Logo
image

আজি ৰাজপথত নামিব টে’ট শিক্ষক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ জুলাইঃ অসম এতিয়া সমস্যামুক্ত ৰাজ্য বুলি শাসকীয় বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলে দাবী কৰি অহাৰ সময়তে দল-সংগঠনৰ লগতে চৰকাৰী কৰ্মচাৰীয়েও এতিয়া প্ৰাপ্য বিচাৰি ৰাজপথত আন্দোলনত নামিবলৈ বাধ্য হৈছে৷ প্ৰাথমিক শিক্ষকৰ সৈতে শিক্ষামন্ত্ৰীৰ মুকলি সংঘাতৰ সমান্তৰালভাৱে এইবাৰ ৰাজ্যৰ ৪০ হাজাৰ ঠিকাভিত্তিক টে’ট শিক্ষক আৰু ডেৰ লক্ষাধিক এন পি এছ কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে৷ বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত কাইলৈ অৰ্থাৎ সোমবাৰে টে’ট শিক্ষকে অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত ২২ আৰু ২৩ আগষ্টত চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই সৰ্বাত্মক অসহযোগ আন্দোলন ঘোষণা কৰিছে৷ ষ্টেটপুল আৰু ঠিকাভিত্তিক টে’ট শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত কাইলৈ গুৱাহাটীৰ চচলত অনশনত কাৰ্যসূচী ৰূপায়ণ কৰিব৷ ঠিকাভিত্তিক শিক্ষক সমাজে আহ৩ান দিয়া আন্দোলন কাৰ্যসূচীলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছেন [ডি ৱাই এফ আই] পূৰ্ণ সমৰ্থন আগবঢ়াই শিক্ষকসকলৰ দাবীসমূহ চৰ্তহীনভাৱে পূৰণ কৰিবলৈ আহ্বান জনাইছে৷ এই সন্দৰ্ভত ডি আই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথ, সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে কয়– ‘ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীটো কেৱল কেইজনমান শিক্ষকৰ ব্যক্তিগত দাবী নহয়, ইয়াৰ লগত ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু বৃহত্তৰ শৈক্ষিক সমাজৰ ভৱিষ্যত জড়িত হৈ আছে৷ ৰাজ্যৰ শৈক্ষিক উন্নয়নত অগ্ৰণীয় ভূমিকা লৈ অহা ঠিকাভিত্তিক শিক্ষকসকলৰ প্ৰতি চৰকাৰে চৰম অন্যায় আৰু বঞ্চনা কৰি আহিছে৷ ৰাজ্যত ষ্টেটপুল আৰু ঠিকাভিত্তিক শিক্ষককে ধৰি ৪০ সহস্ৰাধিক শিক্ষকে দশক ধৰি সেৱা আগবঢ়াই আহিছে৷ নিৰ্বাচনৰ পূৰ্বে  বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে- চৰকাৰ গঠন হ’লে প্ৰথম কেবিনেট বৈঠকতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত ল’ব৷ কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে আজি বিপৰীত স্থিতি গ্ৰহণ কৰি শিক্ষকসকলক চৰম প্ৰতাৰণা কৰাই নহয়, পদে পদে অপমানিত কৰিছে৷ গুণোৎসৱৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ আজৱ সিদ্ধান্ত এইখন চৰকাৰে গ্ৰহণ কৰিছে৷ কেৱল ইমানেই নহয়, শিক্ষকসকলৰ প্ৰতি চৰকাৰখনে প্ৰতিদিনেই নতুন নতুন নিৰ্দেশনা দি দমন কৰি ৰাখিব বিচাৰিছে৷ এয়া ৰাজ্যৰ শৈক্ষিক উন্নয়নৰ বাবে কোনোমতেই সুখবৰ নহয়৷ ডি ৱাই এফ আয়ে চৰকাৰৰ এই শিক্ষা বিৰোধী, অগণতান্ত্ৰিক কৰ্মকাণ্ডক তীব্ৰ বিৰোধিতা কৰিছে আৰু নিজৰ প্ৰাপ্য তথা ৰাজ্যখনৰ শৈক্ষিক স্বাৰ্থত আগবাঢ়ি অহা শিক্ষক সমাজৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷’ ইফালে পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত দেওবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ উদ্যোগত ৰাজ্যৰ ৫৫টা শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংঘৰ সহযোগত গুৱাহাটীত এখন যৌথ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ২২ আৰু ২৩ আগষ্টত সৰ্বাত্মক কৰ্মবিৰতি পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সন্দৰ্ভত চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয়– ‘চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ৷ তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে৷ তেওঁলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মুখ্যতঃ কাম কৰি আহিছে৷ এই সকল কৰ্মচাৰীৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’ব লাগিব৷ চৰকাৰে এন পি এছ ব্যৱস্থাৰে বিষয়া, শিক্ষক, আৰক্ষী, কৰ্মচাৰী সমাজক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী৷ সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ ব্যৱস্থা কৰক৷ ইতিমধ্যে ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড, পঞ্জাৱ, হিমাচল প্ৰদেশ চৰকাৰৰ উপৰিও কৰ্ণাটক চৰকাৰে পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠা কৰি ৰাজ্য কেইখনৰ কৰ্মচাৰী সমাজক ন্যায় প্ৰদান কৰিছে৷ আজি স্পষ্ট যে অসম চৰকাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষা৷ কিন্তু বিষয়টিৰ প্ৰতি চৰকাৰৰ অৱহেলা স্পষ্ট৷ চৰকাৰৰ এই শেহতীয়া ভূমিকাত অসমৰ শিক্ষক-কৰ্মচাৰী সমাজ যথেষ্ট অসন্তুষ্ট৷ অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয় বাবে এক শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ এন পি এছ কৰ্মচাৰীসকল বাধ্য হৈছে৷ চৰকাৰে এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰালৈকে ৰাজ্যৰ কৰ্মচাৰীসকলে আন্দোলন অব্যাহত ৰাখিব৷’ উল্লেখ্য দেওবাৰৰ যৌথ সভাই এই মাহৰ পৰা ৰাজ্যিক, জিলা, আঞ্চলিক আৰু কাৰ্যালয় পৰ্যায়ত পোষ্টেল বেলট ভোটদানৰ কৰ্মশালা, নৱেম্বৰ- ডিচেম্বৰত অসমৰ প্ৰতিখন জিলা সামৰি শদিয়াৰ পৰা ধুবুৰী লৈ এক বিশাল ৰেলী বাহিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে এন পি এছৰ বাহিৰে শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজৰ উমৈহতীয়া সমস্যা-দাবী যেনে কৰ্মস্থলীত সুৰক্ষা, স্বাস্থ্য বীমা আঁচনি আদি বিষয়ত ঐক্যৱদ্ধভাৱে যৌথ মঞ্চৰ জৰিয়তে মাত মাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ যৌথ সভাত উত্তৰ-পূব ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস, জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্‌ আৰু এচ বি আই কৰ্মচাৰী সন্থাৰ হৈ প্ৰদীপ কুমাৰ বৈশ্য, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত ভাণ্ডাৰ কায়ষ্ঠ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, সদৌ অসম শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি প্ৰবীন শইকীয়া, অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মচাৰী সংস্থাৰ হৈ প্ৰশান্ত শইকীয়া, সদৌ অসম DIET বিষয়া সংস্থাৰ হৈ ভগৱান দাস, অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, সদৌ অসম ছেকেণ্ডেৰী স্নাতক শিক্ষক সন্থাৰ হৈ আব্দুল ৰৌফ আহমেদ, সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ সাধাৰণ সম্পাদক ৰমেন চন্দ্ৰ পেগু, Assam Electricity Employees Movement for Old Pension System ৰ সাধাৰণ সম্পাদক অমিত কৰ, সদৌ অসম তথ্য আৰু জনসংযোগ কৰ্মচাৰী সন্থাৰ সভাপতি ৰছিদ জামাল, অসম বিদ্যুৎ বিতৰণ কৰ্মী সংস্থাৰ যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা, বিদ্যুৎ কৰ্মচাৰী সংস্থাৰ সভাপতি মুকুট মনি দাসকে ধৰি বিভিন্ন সংস্থাৰ বিষয়-ববীয়াই বক্তব্য প্ৰদান কৰে৷

