Logo
image

বিমানত বোমা আছে! অজ্ঞাত ফোনত বৰঝাৰত আতংক

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৪ জুলাইঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা থকাৰ সন্দেহক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে বিমান বন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) বোমা নিষ্ক্ৰিয়কাৰী গোট আৰু কমাণ্ডোৰ দলে বিমানখনত মেটেল ডিটেক্টৰৰ লগতে স্নিফাৰ ডগৰে তালাচীল চলাই বোমা বা বিস্ফোৰক জাতীয় কোনো সামগ্ৰীৰ সন্ধান নোপোৱাৰ পাছতহে সকলোৱে স্বস্তিৰ নিশ্বাস এৰে৷ প্ৰাপ্ত খবৰ মতে এয়াৰ ইণ্ডিয়াৰ এখন বিমান ১৮২জন যাত্ৰী লৈ পুৱা ৮.৪৫ বজাত বৰঝাৰৰ পৰা নতুন দিল্লীলৈ যোৱাৰ কথা আছিল৷ এনেতে পুৱা ৭ মান বজাত বিমানবন্দৰলৈ এজন ৰেপিডো চালক এজনে ফোন কৰি অৱগত কৰে কোনো যাত্ৰীয়ে ম’বাইল ফোনত গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান এখনত বোমা থকাৰ কথা তেওঁ শুনিছে৷ সেই ফোন লাভ কৰাৰ পাছত চি আই এছ এফৰ বোমা নিষ্ক্ৰয়কাৰী গোট আৰু কমাণ্ডোৱে সেই সময়ত যাত্ৰী উঠিবলৈ কিছু সময় বাকী থকা অৱস্থাত ৰাণৱেত ৰখাই থোৱা অৱস্থাত বিমানখন মেটেল ডিটেক্টৰ আৰু স্নিফাৰ ডগৰ সহায়ত তন্নতন্নকৈ তালাচী চলায়৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সেই বিমানখন নতুন দিল্লী গৈ পোৱাৰ পাছত আবেলি ইজৰাইলৰ ৰাজধানী তেল আভিবলৈ যোৱাৰ কথা আছিল৷ গতিকে পৰৱৰ্তী সময়ত ইজৰাইললৈ যাবলগীয়া বিমানখনত বোমা থকাৰ খবৰটো যথেষ্ট গুৰুত্বপূৰ্ণ সহকাৰে লৈছিল চি আই এছ এফে৷ লক্ষণীয় যে বিমানখনত যে বোমাৰ সন্ধানত তালাচী চলোৱা হৈছে, সেই বিষয়ে বিমানখনত যাত্ৰা কৰিবলগীয়া কোনো যাত্ৰীয়ে একোকে ভূ পোৱা নাছিল৷ অৱশ্যে নিৰ্দিষ্ট সময়ত বিমানখন নতুন দিল্লীলৈ উৰা মাৰে৷ ইফালে, মাত্ৰ চাৰিদিনৰ ব্যৱধানত গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ইণ্ডিগো সেৱাৰ এখন বিমান বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ৰ মোহনবাৰীৰ বিমানবন্দৰত বৰষুণৰ বাবে অৱতৰণ কৰিব নোৱাৰি উভতি আহি পুনৰ বৰঝাৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ অৱশ্যে ডিব্ৰুগড়ত বতৰ ভাল পোৱাৰ পাছত বিমানখন প্ৰায় দুঘণ্টা পলমকৈ ডিব্ৰুগড়লৈ যাত্ৰা কৰে৷