Logo
image

অসম উন্নতি সভা, অসম সেনাৰ উজ্জীৱিতকৰণ বনাম অৰ্থনৈতিক আন্দোলন

প্ৰায় দুই দশক পূৰ্বে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা [আছু]ৰ উদ্যোগত দুই ভ্ৰাতৃ সংগঠন অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল৷ বয়স হিচাপে ‘আছু’ৰ ঔৰসত জন্মগ্ৰহণ কৰা সংগঠন দুটাই ২০ বছৰ গৰকিলে যদিও বিগত সময়ছোৱাত এই দুই সংগঠনে জাতীয় জীৱনৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ বিশ্ব কঁপোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ ফলত ‘আছু’ৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ চুক্তিমতে বিদেশী বহিষ্কাৰৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ, খিলঞ্জীয়াৰ সুৰক্ষা, অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ, ৰাজনৈতিক-অৰ্থনৈতিকভাৱে থলুৱা-খিলঞ্জীয়াৰ নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়সমূহক লৈ বিগত ৩৯ বছৰে যুঁজ দি আছে যদিও সেয়া আজি পৰ্যন্ত সামান্যতমো ফলপ্ৰসূ নহ’ল৷ অসম চুক্তিত উল্লেখ থকা নিৰ্দিষ্ট কেইটামান বিষয় কাৰ্যকৰী হোৱাৰ বাদে যিটো বিষয়ক লৈ দীৰ্ঘসময় জোৰা গণআন্দোলন হৈছিল সেয়া কাৰ্যকৰী হোৱাটো বাদেই বৰঞ্চ আজিৰ সময়ত থলুৱা-খিলঞ্জীয়া ৰাজনৈতিক-অৰ্থনৈতিক দুয়ো দিশৰ পৰা গভীৰ সংকটৰ দিশে ধাৱমান হৈছে৷ লক্ষণীয় বিষয়– ‘আছু’ৰ নেতা নিৰ্মাণৰ প্লেটফৰ্মখনৰ পৰা অহাসকলেই অসম গণ পৰিষদ গঠন কৰি দুটা শাসনকাল অৰ্থাৎ দহ বছৰ অসমৰ ভাগ্য নিয়ন্তা হৈ থাকিল যদিও অসম চুক্তিৰ মূল বিষয়সমূহক সম্পূৰ্ণৰূপে আওকাণ কৰিলে৷ অনুৰূপভাৱে ‘আছু’ৰ পৰা অহা বিজেপি চৰকাৰৰ দুয়োজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড॰ হিমন্ত বিশ্ব শৰ্মাৰো মুখ্যমন্ত্ৰিত্ব লাভৰ পাছত কথাৰ সুৰবোৰ সলনি হ’ল৷ আজিৰ সময়ছোৱাত শাসনাধিষ্ঠ বিজেপি চৰকাৰে অসম চুক্তিক এক অপ্ৰাসংগিক বিষয়ৰূপে চিহ্নিত কৰি সমগ্ৰ বিষয়টো তল পেলালে৷ আনহাতে আছুৱেও মাজে-সময়ে অসম চুক্তি ৰূপায়ণক লৈ ছেগা-চোৰোকাকৈ কেতবোৰ ভূমিকা লৈছে যদিও সেয়াও এক প্ৰাত্যহিকতাৰ বাদে একো নহয়৷ অৱশ্যে ৰাজ্যৰ আৰ্থ-সামাজিক, শৈক্ষিক দিশত উদ্ভৱ হোৱা বিভিন্ন ইছ্যুক লৈ আছুৱে সময়ে সময়ে আন্দোলনৰ কাৰ্যসূচী, ধৰ্ণা আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ইয়াৰ বহুবোৰ সমাধানৰ বাবে চৰকাৰক বাধ্য কৰিব নোৱাৰিলেও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাত সক্ষম হৈছে৷ ‘কা’ আন্দোলনৰ সময়ছোৱাত আছুয়েই নেতৃত্ব লৈছিল যদিও এই ক্ষেত্ৰতো সংগঠনটোৱে সফলতা লাভ কৰিলে বুলি ক’ব নোৱাৰি৷ বৰ্তমান সময়তো বিদ্যালয়ত অংক-গণিত অসমীয়াৰ পৰিৱৰ্তে ইংৰাজীত শিকোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ‘আছু’ বিশেষভাৱে সৰৱ হৈ আছে যদিও চৰকাৰে ইয়ালৈ কৰ্ণপাত