Logo
image

জনজাতি, খ্ৰীষ্টানক বাদ দি অভিন্ন দেৱানী বিধি প্ৰণয়ন শীঘ্ৰে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুলাইঃ বিগত সাধাৰণ নিৰ্বাচনৰ ইস্তাহাৰত দেশজুৰি অভিন্ন দেৱানী বিধি বলৱৎ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে কাৰ্যকাল অন্ত পৰাৰ পূৰ্বে সেই প্ৰতিশ্ৰুতি ৰূপায়ণৰ বাবে সম্প্ৰতি উঠিপৰি লাগিলেও দেশৰ বিভিন্ন পক্ষৰ পৰা প্ৰবল প্ৰতিৰোধৰ সন্নুখীন হৈছে৷ এনে প্ৰতিৰোধৰ সন্মুখীন হৈ নাগালেণ্ডৰ জনজাতি অধ্যুষিত অঞ্চল আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী বসতিপ্ৰধান অঞ্চল অভিন্ন দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ মান্তি হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ অৱশ্যে অনুৰূপ দাবী উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি বসতিপ্ৰধান ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰামৰ পৰাও উঠিলে এইকেইখন ৰাজ্যৰ ক্ষেত্ৰতো মোদী চৰকাৰ পিচ হুহকিবলৈ বাধ্য হ’ব বুলি আশংকা কৰা হৈছে৷ নাগালেণ্ডৰ জনজাতি অধ্যুষিত আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ বসতিপ্ৰধান অঞ্চলত অভিন্ন দেৱানী বিধি বলৱৎ নকৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱা চৰকাৰী প্ৰতিনিধি দল এটাই দাবী কৰিছে৷ ইপিনে অভিন্ন দেৱানী বিধি বলৱৎ কৰা নকৰা সন্দৰ্ভত দেশৰ বিভিন্ন পক্ষৰ পৰা কেন্দ্ৰীয় আইন আয়োগৰ ওচৰত ৪৬ লাখ মতামত দাখিল কৰা হৈছে৷ মতামত দাখিল কৰাৰ চূড়ান্ত সীমাৰ অন্ত পৰিবলৈ এতিয়া দুটা দিন বাকী আছে৷ এই দুদিনত আৰু কেইবালক্ষ মতামত দাখিল হ’ব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, যোৱা ১৪ জুনত কেন্দ্ৰীয় আইন আয়োগে দেশৰ বিভিন্ন পক্ষ যেনে, ব্যক্তি, ৰাজহুৱা আৰু স্বীকৃত ধৰ্মীয় সংগঠন আদিৰ পৰা অভিন্ন দেৱানী বিধি বলৱতৰ সপক্ষে আৰু বিপক্ষে মতামত দাখিল কৰাৰ আহ্বান জনাইছিল৷ প্ৰায় এমাহৰ কম সময়ৰ ভিতৰত, যোৱা ১০ জুলাই পৰ্যন্ত দেশৰ বিভিন্ন পক্ষৰ পৰা ৪৬ লাখৰ সঁহাৰি পাইছে কেন্দ্ৰীয় আইন আয়োগে৷ মতামত দাখিলৰ বাবে এতিয়া দুদিন বাকী আছে৷ ইয়াৰ পাছতে কেন্দ্ৰীয় আইন আয়োগে বিভিন্ন সংগঠন আৰু ব্যক্তিক শুনানি গ্ৰহণৰ বাবে সোঁশৰীৰে আমন্ত্ৰণ জনাব৷ তেনে পক্ষলৈ আয়োগে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে৷ 
