Logo
image

২৫ত সম্পূৰ্ণ হ’ব লাচিত বৰফুকন প্ৰকল্প

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কাকজানৰ প্ৰতিবেদক, ১১ জুলাইঃ দুদিনীয়া ভ্ৰমণ সূচীৰে যোৰহাটলৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কালি হোলোঙাপাৰত নিৰ্মীয়মান  লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প আৰু টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীজনে বিয়লি হোলোঙাপাৰৰ নিৰ্মীয়মান লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্পস্থলীত উপস্থিত হৈ তৰ্পণ কৰে৷ মুখ্যমন্ত্ৰীজনে প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে কয় যে এই প্ৰকল্পৰ বাবে দিল্লীৰ নয়দা ষ্টুডিঅ’ত লাচিত বৰফুকনৰ ২৫ মিটাৰ উচ্ছতাৰ বৃহৎ মূৰ্তি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷ এই নিৰ্মাণ কাৰ্য প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি ২০২৪ চনৰ ভিতৰতে মূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীজনে আশা প্ৰকাশ কৰে৷ ইফালে লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্পৰ কাম বহুখিনি সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৪ চনৰ ভিতৰতে প্ৰেক্ষাগৃহ, সংগ্ৰহালয় আদিৰ কামো সম্পূৰ্ণ হ’ব৷ উল্লেখ্য, লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কাম ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ আজি মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী বিমল বৰা, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰেণুপমা ৰাজখোৱা, ৰূপজ্যোতি কুৰ্মী, ভৱেন্দ্ৰ নাথ ভৰালী, যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত প্ৰমুখ্যে বিষয়াবৰ্গ উপস্থিত থাকে৷ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণত জড়িত প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাও আজি হোলোঙাপাৰত উপস্থিত হয়৷ 

টোকোলাইৰ কতৃৰ্পক্ষৰে দীঘলীয়া বৈঠক

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা টোকোলাই চাহ গৱেষণা প্ৰতিষ্টানৰ কতৃৰ্পক্ষৰ সৈতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এক দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ এই বৈঠকত চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ সংকট সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰা হয় বুলি এক সূত্ৰই জানিবলৈ দিছে যদিও সবিশেষ জানিব পৰা হোৱা নাই৷ কতৃৰ্পক্ষৰ সৈতে প্ৰায় এঘণ্টা জোৰা আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীজনে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনাত মিলিত হয়৷ এই আলোচনাতো প্ৰতিষ্ঠানটোৰ সমস্যাৰ লগতে বিষয়া-কৰ্মচাৰীসকলৰ সমস্যা সম্পৰ্কে সংগঠনকেইটাৰ নেতৃবৰ্গই মুখ্যমন্ত্ৰীজনক অৱগত কৰাৰ লগতে এই সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকক কয় যে প্ৰতিষ্ঠানটোৰ পৰিচালনাৰ ফালৰ পৰা তেওঁলোকৰ পৰিকল্পনা আৰু অভাৱ সম্পৰ্কে অৱগত কৰে৷ আনহাতে বিষয়া-কৰ্মচাৰীসকলেও কিছুমান সহায় বিচাৰিছে৷ সেয়ে ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোক সহায় কৰাৰ বাবে চিন্তা কৰিব বুলি মুখ্যমন্ত্ৰীজনে সাংবাদিকক জানিবলৈ দিয়ে৷

সমষ্টিৰ পাৰস্পৰিক নামহে সলনি হৈছে

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খৰচৰাই সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত কয় যে সমষ্টিৰ দুটা এটা পাৰস্পৰিক নামহে সলনি হৈছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে সমষ্টি কেনেদৰে ৰাখিলে ভাল হ’ব সেয়া ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত কৰিব৷ তদুপৰি উজনি অসমৰ বিধ্বস্ত চাৰিলেন যুক্তপথ সম্পৰ্কত ড॰ শৰ্মাই কয় যে অহা বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে যোৰহাট আৱৰ্ত ভৱনত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে  এখন পৰ্যালোচনা সভাত মিলিত হয়৷ নিশা যোৰহাটৰ ন আলিৰ নিৰ্মীয়মান উৰণীয়া সেতুৰ পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে৷ কাইলৈ পুৱা মুখ্য মন্ত্ৰীজনে যোৰহাটৰ ঐতিহাসিক বৰভেটি পৰিদৰ্শন কৰাৰ লগতে চ্যুকাফা প্ৰেক্ষাগৃহ মুকলি কৰিব আৰু কাজিৰঙা বিশ্ব বিদ্যালয়ৰ সমাবৰ্তনত অংশ গ্ৰহণ কৰিব৷