Logo
image

নিয়মীয়াকৈ কফি খালেও হৃদৰোগ-ডায়েবেটিছৰ আশংকা হ্ৰাস পায়

- নিয়মীয়াকৈ কফি পান কৰিলেও হৃদৰোগ আৰু ডায়েবেটিছৰ পৰা হাত সাৰিব পাৰি৷  যিসকলে দৈনিক ১-৪ কাপ কফি পান কৰে (প্ৰায় ১০০-৪০০ মিলিগ্ৰাম কেফেইন প্ৰদান কৰে) পুৰুষ আৰু মহিলাৰ হৃদৰোগৰ আশংকা ১৬-১৮ শতাংশ হ্ৰাস পায়৷ একেদৰে প্ৰতিদিনে ২-৪ কাপ কফি খালে ষ্ট্ৰোকৰ আশংকা ১৪-২০ শতাংশ হ্ৰাস পায়৷ 

- কেফেইনে কেতিয়াবা কিছুমান লোকৰ ৰক্তচাপ সামান্য বৃদ্ধি কৰিব পাৰে যদিও এই প্ৰভাৱ সাধাৰণতে কম হয় (৩–৪ mmHg)৷

- ডায়েবেটিছৰ ক্ষেত্ৰতো কেফেইনৰ উপকাৰিতা দেখা যায়৷ যিসকলে দিনটোত একাপতকৈ বেছি কফি খায় তেওঁলোকৰ টাইপ-২ ডায়বেটিছ হোৱাৰ আশংকা ২৯ শতাংশ লৈকে কম হয়৷ একেদৰে ডায়েবেটিছৰ আশংকা ৩০ শতাংশ লৈকে কম হয়৷ সেয়েহে নিয়মীয়াকৈ কফি খোৱাৰ অভ্যাস গঢ়ি তুলিলে এইক্ষেত্ৰত যথেষ্ট উপকাৰ পোৱা যায়৷