Logo
image

সপ্তাহত ৪০ ঘণ্টা কাম কৰিব লাগিব কলেজ শিক্ষকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ জুলাইঃ এতিয়াৰে পৰা কোনো কলেজ শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদানত ফাঁকি দিয়াৰ দিন উকলিল৷ পূৰ্বতে দিনটোত এটা বা দুটা ক্লাছ কৰিয়েই ঘৰমুৱা হোৱা কলেজ শিক্ষকে এতিয়াৰে পৰা দৈনিক ৮ ঘণ্টাকৈ বাধ্যতামূলকভাৱে উপস্থিত থাকিব লাগিব নিজ নিজ শিক্ষানুষ্ঠানত৷ কেৱল পাঠদানেই নহয়, ছাত্ৰ-ছাত্ৰীৰ আন আন আনুসংগিক কামো সম্পাদন কৰিব লাগিব কলেজ শিক্ষক৷ ৰাজ্য চৰকাৰে শিক্ষা বিভাগে প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকৰ বাবে স্কুল ৰোল বলবৎ কৰাৰ পাছত এইবাৰ কলেজ ৰোলৰ নীতি নিৰ্দেশনা জাৰি কৰিছে৷ উচ্ছ শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা কলেজ শিক্ষক দৈনিক পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ শিক্ষানুষ্ঠানত বাধ্যতামূলকভাৱে কৰ্তব্য পালন কৰিব লাগিব৷ পূৰ্বতে শিক্ষকসকলে পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ অৰ্থাৎ মাত্ৰ ৫ ঘণ্টাৰ বাবে শিক্ষানুষ্ঠানত উপস্থিত থাকিব লাগিছিল যদিও নতুন বিধি অনুসৰি দৈনিক ৮ ঘণ্টাকৈ কলেজত উপস্থিত থাকিব লাগিব৷ অৰ্থাৎ প্ৰতিজন কলেজ শিক্ষকে সপ্তাহটোত মুঠ ৪০ ঘণ্টা কলেজত উপস্থিত থাকিব লাগিব৷ অৱশ্যে সপ্তাহটোৰ এই ৪০ ঘণ্টাৰ সময় শিক্ষকসকলে ক’ত কেনেদৰে ব্যয় কৰিব তাকো স্পষ্ট কৰি দিছে উচ্ছ শিক্ষা বিভাগে৷ সেই অনুসৰি এতিয়াৰে পৰা কলেজ শিক্ষকসকলে প্ৰতি সপ্তাহৰ ১৮ ঘণ্টা ছাত্ৰ-ছাত্ৰী পাঠদান আৰু গ্ৰন্থাগাৰত ব্যয় কৰিব লাগিব৷ প্ৰতিজন শিক্ষকৰ উক্ত দায়িত্ব পালনৰ বিষয়টো নিৰীক্ষণত ৰাখিব লাগিব বিভাগীয় মূৰব্বীয়ে৷ তদুপৰি প্ৰতি সপ্তাহত ২ ঘণ্টাকৈ সময় প্ৰশাসনিক কামত ব্যয় কৰিব লাগিব৷ ইয়াৰোপৰি সপ্তাহটোত ছাত্ৰ-ছাত্ৰীৰ অন্যান্য পাৰদৰ্শিতামূলক দিশ নিৰীক্ষণ নামত ২ ঘণ্টা সময়, সামাজিক দায়ৱদ্ধতামূলক কামত ২ ঘণ্টা সময়, স্নাতক, স্নাতকোত্তৰ আৰু গৱেষক ছাত্ৰক পৰামৰ্শমূলক কামত ৬ ঘণ্টা, পৰীক্ষাৰ আৰু মূল্যায়নৰ নামত ২ ঘণ্টা সময়, শৈক্ষিক সভা সমিতিত অংশগ্ৰহণ তথা বক্তৃতা প্ৰদানত ৪ ঘণ্টা সময় আৰু শিক্ষকে নিজৰ জ্ঞান আহৰণ আৰু পাঠদানৰ প্ৰস্তুতিৰ বাবদ ৬ ঘণ্টা সময় ব্যয় কৰিব লাগিব৷ অৱশ্যে কলেজ শিক্ষকসকলে ইয়াৰ মাজতে দৈনিক ১ বজাৰ পৰা ২ বজালৈ টিফিন বিৰতি লাভ কৰিব৷