Logo
image

চামতাত ৰেফাৰীৰ শাৰীৰিক পৰীক্ষা সম্পন্ন

ডিজিটেল সংবাদ, চমতাঃ নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম দেওবাৰে নলবাৰী ক্ৰীড়া সন্থাৰ অন্তৰ্গত নলবাৰী ৰেফাৰী বোৰ্ডৰ উদ্যোগত জিলাখনৰ ৰেফাৰীসকলৰ বছেৰেকীয়া শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠিত হয় ৷ নলবাৰী জিলাৰ ৫৫ গৰাকী ৰেফাৰীয়ে অংশ লোৱা শাৰীৰিক পৰীক্ষা পুৱা ৭:৩০ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ উপ-সভাপতি তথা চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মাই৷ অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী জীতেন হুজুৰী৷ নলবাৰী ৰেফৰী বোৰ্ডৰ সভাপতি বীৰেন শৰ্মা, সম্পাদক গৌতম কলিতাৰ লগতে এথলেটিক প্ৰশিক্ষক কল্যাণ বৰ্মন, দেবজিৎ ডেকা, ৰাজীৱ শৰ্মা, ৰবীন শৰ্মা, নচেৰ আলীৰ উপস্থিতত ৰেফাৰীসকলৰ শাৰিৰীক সক্ষমতা পৰীক্ষা পৰিচালনা কৰে৷ এই শাৰীৰিক পৰীক্ষাত আটাইকেইজন উত্তীৰ্ণ হয় বুলি জানিবলৈ দিয়ে নলবাৰী ৰেফাৰী বৰ্ডৰ সম্পাদক গৌতম কলিতাই ।