২০ জুলাইৰ পৰা ১৭ হাজাৰ টিউটৰ শিক্ষকৰ আন্দোলন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰঃ চৰকাৰৰ বাৰম্বাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ আন্দোলনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ ১৭হাজাৰোধিক টিউটৰে৷ এই কথা সদৰী কৰিছে অসম প্ৰাদেশিকৃত শিক্ষক টিউটৰ আৰু কৰ্মচাৰী যৌথ মঞ্চ, সদৌ অসম সদৌ অসম প্ৰাদেশিকৃত শিক্ষক টিউটৰ আৰু কৰ্মচাৰী যৌথ মঞ্চ, সদৌ অসম প্ৰাদেশিকৃত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক  টিউটৰ] সন্থা, সদৌ অসম একোমদেত টিউটৰ সন্থাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা সভাত চৰকাৰে টিউটৰসকলক কৰি অহা প্ৰবন্সনাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত কথা চাৰি সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই৷ সদৌ অসম প্ৰাদেশিকৃত শিক্ষক টিউটৰ আৰু কৰ্মচাৰী যৌথ মঞ্চৰ সাধাৰণ সম্পাদক ৰাজু কলিতাই জনোৱা অনুসৰি, ৭ জুলাইত গুৱাহাটীৰ গণেশগুৰিত টিউটৰসকলৰ তিনিটা সন্থাৰ বিশেষকৈ সদৌ অসম প্ৰাদেশিকৃত শিক্ষক টিউটৰ আৰু কৰ্মচাৰী যৌথ মঞ্চ, সদৌ অসম প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক টিউটৰ সন্থা আৰু সদৌ অসম সংলগ্ন টিউটৰ সন্থা বিষয়ববীয়াসকলে বিশেষকৈ যৌথ মঞ্চৰ সভাপতি, সম্পাদক, সহঃসম্পাদক ক্ৰমে অতুল ডেকা, ৰাজু কলিতা, ৰফিকুল ইছলাম, সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সংস্থাৰ কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ, সম্পাদক ভুৱন শৰ্মা, বিষয়ববীয়া দীগাম্বৰ বৰ্মন, আৰু সংলগ্ন শিক্ষক টিউটৰ সন্থাৰ সম্পাদক দ্বিজেন শৰ্মা, সহঃ সম্পাদক শতদ্বীপ চক্ৰৱৰ্তী আদিকে ধৰি প্ৰায় ৫০জনে সভাত অংশগ্ৰহণ কৰে৷ সভাত তিনিওটা সংগঠনৰ নেতৃত্বই চৰকাৰে টিউটৰসকলক কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে সৰবহৈ উঠে৷ বিশেষকৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে টিউটৰসকলৰ সন্দৰ্ভত কৰি অহা তৰল আৰু উপলুঙাসূচক মন্তব্যৰ বিৰুদ্ধে কঠোৰভাৱে সমালোচনা কৰে৷ লগতে ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত দিব লাগিব বুলি সকলো টিউটৰ সৰবহৈ উঠে৷ ঠিকা ভিত্তিকসকলক বিনা চৰ্তে যদি শিক্ষকৰ মৰ্যাদা দিব পাৰে তেন্তে ২৫-৩০বছৰ ধৰি বিনাবেতনে শিক্ষকতা কৰি অহাৰ পিছত প্ৰাদেশিকৃত হোৱা টিউটৰসকলক দিব নোৱাৰাৰ কোনো যুক্তি নাই৷ সভাত সকলো টিউটৰক শিক্ষকৰ মৰ্য্যদা আৰু অবসৰ লাভ কৰা শিক্ষক টিউটৰসকলৰ গ্ৰেচুইতিৰ ধন ১০ লাখ টকা মোকলাই দিয়াৰ দাবীত জুলাই মাহৰ ২০ তাৰিখৰ পিছৰে পৰা প্ৰায় ১৭ হাজাৰ শিক্ষক টিউটৰৰ উপস্থিতিত তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ লগতে তিনিওটা সংগঠনৰ শীৰ্ষ নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ যন্ত্ৰৰ মন্তৰত টিউটৰসকলক কৰা অন্যায়ৰ প্ৰতিবাদত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লৈ কেন্দ্ৰীয় চৰকাৰক দৃষ্টিগোচৰ আৰু এই অন্যায়ৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি যৌথ মঞ্চৰ সাধাৰণ সম্পাদক ৰাজু কলিতাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সংবাদ পত্ৰক অবগত কৰে৷