কৰা নাই৷ যোৱা কেইবাটাও দশকজুৰি ‘আছু’ৰ সফলতাৰ তালিকাখন আশাপ্ৰদ নহয় যদিও সংগঠনটোৰ স্থিতি, প্ৰাসংগিকতাক নুই কৰাৰো পৰিৱেশ সৃষ্টি হোৱা নাই৷ অৱশ্যে অসমৰ লগতে দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিভিন্ন কাৰণত দল-সংগঠনৰ গণতান্ত্ৰিক আন্দোলনবোৰ এক প্ৰকাৰ স্তিমিত হৈ আছে৷ কাজেই এনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আছুৱে ২০ বছৰ পূৰ্বে জন্ম দিয়া দুটা সংগঠনক পুনৰ সক্ৰিয় কৰিবলৈ লোৱা উদ্যোগে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ‘আছু’ৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যক সভাপতি আৰু শৰৎ হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা নতুনখন অসম উন্নতি সভাত বিভিন্ন সদস্যৰ লগতে বিশিষ্ট বিজ্ঞানী, অধ্যাপক, জ্যেষ্ঠ অধিবক্তাক উপদেষ্টা হিচাপে ৰখা হৈছে৷ লক্ষণীয় বিষয় যে নতুনকৈ সক্ৰিয় হোৱা দুই সংগঠনে পূৰ্বৰ লক্ষ্য, উদ্দেশ্যৰ পৰিৱৰ্তে এইবাৰ অগ্ৰাধিকাৰ প্ৰদান কৰিছে এক পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ ওপৰত৷ প্ৰতিখন জিলাতে সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ অধ্যয়ন কৰি অৰ্থনৈতিক সমীক্ষাৰে ভৱিষ্যত কৰ্মপন্থা গ্ৰহণ, উৎপাদন আৰু বজাৰ নিয়ন্ত্ৰণ, বজাৰ সৃষ্টি আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে পূৰ্বতে আছুৰ মূল এজেণ্ডা খিলঞ্জীয়াৰ সুৰক্ষাৰ দিশৰ ক্ষেত্ৰত দুই সংগঠন অধিক তৎপৰ হ’ব বুলি নৱনিৰ্বাচিত সভাপতিয়ে মন্তব্য কৰিছে৷ উল্লেখ্য জাতিগত, সাংস্কৃতিগত বৈশিষ্ট্য অটুট ৰাখি জাতীয় পৰিচয় শক্তিশালী কৰাৰ বাবে জন্ম হোৱা সংগঠনৰ অভাৱ নাই৷ ৰাজ্যত পূৰ্বেও এনে বহুবোৰ দল-সংগঠনৰ জন্ম হৈছে আৰু নিতৌ নতুন সংগঠনৰ জন্ম হৈয়ে আছে, নেতাৰো সৃষ্টি হৈয়ে আছে৷ বৰ্তমান সময়ছোৱাত পথাৰ, বজাৰ ৰক্ষা কৰাৰ বাবে বহু দল-সংগঠনে দাবী জনাই আহিছে যদিও অসমত হাতে-কামে উদাহৰণ দিয়া দল-সংগঠনৰ সংখ্যা একেবাৰে নগণ্য৷ ক্ৰমান্বয়ে কৃষিকৰ্ম, সেৱাখণ্ড, নিৰ্মাণ খণ্ডকে ধৰি বিভিন্ন অন্যান্য ঔদ্যোগিক কাম-কাজত থলুৱা-খিলঞ্জীয়াৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে পূৰ্ব-বংগীয় মূলৰ লোকৰ দক্ষতা, আত্মনিয়োগৰ মানসিকতাৰ বলত এইবোৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ জাতীয় চৰিত্ৰ বৰ্তাই ৰখাৰ ক্ষেত্ৰত শেহতীয়াকৈ আছুৰ ঔৰসত জন্ম লৈ পুনৰ উজ্জীৱিত হোৱা দুই সংগঠনে পেছাদাৰী মনোভাৱ, পৰিকল্পিত-বিজ্ঞানসন্মতভাৱে অৰ্থনৈতিক সংগ্ৰামখন যদি সঁচাই আগবঢ়াব পাৰে তেন্তে দুই সংগঠনৰে নহয় ‘আছু’ৰ প্ৰতিও ৰাইজৰ সদ্ভাৱ বৃদ্ধি পাব, খিলঞ্জীয়াইও সকাহ পাব৷ থলুৱা-খিলঞ্জীয়া এক জটিল সন্ধিক্ষণত উপনীত হোৱাৰ সময়ত সঠিকভাৱে অগ্ৰসৰ হ’লে এনে ধৰণৰ কাম-কাজে ভৱিষ্যত প্ৰজন্মকো বাট দেখুওৱাৰ সম্ভাৱনা আছে৷