Logo
image

অস+মিঞা=অসমীয়া, আজমলৰ নতুন সংজ্ঞা

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক, ১৪ জুলাইঃ অসমীয়া শব্দৰ এক নতুন সংজ্ঞা দাঙি ধৰিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ বুধবাৰে সন্ধিয়া ধুবুৰী চহৰৰ পাশ্বৰ্ৱৰ্তী দুৰ্গম ভাষাণীচৰত এখন জনসভাত ভাষণ দিয়াৰ পাছত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত সাংসদ আজমলে কয়– ‘আমি জানো এটাই কথা অস+মিঞা=অসমীয়া৷ তাৰ মানে অসমীয়া আৰু মিঞা দুয়ো ভাই ভাই৷ মিঞা সম্পূৰ্ণ নহ’ব যেতিয়া লৈকে অস নাথাকে (অসম নাথাকে)৷ অসমৰ ল’গত মিঞা নাথাকে সেইটোও কোনোদিন সম্পূৰ্ণ নহ’ব; অসম্পূৰ্ণ হ’ব৷ গতিকে অসম আৰু মিঞাক ভাগ ভাগ কৰিব নালাগে৷ আজিকালি চলি আছে ইউনিফৰ্ম চিভিল ক’ড– আজি বা কাইলৈ সংসদত অনা হ’ব৷ আপোনালোকৰ হৈ মই চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ– ইউনিফৰ্ম চিভিল ক’ড লগাওক৷ কালিৰ পৰা আমি শাৰী পিন্ধিম, আপোনালোকে সকলোৱে শাৰী পিন্ধক৷ কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিবলগীয়া ইউচিচি [ইউনিফৰ্ম চিভিল ক’ড] বিলখনৰ বিৰোধিতাত সৰৱ হৈ উঠা ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে কয়– ‘‘এবাৰ আমি দাঢ়ি ৰাখিম, এবাৰ আপোনালোকে দাঢ়ি ৰাখক৷ মানিবনে চৰকাৰক? ইউনিফৰ্ম চিভিল ক’ড নহয়! আমি মাছ-মাংস খাম,  আপোনালোকেও খাওক৷’ আজমলে তেখেতৰ স্বভাবসিদ্ধ ভংগীমাৰে কংগ্ৰেছক আক্ৰমণৰ কৰি কয়– ‘‘এই এনআৰচি - কোনে আনিছিল অসমত? তৰুণ গগৈ চৰকাৰ লগাইছে৷ ডি-ভোটাৰ কোনে লাগু কৰিছিল? এই তৰুণ গগৈ চৰকাৰে আৰম্ভ কৰিছে– চেলেঞ্জ জনাই মই কৈছোঁ৷ ইণ্টাৰনেট চাওক, গুগল চাওক - ডিটেনচন কেম্প কোনে বনাইছে? তৰুণ গগৈ চৰকাৰে৷ সীমান্ত আৰক্ষী [ব’ৰ্ডাৰ পুলিচ] কোনে বনাইছে? তৰুণ গগৈৰ সময়ত হৈছে৷ নিৰ্বাচন সন্মুখত৷ ধনৰ প্ৰলোভনত নপৰিব৷ যিয়ে ধন দিবলৈ আহিব গছত বান্ধি ৰাখি নজৰুল ভাইক (ধুবুৰীৰ ইউডিএফ বিধায়ক) অভিযোগ দিব৷ আৰক্ষীয়ে পিটন দি লৈ যাব৷ ধনখিনি আপোনালোকে লৈ ল’ব৷’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাতো মুখৰ হৈ পৰে আজমলে৷ লোকসভা নিৰ্বাচনত ধুবুৰীত কংগ্ৰেছী নেতা ৰ’কিবুল হুছেইনে তেওঁৰ বিৰূদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’লে তেখেতক ১০ লাখ টকাৰে সাহায্য কৰিব বুলিও সাংবাদিকৰ সন্মুখত মন্তব্য কৰে আজমলে৷ এআইইউডিএফৰ সভাখনত ধুবুৰীৰ বিধায়ক নজৰুল হ’ক, গৌৰীপুৰৰ বিধায়ক নিজানূৰ ৰ’হমান উপস্থিত থাকে৷