কেন্দ্ৰীয় আইন আয়োগে দেশৰ বিভিন্ন পক্ষৰ মতামত গ্ৰহণ কৰি থকাৰ মাজতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত এটা ১২জনীয়া প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি নাগালেণ্ডত অভিন্ন দেৱানী বিধি বলৱৎ কৰাৰ ক্ষেত্ৰত প্ৰবল আপত্তি উত্থাপন কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নগা প্ৰতিনিধি দলটোৰ দাবী মানি লোৱা বুলি তেওঁলোকে দাবী কৰিছে৷ প্ৰতিনিধি দলটোৰ অন্যতম সদস্য তথা নাগালেণ্ড চৰকাৰৰ উপদেষ্টা কে জি কেনিয়েই কয়–‘আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সংবিধানৰ ৩৭১ [এ] অনুচ্ছেদৰ বিষয়ে সোঁৱৰাই দিলো৷ সেই অনুচ্ছেদ নগা জনজাতি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ১৯৬০ চনত হোৱা ১১ দফীয়া চুক্তিৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত৷ সেই চুক্তি আৰু সংবিধানৰ ৩৭১ [এ] অনুচ্ছেদ অনুসৰি নগা জনজাতিয়ে যি ধৰ্মীয় আৰু সাংস্কৃতিক অধিকাৰ উপভোগ কৰি আছে, সেয়া কোনো কেন্দ্ৰীয় আইন কিম্বা সংসদত গৃহীত হোৱা আইনৰ দ্বাৰা উলংঘন হ’ব নোৱাৰিব৷ যদিহে তেনে কোনো আইন নাগালেণ্ডৰ বিধানসভাত গৃহীত হয়, তেতিয়াহে নাগালেণ্ডত সেই নতুন আইন প্ৰযোজ্য হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আমাক নিশ্চিত কৰি জনাইছে যে, খ্ৰীষ্টান বসতিপ্ৰধান আৰু জনজাতি অধ্যুষিত অঞ্চল বাদ দি অভিন্ন দেৱানী বিধি বলৱৎ কৰাৰ বাবে কেন্দ্ৰীয় আইন আয়োগক কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিব৷’ উল্লেখ্য, ১৯৬০ চনত কেন্দ্ৰীয় চৰকাৰ আৰু নগা জনজাতিৰ সৈতে হোৱা ১৬ দফীয়া চুক্তি অনুসৰি ১৯৬৩ চনত নাগালেণ্ডক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয় আৰু নগা পৰম্পৰাগত বিধি আৰু সামাজিক-ধৰ্মীয় আচৰণ পালন কৰাৰ ক্ষেত্ৰত তথা ভূমি আৰু সম্পদৰ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা হয়৷ নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ দেশৰ বাবে এখন পাৰিবাৰিক আইনৰ পোষকতা কৰিলেও তেনে আইন নাগালেণ্ডত বলৱৎ কৰিলে সংবিধান আৰু পূৰ্বৰ চুক্তি উলংঘন হ’ব৷ উল্লেখ্য, অভিন্ন দেৱানী বিধি সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো আপত্তি উত্তাপন কৰিছে৷ একেই আপত্তি আহিব মণিপুৰ, অৰুণাচল প্ৰদেশৰ জনজাতীয় লোকৰ পৰা৷ তদুপৰি ঝাৰখণ্ড ওড়িশা আৰু দক্ষিণ ভাৰতৰ কেতবোৰ ৰাজ্যৰ জনজাতি তথা আদিবাসীৰো পৰম্পৰাগত বিধি অভিন্ন দেৱানী বিধিয়ে উলংঘা কৰিব৷ এনে প্ৰতিকুলতা স্বত্বেও নৰেন্দ্ৰ মোদী চৰকাৰে এইবাৰৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনতে অভিন্ন দেৱানী  বিধি উত্থাপন আৰু গৃহীত কৰাবলৈ তৎপৰ হৈ পৰিছে৷

