Logo
image

সাংবাদিকক নিগ্ৰহ কৰা আৰক্ষীক নিলম্বনৰ দাবীত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১০ জুলাইঃ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে বিভিন্ন দল-সংগঠনৰ সহযোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত শনিবাৰে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী সাংবাদিকসকলে আৰক্ষীৰ মইমতালী নচলিব, সাংবাদিক নিৰাপত্তা সু-নিশ্চিত কৰক, জনসাধাৰণৰ সৈতে সাংবাদিক সম্পৰ্ক মধুৰ কৰক, সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে৷  এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই কয় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ সৈতে জড়িত থকা সাংবাদিকৰ ওপৰত যদি আৰক্ষীৰ এনেধৰণৰ ব্যৱহাৰ হয়, তেনেহ’লে এইখন মহানগৰীত সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা কিমান সুনিশ্চিত হ’ব? অনাহকতে কৰ্তব্যৰত সাংবাদিক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ এনে ব্যৱহাৰ সুস্থ গণতন্ত্ৰৰ পৰিচায়ক নহয়৷ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক দাবী জনায়৷ ইফালে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকসকলক কৰা এনে দুৰ্ব্যবহাৰৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কতৃৰ্পক্ষৰ ওচৰত দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে৷ উল্লেখ্য, ১৭ মে’ত সাতগাঁও থানা এলেকাত সংঘটিত এটা দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত ৫ জুলাইত জেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাও আৰক্ষী থানালৈ গৈছিল৷ তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰৱেশত বাধা দিয়ে তদুপৰি সাংবাদিকজনৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি নিয়াৰ উপৰি অযথা হাৰাশাস্তি কৰে৷ এই বিষয়ে ৭ জুলাইৰ দিনৰ ভাগত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি ১৫ জনীয়া সাংবাদিক দল সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক সাক্ষাৎ কৰাৰ বাবে থানা চৌহদত উপস্থিত হয়৷ কিন্তু আৰক্ষী বিষয়াজনে নানা অজুহাত দেখুৱাই সাংবাদিকৰ দলটোক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে৷ সাংবাদিকক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বন কৰাৰ দাবী তুলি সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷  দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰীণা বৰুৱা কলিতা, নাৰেংগী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰা, সমাজ কৰ্মী প্ৰদীপ কলিতা, নুনমাটি ছাত্ৰ সন্থা, নাৰেংগী ছাত্ৰ সন্থা, সাতগাঁও ছাত্ৰ সন্থা, জু-নাৰেঙ্গী ছাত্ৰ সন্থা, নাৰেংগী বনিক সন্থাৰ প্ৰতিনিধি তথা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আৰু সংবাদকৰ্মী উপস্থিত থাকে৷