Logo
image

কেতিয়া ভেদ হ'ব জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য!: অনিল ভূঞাক পুনৰ চি বি আইৰ জেৰা

ডিজিটেল সংবাদ, নগাঁওঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ভেদ কৰিবলৈ অহা অনুসন্ধানকাৰী সংস্থা চি বি আইৰ দলে নগাঁও আৱৰ্ত ভৱনত বৰ্তমানেও বাহৰ পাতি আছে। দলটো অসমলৈ অহা এমাহ হ'ল যদিও ঘটনাটোৰ তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ উঠিছে৷ প্ৰথম অৱস্থাত চি বি আইৰ তদন্তকাৰী দলটোৱে যিমান ক্ষিপ্ৰতাৰে অনুসন্ধান আগবঢ়াইছিল সময় আগবঢ়াৰ লগে লগে স্তিমিত হৈ পৰা পৰিলক্ষিত হৈছে। জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ভেদ কৰাত সংস্থাটো কিমান দূৰ সফল হয় সেয়া সময়তহে পৰিলক্ষিত হ'ব। ভিন্নজনে জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ আঁৰত ৰহস্যৰ গোন্ধ পালেও সেয়া দুৰ্ঘটনা নে হত্যাকাণ্ড সেই কথা চি বি আইৰ তদন্তত নিশ্চিত হ'ব বুলি আশাবাদী সৰ্বসাধাৰণ ৰাইজ। 

চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা নগাঁও সদৰ থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বৰ্তমান নিলম্বিত হৈ থকা পৰিদৰ্শক মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তেতিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদ, নগাঁও সদৰ থানাৰ গাড়ী চালক অনিল ভূঞাকে ধৰি কেইবাজনকো জেৰা কৰিলে যদিও জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে, সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙক তদন্তৰ আওতালৈ নহাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

ইফালে কেইদিনমান বিৰতিৰ পিছত বৃহস্পতিবাৰে চি বি আইয়ে পুনৰ জেৰা আৰম্ভ কৰিছে। জানিব পৰা মতে, নগাঁও সদৰ থানাত কৰ্মৰত গাড়ী চালক অনিল ভূঞাক চি বি আইয়ে পুনৰ মাতি আনি জেৰা চলায়। আৰক্ষীৰ গাড়ী চালকজন কেইবাঘণ্টা চি বি আইৰ জেৰাৰ সন্মুখীন হয়। উল্লেখ্য, এইজন অনিল ভূঞাৰ এক বিস্ফোৰক অডিঅ' টেপে জোনমণি ৰাভাৰ মৃত্যুৰ সম্পৰ্কত জোকাৰণি সৃষ্টি কৰিছিল। এজন সাংবাদিকৰ স'তে হোৱা মোবাইল ফোনৰ কথোপকথনত জোনমণি ৰাভাক হত্যা কৰা বুলি মন্তব্য কৰিছিল অনিল ভূঞাই। আনকি তেওঁ ইয়াৰ লগত আৰক্ষী জড়িত বুলিও কৈছিল। অৱশ্যে পিছত সংবাদ মাধ্যমৰ আগত তেওঁ নিজৰ মন্তব্য সলনি কৰি সেয়া তেওঁৰ সন্দেহহে, সেই মন্তব্যৰ কোনো ভিত্তি নাই বুলি কয়। সেইজন আৰক্ষী গাড়ী চালক অনিল ভূঞাক দ্বিতীয়বাৰৰ বাবে চি বি আইয়ে জেৰা কৰা কাৰ্যই আন আৰক্ষী বিষয়াসকলকো পুনৰ জেৰা কৰাৰ সম্ভাৱনা দেখা গৈছে।