Logo
image

৬ হাজাৰ কিলো ওজনৰ লোৰ দলং চুৰি

‘আমাৰ অসম’ৰ প্ৰতিবেদন, ৯ জুলাইঃ সৰু সুৰা সামগ্ৰী নহয়, ৬ হাজাৰ কিলোগ্ৰাম ওজনৰ লোৰ দলং এখন চুৰি হৈছে এইখন দেশত৷ মুম্বাইত সংঘটিত হৈছে এই ঘটনা৷ পশ্চিম শহৰতলিত বিশাল নৰ্মদাৰ ওপৰত স্থাপন কৰা হৈছিল ৯০ ফুট দীঘল এখন অস্থায়ী লোহাৰ দলং৷ সেই লোৰ দলংখনে শুকুৰবাৰে নিশা উঠাই লৈ যায় দুৰ্বত্তই৷ উক্ত ঘটনা সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ প্ৰশ্ন উঠিছে এই বিশাল আকাৰৰ দলংখন চুৰি হ’বলৈ পালে কেনেকৈ? বাঙুৰ নগৰ থানাৰ আৰক্ষীয়ে জনোৱা মতে পশ্চিম মালাডেত নিৰ্মাণ কৰা হৈছিল উক্ত দলংখন৷ বিশাল নৰ্মদাৰ ওপৰেৰে হাইভল্টেজ বিদ্যুৎ নিয়াৰ বাবে লোৰ অস্থায়ী দলংখন নিৰ্মাণ কৰা হৈছিল৷ উক্ত স্থানত নতুন স্থায়ী দলং নিৰ্মাণ হৈ উঠিলে আন ঠাইলৈ নিয়াৰ বাবে ৰখা হৈছিল দলংখন৷ কিন্তু ২৬ জুনত নিৰ্মাণকাৰী সংস্থাটোৰ লোকে অস্থায়ী দলংখন চাবলৈ গৈ দেখে যে দলংখন ইতিমধ্যে চুৰি হৈ গৈছে৷ লগে লগে তেওঁ উক্ত দলংখন চুৰি হোৱা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে আৰক্ষীয়ে দলং চুৰিৰ ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ তদন্তকাৰী আৰক্ষীৰ মতে ৬ জুন পৰ্যন্ত উক্ত স্থানতে আছিল দলংখন৷ অঞ্চলটোত থকা চিচিটিভিৰ ফুটেজত দেখা গৈছে যে ১১ জুনত দলংখনৰ ওচৰেৰে এখন ডাঙৰ গাড়ী অহা যোৱা কৰি আছিল৷ উক্ত গাড়ীখনত আছিল গেছ চালিত লোহা কটা এটা যন্ত্ৰ৷ উক্ত যন্ত্ৰটোৰে কটা হৈছিল দলংখনৰ লোহাৰ পাত৷ উক্ত ঘটনা সন্দৰ্ভত দলং নিৰ্মাণকাৰী সংস্থাটোৰ এজন কৰ্মচাৰী আৰু তাৰ চাৰিজন সংগীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উক্ত দুবৃৰ্ত্তৰ দলটোক জেৰা চলাই চুৰি হোৱা দলংখনৰ সামগ্ৰীখিনি উদ্ধাৰ কৰা হৈছে৷