Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতেই পঞ্চায়ত পুনৰ্গঠন!মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ, কমলপুৰৰ প্ৰতিবেদক, ১০ জুলাইঃ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হ’লেই সলনি হ’ব অসমৰ প্ৰতিটো সমষ্টিৰ চাৰিসীমা৷ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতেই পঞ্চায়তৰো পুনগঠন হ’ব৷ এই ঘোষণা স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে কমলপুৰত মহাজনসম্পৰ্ক অভিযানত অংশ লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– পঞ্চায়তী ৰাজ আইনৰ ওপৰত আমাৰ বিভিন্ন আলোচনা চলি আছে৷ ৰাজনৈতিকভাৱে টিকট দিব লাগে নে ৰাজনৈতিক দল এই নিৰ্বাচনত সোমাব নালাগে, তিনিখলপীয়া পঞ্চায়ত হ’ব লাগে নে দুখলপীয়া পঞ্চায়ত হ’ব লাগে, শিক্ষাগত অৰ্হতাৰ বিষয়ে নতুনকৈ কিবা চিন্তা কৰিব লাগে নেকি আদি বিষয়ৰ ওপৰত আমাৰ আলোচনা চলি আছে৷ সম্ভৱত অসমত তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰিৱৰ্তে দুখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিম৷ ৰাজনৈতি আৰু অৰাজনৈতিক দৃষ্টি ভংগীৰ পৰা এইবাৰ পঞ্চায়ত নিৰ্বাচন পতাৰ কথা চিন্তা কৰি আছো৷ সমষ্টি যদি পুনৰ নিৰ্ধাৰণ হয় তেতিয়া পঞ্চায়ত বিলাকো নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিব লাগিব৷ নহ’লে কোনোবা বিধানসভা সমষ্টিত আধা থাকি যাব আৰু কোনোবা বিধানসভা সমষ্টিত আধা থাকি যাব পঞ্চায়ত৷ জুলাই মাহটো অপেক্ষা কৰিম৷ যদি সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হৈ যায় তেতিয়া আগষ্ট-ছেপ্টেম্বৰ মাহত বিধানসভাত পঞ্চায়তী আইনৰ সংশোধনীৰ বাবে প্ৰস্তাব আনিম৷ উল্লেখ্য যে কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰীত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণদুন্দুভি বজায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ নৱম বৰ্ষ উপলক্ষে আয়োজন কৰা মহাসম্পৰ্ক অভিযানৰ মঙলদৈ লোকসভা সমষ্টিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লোকসভা নিৰ্বাচনত অগপ আৰু ইউপিপিএলৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে৷ ইফালে বিপিএফ দলে বিজেপিৰ লগত মিত্ৰতা কৰিলে টেষ্ট নাপাব বুলি উল্লেখ কৰি লোকসভা নিৰ্বাচনত বিপিএফৰ সহায় বিচাৰিম বুলিও দোহাৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে তিনি গগৈয়ে হাত দঙা সম্পৰ্কত কয় যে তিনি গগৈয়ে হাত ডাঙিছে মই বেয়া পোৱা নাই৷ কিন্তু আমাৰ লগত সকলো খিলঞ্জীয়াই হাত দাঙিব লাগিব নহ’লে অসমখন বাংলাদেশ হ’ব৷ বিজেপিত গগৈ, বড়ো, অসমীয়া, বৰপাত্ৰ, সন্দিকৈ, কোচ ৰাজবংশী সকলোৱেই লগ লাগি হাত উঠাব পাৰে বুলি কৈ মুখ্যমন্ত্ৰীয়ে বিৰোধীক কটাক্ষ কৰি কয় যে বিজেপিৰ সমুখত এতিয়া বিৰোধীৰ গলপোষ্ট শূন্য, যিমান ইচ্ছা সিমান গল দিব পাৰি৷ বংগৰ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত এইবিলাক নিৰ্বাচনৰ পিছত মাৰপিট একোৱে নহয়৷ যি ৰাজ্যত ৰবীন্দ্ৰ নাথৰ জন্ম হৈছিল, যি ৰাজ্যত সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল সেইবোৰ ৰাজ্যত সেইবোৰ দেখি বেয়া লাগে বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ পুঠিমাৰী বাৰোৱাৰী দুৰ্গা মন্দিৰৰ ৰভাৰ শিলান্যাস, পুঠিমাৰী আঞ্চলিক হৰি মন্দিৰৰ শিলান্যাস কৰাৰ লগতে সদৌ অসম নাগাৰা নাম সংঘৰ কাৰ্যালয়ৰ শিলান্যাস কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ নিজকে চন্দ্ৰৰ সৈতে তুলনা কৰি নৰেন্দ্ৰ মোদীক সূৰ্য আখ্যা দিয়ে৷ ২০২৪ চনত নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ দুবছৰীয়া কৰ্মৰ খতিয়ানো দাঙি ধৰে৷ অক্টোবৰ মাহৰ ভিতৰত অসমত সকলোকে ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলি কৈ এই কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীয়ে এখন জন আৰোগ্য যোজনাৰ কাৰ্ড পাব, যাৰ জৰিয়তে তেওঁলোকে হাস্পতালত পাঁচ লাখ টকাৰ সাহায্য লাভ কৰিব৷  ৰেচন কাৰ্ডৰ প্ৰদৰ্শন কৰিও এই কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব বুলিও উল্লেখ কৰে৷ অৰুণোদয় আঁচনিৰ জৰিয়তে গোটেই অসমত ছেপ্টেম্বৰত সাতলাখ লোকক প্ৰদান কৰাৰ পাছত পুনৰ আঠ লাখ পৰিয়ালক প্ৰদান কৰা হ’ব৷ মহিলা আত্মসহায়ক গোটৰ মহিলা সকলক গ্ৰুপৰ পৰিবৰ্তে ব্যক্তিগতভাবে চল্লিশ লাখ মহিলাই দহহাজাৰ টকাকৈ লাভ কৰিব৷ দহহাজাৰ টকা ভালদৰে খৰচ কৰিলে ২৫ হাজাৰ টকাকৈ মহিলাসকলে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়৷ দুই অক্টোবৰত এককোটি গছপুলি ৰোপণ কৰা হ’ব৷ আত্মসহায়ক গোটৰ মহিলাসকলে দুডালকৈ গছপুলি ৰোপণ কৰিব লাগিব তেতিয়াহে তেওঁলোকে দহ হাজাৰ টকাৰ প-পত্ৰ লাভ কৰিব৷ এই মাহৰ ভিতৰত পুনৰ বাইশ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিব বুলি মত প্ৰকাশ কৰি চাকৰি প্ৰদানৰ এয়া নৃত্য নাটিকা বুলিও উল্লেখ কৰে৷ দুই লাখ যুৱকক দুই লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলি কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ টকা প্ৰথমে লাভ কৰিব সেয়া ভালদৰে ব্যৱহাৰ কৰিলে যুৱকসকলে দুই লাখ টকা লাভ কৰিব, দুই লাখ টকাখিনি ভালদৰে ব্যৱহাৰ কৰিলে ভাল লোন লাভ কৰাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি দিব৷ অসমত আন্দোলন নোহোৱাৰ পৰিৱেশৰ বাবে এই উন্নয়ন সম্ভব হৈছে বুলিও দোহাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ ৰাজ্যৰ প্ৰতিখন হাইস্কুলত পাঁচ কোটি টকাকৈ প্ৰদান কৰাৰ লগতে অংগনাবাড়ী কেন্দ্ৰসমূহলৈ ২৫ লাখকৈ প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ পুঠিমাৰী দুৰ্গা