Logo
image

৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া নেপাল মণ্ডল

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত এইবাৰ বক্ৰপথে ধনলৈ হাত দাঙিলে এগৰাকী উচ পদস্থ বন বিষয়াই। ৮ হাজাৰ টকা লৈ হাতে-লোটে ধৰা পৰিল দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী। জানিব পৰা মতে, কলিয়াবৰৰ উত্তৰাঞ্চল শালনা বন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ'ল উচ্চ পদস্থ বন বিষয়া তথা নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডল। 

উল্লেখ্য যে দীৰ্ঘদিনে কলিয়াবৰৰ উত্তৰাঞ্চল শালনাত কাৰ্যনিৰ্বাহ কৰি থাকি নেপাল মণ্ডলে সকলোকে মেনেজ কৰি চলাই গৈছিল দুৰ্নীতিৰ ৰমৰমীয়া বেহা। এজন কাঠ ব্যৱসায়ীৰ পৰা ৮ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে ধৰা পৰে বিষয়াগৰাকী।  জানিব পৰা মতে, বিশ্বনাথ চাৰিআলিৰ এজন কাঠ ব্যৱসায়ীৰ পৰা Transit Permit দিয়াৰ বাবদ উৎকোচ  লৈছিল নেপাল মণ্ডলে।