অভিন্ন দেৱানী বিধি কি

অভিন্ন দেৱানী বিধিনো কি– সমাজৰ বিভিন্ন স্তৰত এতিয়া এই প্ৰশ্ন উঠিছে৷ অভিন্ন দেৱানী বিধি হৈছে বিভিন্ন ধৰ্ম, বিভিন্ন আচাৰ-বিচাৰৰ লোকৰ বাবে এখন আইন৷ এই আইনে বিবাহ, বিবাহবিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ, সন্তানৰ অভিভাৱকত্ব, পাৰিবাৰিক অংশীদাৰিত্ব ইত্যাদি সীমাৰেখা নিৰ্ধাৰণ কৰি দিয়ে৷ উদাহৰণ হিচাপেঃ হিন্দু, মুছলিম, খ্ৰীষ্টান, পাৰ্চি– সকলোৰে ক্ষেত্ৰত বিবাহ বহিৰ্ভূত সম্পৰ্ক বিবাহ বিচ্ছেদৰ কাৰণ হ’ব পাৰে৷ কিন্তু হিন্দু বিবাহ আইনত স্বামীয়ে নিজৰ পত্নীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ তুলি বিচ্ছেদ বিচাৰিব পাৰে৷ অথচ পত্নীয়ে বিবাহ বিচ্ছেদ পাবলৈ হ’লে স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ উপৰি নিষ্ঠুৰ অত্যাচাৰ আৰু পৰিয়ালক ত্যাগ কৰাৰ অভিযোগো প্ৰমাণ কৰিব লাগিব৷ আনহাতে, মুছলমানৰ ক্ষেত্ৰত পত্নীয়ে স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ প্ৰমাণ কৰিলেই বিচ্ছেদ নাপায়, তেওঁ স্বামীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰা মহিলাগৰাকীক দু(ৰিতা বুলিও প্ৰমাণ কৰিব লাগিব৷ ইপিনে, শিখৰ পাৰিবাৰিক আইনত বিবাহবিচ্ছেদৰ কোনো বিধি নাই৷ সন্তান তুলিলোৱাৰো কোনো আইন নাই৷ পাৰ্চি সম্প্ৰদায়ৰ কোনো মহিলাই আন ধৰ্মৰ ব্যক্তিক বিয়া কৰিলে তেওঁ আৰু পাৰ্চি সম্প্ৰদায়ভুক্ত হৈ নাথাকে৷ তদুপৰি দেশৰ বিভিন্ন জনজাতিৰ ক্ষেত্ৰত দেশৰ কোনো পাৰিবাৰিক আইন নাখাটে৷ তেওঁলোকে বছৰ বছৰ ধৰি চলি অহা প্ৰথাকে মানি আহিছে আৰু সংবিধানেও স্বীকৃতি দিছে৷ যেনে– মেঘালয়ত উত্তৰাধিকাৰ বিধিত মহিলাহে সম্পত্তিৰ উত্তৰাধিকাৰী হয়, পুৰুষৰ অধিকাৰ নাই৷ কেন্দ্ৰীয় আইন মন্ত্ৰণালয় আৰু মোদী চৰকাৰৰ দাবী, অভিন্ন দেৱানী বিধি বা এখন পাৰিবাৰিক আইন বলৱৎ হ’লে প্ৰত্যেক ধৰ্ম, সম্প্ৰদায়ৰ এইক্ষেত্ৰত থকা বিভেদ আঁতৰিব, এখন আইনে সকলোৰে বিবাহ, বিচ্ছেদ, সন্তানৰ অভিভাৱকত্ব, সম্পত্তিৰ উত্তৰাধিকাৰ, অংশীদাৰিত্ব নিৰ্ধাৰণ কৰিব৷