মন্দিৰলৈ এক কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মঙলদৈ লোকসভা সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ এশটা মন্দিৰলৈ আঢ়ৈ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ সাংসদ দিলীপ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক পৰমানন্দ ৰাজবংশী উপস্থিত থাকে৷ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা শলাগৰ শৰাই আগবঢ়োৱা জনসভাখনত প্ৰায় পঁচিশ সহস্ৰাধিক লোকৰ সমাগম হয়৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত গোচৰ বিধায়ক সুজাম উদ্দিনৰ  

‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধিঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত গোচৰ তৰিলে হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে৷ ৮ জুলাইত দিল্লীত উচ্ছতম ন্যায়ালয়ত গোচৰ ৰজু কৰে বিধয়ক গৰাকীয়ে৷ SCIN০১- ০০৩১৭ - ২০২৩ নম্বৰত গোচৰটো লিপিবদ্ধ হৈছে উচ্ছতম ন্যয়ালয়ত৷ বিধায়কৰ সৈতে উপস্থিত আছিল অধিবক্তা কল্যাণ পাঠক৷ পিছত সংবাদ মাধ্যমৰ আগতে মন্তব্য আগবঢ়াই বিধায়ক লস্কৰে কয়– তেওঁ কাঠলিছেৰা সমষ্টিৰ বিধায়ক হিচাপে সমষ্টিটো বিলুপ্ত হোৱাৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছে৷ এআইইউডিএফ দলৰ পৰা পৃথকে আন এটা গোচৰ ৰুজু কৰা হ’ব৷ তেওঁ কয় দেশৰ ন্যায় ব্যবস্থাৰ উপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে৷ সেই বাবেই তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ বিধায়ক লস্কৰে কয়, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পূৰ্ণ অনৈতিকভাৱে নিৰ্মাণ কৰা হৈছে৷ হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ দুটা কৰা হৈছে৷ জিলাখনৰ জনসংখ্যা বৃদ্ধি পোৱাৰ পিছতো কিহৰ ভিত্তিত এটা সমষ্টি কৰ্তন কৰা হ’ল এই প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে৷ তেওঁ কয়, নতুন খচৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে হাইলাকান্দিৰ ৫টা উন্নয়ন খণ্ড আৰু ৫টা ৰাজহ চক্ৰৰ অংশ দুটা সমষ্টিতেই পৰিব৷ জিলাখন পৰিচালনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ’ব বুলিও উল্লেখ কৰে বিধায়ক সুজাম উদ্দিনে৷ কাশ্মীৰৰ ডিলিমিটেচনৰ সময়ত আব্দুল গনিখানে ২০০১ৰ পৰিৱৰ্তে ২০১১ৰ জনসংখ্যা গ্ৰহণ কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ত এটা গোচৰ তৰিছিল৷ এই গোচৰৰ প্ৰসংগও তেওঁ নিজৰ গোচৰত উল্লেখ কৰিছে বুলি জনাইছে বিধায়ক লস্কৰে৷

বৰাক উপত্যকা পৃথক কৰাৰ ভাবুকি বিডিএফৰ

