Logo
image

মাৰ্কিন বিষয়াৰে বৈঠকৰ পাছত দালাই লামা আহি আছে টাৱাঙলৈ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুলাইঃ তিব্বতে এতিয়া আৰু স্বাধীনতা নিবিচাৰে বুলি কিছুদিন পূৰ্বে চীনক আশ্বস্ত কৰা তিব্বতী ধৰ্মগুৰু দালাই লামাই অচিৰেই অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণ কৰিব৷ ১৯৫৯ চনত যেতিয়া চতুৰ্দশ দালাই লামাই চীনৰ আগ্ৰাসনৰ বাবে তিব্বত এৰি পলাই আহিছিল, তেতিয়া অৰুণাচল প্ৰদেশৰ টাৱাঙতে তেওঁ প্ৰথম জিৰণি লৈছিল৷ চীনৰ প্ৰবল আপত্তিৰ বাবে তেঁওঁ কুৰিবছৰৰো অধিক দিন টাৱাঙত ভৰি নিদিয়াকৈ থাকিলেও ১৯৮৩ চনৰ পৰা তেওঁ বৌদ্ধ স্তুপেৰে ভৰি থকা টাৱাঙলৈ ৭ বাৰ আহিছে৷ এয়া হ’ব চতুৰ্দশ দালাই লামাৰ ভাৰতৰ আশ্ৰয় লোৱাৰ পাছত অষ্টমবাৰৰ টাৱাং ভ্ৰমণ৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই দালাই লামা টাৱাঙলৈ আহিব৷ তিব্বতৰ পৰা পলাই ভাৰতলৈ আহি টাৱাঙত ভৰি দিয়াৰ সময়ত তেওঁ আছিল ২৪ বছৰীয়া চফল যুৱক আৰু এতিয়া পুনৰ টাৱাঙলৈ আহিবলগীয়া দালাই লামাৰ বয়স ৮৮ বছৰ৷ 

ইপিনে চতুৰ্দশ দালাই লামাই ভাৰত ভ্ৰমণৰত মাৰ্কিন কুটনীতিবিদ উঝৰা ঝেয়াক সাক্ষাৎ কৰি এখন বৈঠকত মিলিত হোৱাত চীনে তীব্ৰ উষ্মা প্ৰকাশ কৰিছে৷ সম্প্ৰতি ভাৰত ভ্ৰমণৰত মাৰ্কিন প্ৰতিনিধি উঝৰা ঝেয়া হৈছে আমেৰিকাৰ তিব্বত বিষয়ক বিশেষ সমন্বয়ক৷ ঝেয়াৰ সৈতে যোৱা বৃহস্পতিবাৰে দালাই লামাৰ হিমাচল প্ৰদেশৰ ধৰমশালাত এখন বৈঠক অনুষ্ঠিত হয়৷ উল্লেখ্য, নিৰ্বাসিত তিব্বতী চৰকাৰৰ ৰাজধানী হৈছে হিমাচল প্ৰদেশৰ ধৰমশালা৷ দালাই লামাই ধৰমশালাত মাৰ্কিন প্ৰতিনিধিগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ তিব্বত সম্পৰ্কীয় আলোচনা কৰে৷ এই কথাত তীব্ৰ আপত্তি উত্থাপন কৰি চীনে কৈছে, তিব্বতৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই৷ নতুন দিল্লীত থকা চীনৰ দূতাবাসেও কঠোৰ শব্দ প্ৰয়োগ কৰি এটা বিবৃতিত কয়–‘ছিজাং [তিব্বত] বিষয়টো সম্পূৰ্ণৰূপে চীনৰ আভ্যন্তৰীণ৷ কোনো বৰ্শিশক্তিৰ এই বিষয়ত মাত মতাৰ অধিকাৰ নাই৷’ উল্লেখ্য, ২০১৭ চনত কোৱাৰ দৰে দালাই লামাই অলপতে পুনৰ কৈছিল যে, তিব্বতে এতিয়া আৰু স্বাধীনতা নিবিচাৰে৷ তিব্বতে এতিয়া উন্নয়ন বিচাৰে৷ য়াংটেৰ পৰা সিন্ধুলৈ বহু ডাঙৰ নদীৰ উৎস তিব্বত আৰু সেই নদীৰ উপত্যকাত নিযুত নিযুত লোকে বাস কৰে৷ সেয়ে তিব্বত মালভূমি কেৱল তিব্বতৰ বাবেই নহয়, বিশ্বৰ বহু নিযুত লোকৰ বাবে প্ৰয়োজনীয়৷ দালাই লামাই চীনক এনেদৰে আশ্বস্ত কৰি অৰ্থাৎ একপ্ৰকাৰ আত্মসমৰ্পন কৰি টাৱাঙলৈ আহিবলৈ ওলাওতেই মাৰ্কিন প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাই তেওঁৰ সম্ভাৱ্য ভ্ৰমণ স্পৰ্শকাতৰ কৰি তুলিছে৷