Logo
image

শাক-পাচলিৰ ৰাজনীতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুলাইঃ ৰাজ্যত শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততে পুনৰ আৰম্ভ হৈছে পাচলিৰ ৰাজনীতি৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দিও কৰা হৈছে প্ৰতিবাদ৷ পূৰ্বে শাক-পাচলিৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গলত বিলাহী, পিয়াজৰ মালা পিন্ধি ৰাজপথ উত্তপ্ত কৰিছিল বিজেপি বিধায়ক প্ৰশান্ত ফুকন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী আদিয়ে৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গৰুগাড়ী চলাই প্ৰতিবাদ কৰিছিল প্ৰশান্ত ফুকন, বিজয়া চক্ৰৱৰ্তীয়ে ইতিমধ্যে শাক-পাচলিৰ কিলোত ২০০ৰ ঘৰ অতিক্ৰম কৰিছে৷ শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে শাক-পাচলিৰ দোকান দি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা কৃষকৰ পৰা পোনপটীয়াভাৱে ক্ৰয় কৰি অনা হৈছিল পাচলিসমূহ৷ উক্ত পাচলি কিলোত ৫ টকা পৰিবহন ব্যয় আৰু লাভ ১০ টকাকৈ ৰাখিও বজাৰ মূল্যতকৈ আধা দামত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হয়৷ গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত স্থাপন কৰা অস্থায়ী বজাৰখন প্ৰায় এঘণ্টাৰ ভিতৰত সমূদায় পাচলি বিক্ৰী হৈ যায়৷ ইফালে, বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দি মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ জনায় অসম জাতীয় পৰিষদে৷ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাংগঠনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ কালি জন্মদিন আছিল৷ সেয়ে তেওঁ এসাজ খুৱাওঁ বুলি সন্ধিয়া বন্ধুবৰ্গক তেওঁৰ ঘৰলৈ মাতিলে৷ কেক অৰ্ডাৰ কৰা হ’ল৷ ইজনে সিজনে নানান উপহাৰ লৈ আহিল৷ জাতীয় যুৱ শক্তিৰ তথ্য প্ৰযুক্তি সম্পাদক দেৱজিৎ ভৰালীৰ নেতৃত্বত সংগঠনটোৰ অমন হাজৰিকা, ছাইফুল ইছলাম, অসীম কাকতী সতীৰ্থৰ জন্মদিন উপলক্ষ্যে হাতত উপহাৰ হিচাপে লৈ আহিল দুই কিলো বিলাহী৷ জন্মদিনত অনা উপহাৰ সামগ্ৰী হিচাপে বন্ধু ইফটিকাৰলৈ তেওঁলোকে বিলাহীৰ টোপোলাটো আগবঢ়াই ক’লে–বিলাহীৰ দাম এতিয়া ১৬০ টকা কিলো৷ বজাৰত এইবিধ সামগ্ৰীয়ে আটাইতকৈ দামী৷ জন্মদিনত দামী বস্তু হিচাপে এইপদ সামগ্ৰীকে উপহাৰ হিচাপে আগবঢ়ালোঁ; গ্ৰহণ কৰি কৃতাৰ্থ কৰিব৷ অভ্যাগতসকলৰ মাজত হাঁহিৰ ৰোল উঠিল৷ মেজৰ ওপৰত কে’কৰ সৈতে অন্য উপহাৰৰ লগতে বিলাহীৰ টোপোলাটোও সজাই থৈ কে’ক কাটি যুৱ নেতাজনৰ জন্মদিন উদ্‌যাপন কৰিলে সকলোৱে৷ বৰ্তমানৰ পৰিৱেশ আৰু চৰকাৰৰ অসহায় অৱস্থাৰ প্ৰতি যে এক নিদাৰুণ ৰাজনৈতিক বিদ্ৰূপ, সেয়া স্পষ্ট৷