Logo
image

হিমন্তৰ টেবুলত প্ৰস্তুত কৰা হৈছিল খচৰা! আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ধুবুৰীৰ প্ৰতিবেদক, ১২ জুলাইঃ মুছলমানক কষ্ট দিয়া নীতি মানৱতাবিৰোধী৷ ইউচিচি, তিনি তালাক, ৩৭০ অনুচ্ছেদ, মুছলমানপ্ৰীতি সকলো ঝুমলাবাজী৷ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত কাশ্মীৰৰ অৱস্থা বেয়াহে হৈছে৷ মুছলমান মহিলাৰ কথা ভাবি টোপনি নাহে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাৰ৷ এই ভাষ্য ইউডিএফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলৰ৷ মঙলবাৰে ধুবুৰীত এখন সংবাদমেল আয়োজন কৰি আজমলে আৰু কয়– মই প্ৰত্যাহ্বানজনাইছোঁ, তিনি তালাক দিয়া ৰ লাখ মহিলা তেওঁলোকে গোটাই দিয়ক৷ এক লাখৰ ভিতৰত ৩জনমানহে ওলাব তিনি তালাক দিয়া মহিলা৷ মুছলমানক হাৰাশাস্তি কৰি আনন্দ পায় মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই৷ কেৱল তিনি তালাকেই মুছলমান মহিলাৰ সমস্যা নেকি? হিজাব বিতৰ্কৰে হাজাৰ হাজাৰ মুছলমান ছোৱালীৰ উচ্ছ শিক্ষা বন্ধ কৰি দিলে বিজেপিয়ে৷ মুছলমান মহিলাৰ বাবে কিমান স্কুল, কলেজ, বিশ্ববিদ্যালয় খুলিলে মোদীয়ে? তিনি তালাক পোৱা মহিলাৰ পেন্সনৰ ব্যৱস্থা কৰিলেনে? এনে কৰিলেহে আমি ক’লোঁহেঁতেন মুছলমান মহিলাৰ প্ৰতি আপোনাৰ চিন্তা আছে৷ মুছলমানৰ মাজত যদি কিবা বেয়া বস্তু আছে সেয়া এক তালাকহে৷ মুছলমান মহিলাৰ উন্নতিৰ বাবে কি কৰিছে চৰকাৰে–সেয়া জনাওক৷ ওলোটাই মুছলমান মহিলাৰ বাবে থকা মৌলানা আবুল কালাম স্কোলাৰশ্বীপ বন্ধ কৰি দিছে৷ মুছলমান মহিলাৰ বাবে থকা বহু আঁচনি বন্ধ কৰি দিছে এইখন চৰকাৰে৷ মুছলমানৰ এখন হাতত কোৰান আনখন হাতত লেপটপ চাব খোজে চৰকাৰে৷ এইবোৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল? এতিয়া ইউনিফৰ্ম ছিভিল ক’ডৰ জৰিয়তে সদনত মুছলমানক নিচ দেখুৱাবলৈ চেষ্টা কৰিব৷ গোটেই পৃথিৱীত মুছলমানক লৈ মাজাক কৰিছে বিজেপি চৰকাৰে৷ আমাৰ ৰাইজৰ ওপৰত, আল্লাৰ মেহেৰবাণীৰ ওপৰত আস্থা আছে৷ অতি কমেও যোৱাবাৰ যিমান ভোট পাইঠিলোঁ তাতকৈ দুগুণ ভোট পাম৷ ইনসাহ আল্লাহ৷’ কোনে কাক উৎখাত কৰিব সেয়াতো ওপৰৱালাই জানে৷ আমিতো এয়া জানো; ইনসাহ আল্লাহ, ধুবুৰীৰ ৰাইজ মোৰ লগত আছিল, আজিও আছে আৰু আগলৈও থাকিব৷ আনহাতে, ভূপেন বৰাই সাংসদজনক উদ্দেশ্যি কৰা মন্তব্যৰ বিষয়টো সাংবাদিকে উনুকিওৱাৰ পাছত বদৰুদ্দিন আজমলৰ কটাক্ষ– আমি চেলেঞ্জ নকৰোঁ; চেলেঞ্জ ডাঙৰ ডাঙৰ মানুহসকলে কৰে ভাই; যিসকল ক্ষমতাত আছে৷ আমি কোনো তেনেকুৱা ক্ষমতাত নাই, মন্ত্ৰিত্ব নাই৷ আমি কিয় চেলেঞ্জ কৰিম? আগন্তুক লোকসভা নিৰ্বাচনত এতিয়ালৈকে ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে এআইইউডিএফ দলে সিদ্বান্ত লোৱা বুলি আজিৰ সেই সংবাদমেলখনত সদৰি কৰে আজমলে৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিৰোধীৰ মহাজোঁটৰ সৈতে থকা বুলি দাবী কৰি সাংসদজনৰ প্ৰশ্ন– লাহে লাহে চাওক৷ ভূপেন বৰাক সৰ্বভাৰতত কোনে পাত্তা দিব? ভূপেন বৰা আজি যাওক বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ বাবু বা লালুৰ ল’ৰা বা শাৰদ পাৱাৰৰ তালৈ? কোনে চিনিব ভূপেন বৰাক? কোন ভূপেন বৰা? এআইইউডিএফৰ সৈতে গোটবন্ধন কৰিব নালাগে - ৱান পয়েণ্ট প্ৰ’গ্ৰাম হ’ল মুখ্যমন্ত্ৰীৰ৷ এইটো কাৰ্যকৰী কৰি আছে কংগ্ৰেছে৷ কংগ্ৰেছৰ লগত যে মহা-জোট দিছে– তিনিজন মাথোঁ ৰাজনৈতিক মানুহ৷ ইয়াৰ পিছত কোন আছে? আপোনালোকে জানে নেকি– এইযে বাকী ১১ জনৰ নাম দিছে? এটা ক্ৰিকেটৰ দল বনাইছে, ফুটবল টিম বনাইছে৷ নিৰ্বাচন আহিলে ৰাইজে যেতিয়া এটা এটা গোৰ দিব ফুটবলৰ ওপৰত কোনে ক’ত যাব এইটো কোনো নাজানে৷ আনহাতে, সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টোক লৈ তেওঁ কয় যে কংগ্ৰেছ-বিজেপি ইপিঠ-সিপিঠি৷ ২০০৮ত কংগ্ৰেছে যিটো বনাই দিছিল সেয়াই এতিয়া ২০২৩ বিজেপিয়ে বনাইছে৷ ভালদৰে পৰামৰ্শ কৰি কৰিছে৷ ১০টাকৈ মুছলিম চিট কম কৰি দিছে৷ কংগ্ৰেছে আজিলৈকে মাত মতা নাই; কংগ্ৰেছক মুছলমানৰ ভোট নালাগে৷ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই ‘ডিভাইড এণ্ড ৰুল’ চলি আছে৷ দলটোৰ জন্ম ইংৰাজৰ পৰা; আৰএছএছ, বিজেপি-ইংৰাজে বনাই গৈছে আৰু সেই পলিচি হিচাবে কাম কৰি আছে৷ হিমন্তৰ টেবুলত প্ৰস্তুত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা৷ এতিয়া তেওঁ দেখুৱাই আছে তেওঁৰে সমষ্টি কৰ্তন হৈছে৷ অসমৰ ৰাইজে এইবোৰ কথা ভালদৰে জানে৷