এই অভিন্ন দেৱানী বিধি বলৱৎ কৰিবলৈ হ’লে দেশত বিভিন্ন ধৰ্মাৱলম্বীৰ পৰা তীব্ৰ আপত্তিৰ সূত্ৰপাত হ’ব৷ শিখ, পাৰ্চি বা জনজাতীয় সম্প্ৰদায়ৰ আপত্তিলৈ মোদী চৰকাৰে কৰ্ণপাত নকৰে৷ কিয়নো এই সংখ্যা নগণ্য৷ বৃহৎ আপত্তি বা বিৰোধিতা আহিব মুছলিম সম্প্ৰদায়ৰ পৰা৷ কিন্তু বিজেপিয়ে তাকেই কামনা কৰিছে৷ যদিহে মুছলিম ধৰ্মাৱলম্বীৰ পৰা তীব্ৰ বিৰোধিতা আহে তেন্তে বিজেপিয়ে দেশৰ সংখ্যাগৰিষ্ঠ হিন্দুক তেওঁলোকৰ সিদ্ধান্তৰ পক্ষে একত্ৰিত কৰিবলৈ সক্ষম হ’ব৷ তেনেক্ষেত্ৰত সেই সংখ্যাগৰিষ্ঠ হিন্দুৱেই হ’ব অহা সাধাৰণ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ সমল৷ প্ৰতিবাদৰ পৰা যদি সাম্প্ৰদায়িক সংঘৰ্ষৰ উৎপত্তি হয়, তেন্তে ২০২৪১ নিৰ্বাচনত সেয়া হৈ পৰিব বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড– তুৰুপৰ তাচ৷ পিছে তাৎপৰ্যপূৰ্ণভাৱে মুছলিম ধৰ্মাৱলম্বী এতিয়াও বিষয়টোক লৈ নিশ্চুপ হৈ আছে৷ নাগালেণ্ডৰ উপৰি আপত্তি কৰিছে কেৱল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷ এনপিপিৰ মুৰব্বী কনৰাড চাংমাই কৈছে– ‘অভিন্ন দেৱানী বিধি ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বহুত্ববাদী আদৰ্শৰ পৰিপন্থী৷ ই বিভিন্ন ধৰ্মাৱলম্বীৰ উপৰি জনজাতিৰ অধিকাৰৰ ক্ষতিসাধন কৰিব৷ আমি ইয়াৰ প্ৰৱল বিৰোধিতা কৰিম৷’ এনডিএৰ অন্তৰ্ভুক্ত কনৰাড চাংমাৰ এই বিৰোধিতা বিজেপিৰ বাবে বেসুৰা হৈ পৰিছে৷ অথচ পূৰ্বে বিৰোধিতা কৰা কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বাঁওপন্থী, শিৰোমণি আকালি দলে মোদী চৰকাৰৰ তৎপৰতা সত্ত্বেও সম্প্ৰতি নীৰৱে আছে৷
বিজেপিয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজত, ৫ আগষ্টত এই বিধেয়ক সংসদত উত্থাপন কৰি দেশলৈ এটা নতুন বাৰ্তা দিবলৈ বিচাৰিছে৷ বিজেপি নেতা কপিল মিশ্ৰই অলপতে টুইট কৰি জনাইছে ৫ আগষ্টৰ গুৰুত্ব আৰু মোদী চৰকাৰৰ পৰিকল্পনাৰ কথা৷ ২০১৯ চনৰ ৫ আগষ্টত মোদী চৰকাৰে জম্মু-কাশ্মীৰক দ্বি-খণ্ডিত কৰিছিল আৰু ৩৭০ অনুচ্ছেদ তথা ৩৫-এ প্ৰত্যাহাৰ কৰি জম্মু-কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কাঢ়িছিল৷ ২০২০ চনৰ প্ত আগষ্টত ক’ভিডৰ ভয়ংকৰ ভৰপকৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰামমন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল৷ বিজেপিয়ে ৫ আগষ্টক ‘নৱভাৰত’ দিৱসৰ সূচনা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে৷ কিয়নো প্ত আগষ্টতে মোদী চৰকাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া দুটা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব৷ ৫ আগষ্ট হ’ব অভিন্ন দেৱানী বিধি বিধেয়ক লোকসভাত উত্থাপন, গৃহীতকৰণৰ শুভদিন আৰু এয়া হ’ব গেৰুৱা দলটোৰ ‘নৱভাৰত’ দিৱস প্ৰতিষ্ঠাৰ তৃতীয়টো সাৰ্থক খোজ৷