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ বৰাক উপত্যকাক বাদ দি অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ কৰা হওক৷ নিৰ্বাচন আয়োগে সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা চূড়ান্ত কৰাৰ সিদ্ধান্ত ল’লে অসম চৰকাৰে বৰাক উপত্যকাক নিজৰ পৰিসৰৰ পৰা বাদ দিয়াৰ প্ৰস্তাৱ দিয়ক, নহ’লে উপত্যকাটো অসমৰ পৰা পৃথক হ’ব৷ –দেওবাৰে এটা বিবৃতিযোগে বিডিএফৰ মুখ্য আহ্বা য়ক প্ৰদীপ দত্ত ৰয়ে এই কথা সদৰি কৰিছে৷ তেওঁ কয়, সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতো এতিয়ালৈকে চৰকাৰৰ কোনো সঁহাৰি পোৱা নাই৷  যদিহে খচৰা চূড়ান্ত কৰাৰ সিদ্ধান্ত লোৱা হয় তেন্তে বৰাক উপত্যকাক ইয়াৰ বাদ দিব লাগে বুলি দাবী উত্থাপন কৰে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টে৷ বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে কয় যে, বৰাকবাসীয়ে কোনো কাৰণতে এই খচৰা সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰস্তাৱ গ্ৰহণ নকৰে৷ কাৰণ এই খচৰা কাৰ্যকৰী হ’লে আগন্তুক ৩০ বছৰলৈ এই উপত্যকাটোৱে ৰাজনৈতিক অধিকাৰ হেৰুৱাব৷ এই খচৰাত বৰাকৰ দুখন বিধানসভাৰ আসন যিদৰে কৰ্তন কৰা হৈছে, সমষ্টি পুনঃনিৰ্ধাৰণৰ সকলো নিয়মক আওকাণ কৰি এটা সমষ্টিৰ গুৰুত্বপূৰ্ণ স্থান আন এটা সমষ্টিৰ অসংলগ্ন স্থানত যিদৰে সংযোজন কৰা হৈছে, ইয়াৰ কাৰ্যকৰী কৰা হ’লে বৰাকৰ অস্তিত্বই সংকটত পৰিণত হ’ব৷  বৰাকৰ ৪৫ লাখ লোকে কোনো কাৰণতে এই খচৰা গ্ৰহণ নকৰে বুলি তেওঁ মন্তব্য কৰে৷  প্ৰদীপ দত্ত ৰয়ে লগতে কয় যে, চৰকাৰে এফালৰ পৰা কৈছে যে এই খচৰা নিৰ্বাচন আয়োগে প্ৰস্তুত কৰিছে, ইয়াত তেওঁলোকৰ কোনো হাত নাই৷ আনহাতে, সেই চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই খচৰাৰ জৰিয়তে ৰাজ্যৰ ‘খিলাঞ্জয়া’সকলৰ অধিকাৰ সুৰক্ষিত হ’ব৷ ইয়াৰ দ্বাৰা আগন্তুক ৩০ বছৰলৈ ১০২খন বিধানসভা আসনত খিলাঞ্জীয়াৰ আধিপত্য অটুট থাকিব৷ তেওঁ কয়, যেতিয়া মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল তেতিয়া ৰাজ্যৰ সকলো জাতিৰ স্বাৰ্থ ৰক্ষা কৰাটো তেওঁৰ সাংবিধানিক কৰ্তব্য বুলি শপত গ্ৰহণ কৰিছিল৷ মুখ্যমন্ত্ৰী অকল খিলঞ্জীয়াৰ নহয়, ৰাজ্যৰ সকলো অসমীয়া ভাষী, বাংলাভাষী, বড়ো, ডিমাছা, কোচ, মণিপুৰী, চাহ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী৷ সেয়ে মুখ্যমন্ত্ৰীৰ এনে বক্তব্য সম্পূৰ্ণ অসাংবিধানিক৷ ইয়াৰ উপৰিও চৰকাৰে এতিয়াও ৰাজ্যত খিলাঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰা নাই৷  প্ৰদীপ দত্ত ৰয়ে কয় যে, অসম বহুভাষিক ৰাজ্য৷ গতিকে সমষ্টি পুনঃনিৰ্ধাৰণৰ কৰি এটা গোষ্ঠীক অগ্ৰাধিকাৰ দিয়াৰ চৰ্ত বৰাকৰ ৰাইজে মানি নলয়৷  তেওঁ কয় যে, যদি চৰকাৰে খচৰা চূড়ান্ত কৰাৰ সিদ্ধান্ত লয় তেন্তে বৰাক উপত্যকাক এই প্ৰক্ৰিয়াৰ পৰা বাদ দিব লাগে৷  নহ’লে এই উপত্যকা অসমৰ লগত নাথাকিব, ইয়াৰ জনসাধাৰণে পৃথক হোৱাৰ বাবে খোজ দিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে তেওঁ৷