Logo
image

কৃষকৰূপী ৰাহুলক কটাক্ষ হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ জুলাইঃ সামান্য সুযোগ পালেই ৰাহুল গান্ধীক কটাক্ষ কৰিবলৈ নেৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কৃষকৰূপী ৰাহুল গান্ধীক তীব্ৰ ব্যংগ কৰিছে৷ তেওঁ আনকি দেশৰ অন্নদাতা অৰ্থাৎ কৃষকসকলক ভেঙুচালি নকৰিবলৈ ৰাহুল গান্ধীক আহ্বান জনাইছে৷ উল্লেখ্য, হাৰিয়ানাৰ ছোনিপটত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে মাদিনা নামৰ এখন গাঁৱৰ পথাৰত বোকাত নামি কৃষকৰ সৈতে  একেলগে ভূঁই ৰুই থকাৰ ফটো দেশৰ সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ আনকি ছ’চিয়েল মিডিয়াটো এই ফটোখন শনিবাৰে বিয়পি পৰিছিল৷ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি ৰাহুল গান্ধীয়ে পথাৰৰ বোকাত নমাৰ সময়ৰ সম্পূৰ্ণ পৰিৱেশটো তুলি ধৰে৷ ৰাহুল গান্ধীয়ে কেৱল ফটো তুলি প’জ দিয়াৰ বাবে হাৰিয়ানাৰ পথাৰৰ বোকাত নমা বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিপন্ন কৰাৰ চেষ্টা কৰে৷ সেই ভিডিঅ’টোত দেখা গৈছে, ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ মাদিনা নামৰ গাঁওখনত খেতিয়কৰ সৈতে একেলগে পথাৰত ভুঁই ৰোৱাৰ সময়ত তেওঁৰ ফটো ল’বলৈ চাৰিওফালে বহুকেইটা কেমেৰা আছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাহুল গান্ধীয়ে দেশবাসীক তেওঁ কৃষকৰ সৈতে থকা বুলি প্ৰতীয়মান কৰিবলৈ লগত এদল কেমেৰামেনো লৈ গৈছিল৷ টুইটাৰত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি লিখে – ‘ৰাজকুমাৰৰ হঠাতে পথাৰত নামিবলৈ মন গ’ল৷ পিছে ইয়াৰ আঁৰৰ কাহিনী  জানিলেহে হাঁহি উঠা৷ তোমাৰ ফটো আৰু ভিডিঅ’ টীম লৈ ফটো উঠাৰ উৎসাহ থাকিলেও ভগৱানৰ শপত, আমাৰ অন্নদাতাৰ মৰ্যাদা হ্ৰাস নকৰিবা৷ নিজৰ অভীস্পা সিদ্ধিৰ বাবে কৃষক সাজি আন কৃষকক এনেদৰে  টানি আজুৰি নিয়াতো নিন্দনীয় কথা৷’ ইপিনে, একে ভিডিঅ’ বিজেপিৰ চৰকাৰী টুইটাৰ হেণ্ডলতো আপলোড কৰা হৈছে৷ তাত ৰাহুল গান্ধীক ‘ফটোজীৱি’ বুলি ব্যংগ কৰা হৈছে৷  বিজেপিৰ টুইটাৰত লিখা হৈছে কেমেৰাজীৱি কৃষক ৰাহুল গান্ধী বুলি৷ কেৱল দেশবাসীক দেখুৱাবৰ বাবেই ৰাহুল গান্ধীয়ে এনেদৰে ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰ লৈ নাটক কৰা বুলি কোৱা হৈছে৷ উল্লেখ্য, শনিবাৰে হাৰিয়ানাৰ ছোনিপটৰ মাদিনা নামৰ গাঁওখনলৈ যোৱা ৰাহুল গান্ধীয়ে গাঁওবাসীৰ সৈতে আঢ়ৈ ঘণ্টা সময় কটায়৷ তেওঁ কৃষকসকলৰ সৈতে সেইখন গাঁৱতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে আৰু পথাৰত দক্ষ কৃষকৰ দৰে ট্ৰেক্টৰেৰে হাল বায়৷ স্বাভাৱিকতে সেই সময়ত ৰাহুল গান্ধীৰ এই অভিযান ‘কাভাৰ’ কৰিবলৈ যোৱা সাংবাদিকেৰে গাঁওখন ভৰি পৰিছিল৷ তেওঁলোকে ৰাহুল গান্ধীৰ গাঁৱত কৰা পদক্ষেপ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছিল৷ সেই সময়তে টিভিৰ সাংবাদিক তথা ফটোগ্ৰাফাৰৰ সৈতে একেলগে কোনোৱে ভিডিঅ’ সংগ্ৰহ কৰিছিল৷ সেই ভিডিঅ’ টুইটাৰত আপলোড  কৰি বিজেপিৰ নেতাই ৰাহুল গান্ধীক কটাক্ষ কৰিছে৷