Logo
image

সাধাৰণ কথা নহয়ঃ জন্মদিনত ২ কিলো বিলাহী উপহাৰ হিচাপে পালে ইফটিকাৰে

ডিজিটেল ডেস্কঃ বিগত কেইদিনমানৰ পৰা বিলাহীৰ দাম আকাশলংঘী হৈছে৷ প্ৰতি কিলো ১৪০ টকাৰো অধিক হৈছে বিলাহীৰ দাম৷ বৰ্তমান বিলাসী হৈ পৰিছে বিলাহী৷ 

বজাৰত প্ৰতিবিধ পাচলিৰে দাম বৃদ্ধি পাইছে৷ যাৰ বাবে বিলাহীৰ লগতে আন পাচলি দামবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ এইবাৰ পাচলিৰ দামবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে কেইজনমান যুৱকে৷ দামবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দিলে কেইজনমান যুৱকে৷ 

সোমবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাংগঠনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ জন্মদিন আছিল৷ সেয়ে জন্মদিন উদযাপনৰ বাবে সন্ধিয়া বন্ধুবৰ্গক খুৱাবলৈ এসাঁজ আয়োজনেৰে নিমন্ত্ৰণ দিলে ইফটিকাৰ হুছেইনে৷ পিছে জন্মদিনত বন্ধুক উপহাৰ নিদিয়াকৈনো থাকিব পাৰিনে! সেয়ে জন্মদিন উদযাপনৰ বাবে ইফটিকাৰৰ বাবে বন্ধুৱে লৈ আহিল বিশেষ উপহাৰ৷ উপহাৰৰ টোপোলা খোলাৰ পাছতে সকলোৰে মাজত উঠিল হাঁহিৰ ৰোল৷

ইফটিকাৰ উপহাৰৰ টোপোলা খুলি দেখে, বন্ধুৱে উপহাৰ হিচাপে দিছে ২ কিলো বিলাহী৷ উপহাৰ সামগ্ৰী ইফটিকাৰলৈ আগবঢ়াই বন্ধুকেইজনে ক'লে, "বিলাহীৰ দাম এতিয়া ১৬০ টকা কিলো৷ বজাৰত এইবিধ সামগ্ৰীয়ে আটাইতকৈ দামী৷ জন্মদিনত দামী বস্তু হিচাপে এইপদ সামগ্ৰীকে উপহাৰ হিচাপে আগবঢ়ালো৷ গ্ৰহণ কৰি কৃতাৰ্থ কৰিব৷" পাছত হাঁহি-ধেমালিৰ মাজেৰে বন্ধুৰ উপহাৰ গ্ৰহণ কৰি মেজৰ ওপৰত কে'কৰ সৈতে অন্য উপহাৰৰ লগতে বিলাহীৰ টোপোলাটোও সজাই লৈ কে'ক কাটি যুৱনেতাগৰাকীৰ উদযাপন কৰিলে জন্মদিন৷