Logo
image

চৰাইদেউ মৈদামলৈ আহিব ইউনেস্ক’ৰ প্ৰতিনিধি

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ১০ জুলাইঃ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আগবাঢ়ি গৈছে চৰাইদেউ মৈদাম৷ আহোম ৰাজত্বৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যে ইউনেস্ক’লৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ এইবাৰৰ ভাৰতৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম৷ ভাৰত চৰকাৰৰ এই আবেদন সংস্থাটোৱে গ্ৰহণ কৰিছে৷ আগন্তুক ছেপ্টেম্বৰ মাহত ইউনেস্ক’ৰ এটা উচ্ছ পৰ্যায়ৰ প্ৰতিনিধি দল চৰাইদেউ মৈদামক্ষেত্ৰলৈ আহিব৷ ইউনেস্ক’ৰ দলটোৰ আগমনৰ পূৰ্বে চৰাইদেউ মৈদামক্ষেত্ৰক সকলো ফালৰ পৰা প্ৰস্তুত কৰি তুলিবলৈ ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিষয়াৰ কেইবাটাও দলে চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰিছে৷ ভ্ৰমণকালত মন্ত্ৰী, বিষয়াসকলে স্থানীয় বিষয়াসকলক বিভিন্ন নীতি-নিৰ্দেশনাও দি গৈছে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰস্তুতিত যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পুৰাতত্ত্ব জৰীপ বিভাগৰ [এ এছ আই] কাম-কাজক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় সচেতন ৰাইজ৷ উল্লেখ্য, চৰাইদেউ মৈদামক্ষেত্ৰৰ চাৰিটা মৈদামৰ চোৱা-চিতাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৰ হাতত আছে৷ এনেক্ষেত্ৰত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে মৈদাম এলেকাৰ এই বিশেষ অংশটোৰ উন্নয়নৰ দায়িত্ব পুৰাতত্ত্ব জৰীপ বিভাগৰ [এ এছ আই]৷ কিন্তু এই বিশেষ অংশটোৰ উন্নয়নৰ কাম-কাজ এইপৰ্যন্ত ২৫ শতাংশও সম্পূৰ্ণ হোৱা নাই৷ আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে বিভাগটোৱে গৱেষণাৰ নামত খান্দি থোৱা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বুলি ধাৰণা কৰা মৈদামটোৰ উন্নয়নৰ বাবে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল৷ অৱশ্যে ইউনেস্ক’ৰ দলটোৰ আগমনলৈ মাজত মাত্ৰ দুমাহ বাকী থকা অৱস্থাত এতিয়া হঠাৎ সাৰ পাই উঠিছে বিভাগটোৰ বিষয়াসকল৷ বিগত দুদিন ধৰি বিভাগটোৰ বিষয়াসকলৰ নিৰ্দেশক্ৰমে মৈদামটোত প্ৰৱেশৰ বাবে নিৰ্মাণ কৰা প্ৰৱেশপথটো ভাঙি নতুন আৰ্হিত নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ কিন্তু বিভাগটোৱে অতি পলমকৈ হাতত লোৱা এই কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিবনে নাই তাকে লৈ এতিয়া সচেতন মহলে প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ কিয়নো ভৰ বাৰিষাৰ সময়ত বিভাগটোৱে চলোৱা নিৰ্মাণ কাৰ্যত বতৰৰ বাধা পোৱাটো নিশ্চিত৷ ইয়াৰোপৰি বিভাগটোৱে মৈদাম এলেকাটোত আন কেতবোৰ নিৰ্মাণ কাৰ্যও আৰম্ভ কৰিছে, যিবোৰৰ কাম ইউনেস্ক’ৰ দলটো অহাৰ পূৰ্বে সম্পূৰ্ণ হ’বনে নাই তাক লৈও বহুজনে সন্দেহ প্ৰকাশ কৰিছে৷ এইক্ষেত্ৰত চৰকাৰৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে সচেতন ৰাইজে৷ অন্যথা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে চৰাইদেউ মৈদামক্ষেত্ৰ৷