Logo
image

কলংকই ঢাকি ধৰিছে সূৰ্য, সৃষ্টি হৈছে ক’লা গহ্বৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুলাইঃ আমাৰ শক্তিৰ মূল উৎস সূৰ্যত সম্প্ৰতি ঘটি থকা উপৰ্যুপৰি বিস্ফোৰণৰ ফলত প্ৰশান্ত মহাসাগৰ আৰু আমেৰিকাত ‘ৰেডিঅ’ ব্লেকআউট’ৰ সৃষ্টি হৈছে৷ দেওবাৰে হোৱা শেহতীয়া বিস্ফোৰণটোৰ পৰা নিৰ্গত শক্তি সূৰ্যৰ পৰা বহু লক্ষ কিলোমিটাৰ গতিত সৌৰজগতৰ গ্ৰহৰ দিশে ধাবিত হয় আৰু এতিয়ালৈকে জানিব পৰা মতে ই পৃথিৱীৰ ভয়ংকৰ ক্ষতিসাধন কৰিছে৷ কিয়নো, মাৰ্কিন তথ্য অনুসৰি এই বিস্ফোৰণৰ পৰা নিৰ্গত শক্তিয়ে আমেৰিকাৰ ৰেডিঅ’ যোগাযোগ, বৈদ্যুতিক পাৱাৰ গ্ৰীড আৰু নেভিগেচন সংকেতক ক্ষতিগ্ৰস্ত কৰিছে৷ ই মহাকাশযান আৰু মহাকাশচাৰীৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে বুলি আশংকাৰ সৃষ্টি হৈছে৷ এই বিস্ফোৰণৰ ফলত সূৰ্যত যি ‘ছানস্পট’ সৃষ্টি হৈছে, তাৰ আকাৰ পৃথিৱীৰ সাতগুণ৷ নাছা আৰু মাৰ্কিন অ’চেন এণ্ড এটমস্ফিয়েৰিক এডমিনিষ্ট্ৰেছনৰ পৰ্যবেক্ষণত এই ঘটনা ধৰা পৰিছে৷ তেওঁলোকে জনোৱা মতে বিগত মাহত সূৰ্যত এনে বিস্ফোৰণৰ ফলত ১৬০ টা ভিন ভিন ‘ছানস্পট’ সৃষ্টি হৈছে৷ যেতিয়াৰ পৰা বিজ্ঞানীয়ে এনে বিস্ফোৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত এই সংখ্যা সৰ্বাধিক৷ এই ‘ছানস্পট’ হৈছে সূৰ্যত সৃষ্টি  হোৱা কৃষ্ণগহ্বৰ, বিজ্ঞানীয়ে ইয়াক সূৰ্যৰ  কলংক বুলিও অভিহিত কৰিছে৷ এই কৃষ্ণগহ্বৰত তাপমাত্ৰা একেবাৰে হ্ৰাস হৈ যায় আৰু চুম্বকীয় ক্ষেত্ৰ সলনি হৈ যায়৷ বিস্ফোৰণৰ ফলত সূৰ্যৰ পৰা ‘ছ’লাৰ ফ্লেয়াৰ’ বা জ্বলন্ত অংশ সৌৰমণ্ডলত বিচ্ছুৰিত হয়৷ এই ‘ছ’লাৰ ফ্লেয়াৰ’ৰ প্ৰভাব আহি পৰে পৃথিৱীত৷ তাৰ ফলতে মাৰ্কিন আৰু প্ৰশান্ত মহাসাগৰত ‘ৰেডিঅ’ ব্লেক আউট’ৰ সৃষ্টি হৈছে, যি ৰেডিঅ’ যোগাযোগ বৈদ্যুতিক পাৱাৰগ্ৰীড আৰু নেভিগেচন সংকেতৰ ক্ষতিসাধন কৰিছে৷