ঞ ৰোহিত যাদৱৰ এক গৱেষণা পত্ৰত এই কথা প্ৰকাশ পাইছে৷ 
- আমৰ বাকলিয়ে হৃদৰোগ সম্পৰ্কীয় সমস্যা দূৰ কৰে৷ আমৰ বাকলি নিয়মীয়াকৈ খালে ৪০ শতাংশ পৰ্যন্ত হৃদৰোগ দূৰ হয়৷ বিশেষজ্ঞসকলৰ মতে পুৰুষৰ ক্ষেত্ৰত আমৰ বাকলি খোৱাৰ উপকাৰিতা যথেষ্ট বেছি৷ 
- মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমৰ বাকলি যথেষ্ট উপকাৰী৷ আমৰ বাকলিত থকা ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰে৷ গতিকে মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে নিয়মীয়াভাৱে আমৰ বাকলি খোৱা অভ্যাস কৰক৷
- আমৰ বাকলিত থকা প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থ উলিয়াই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ 
আমৰ বাকলি বিভিন্ন ধৰণে খাব পাৰি৷ খোৱাদ ভাল নহ’লে আমৰ বাকলি শুকাই গুৰি কৰি চৰৱত কৰিও খাব পাৰি৷