Logo
image

বিভিন্ন ধৰণৰ চাহৰ বিভিন্ন গুণ

আজি কালি কম বয়সতে বহুতে উচ্ছ ৰক্তচাপ, থাইৰয়েড, কলেষ্টেৰল, ফেটি লিভাৰ আদি সমস্যাত ভোগা দেখা যায়৷ এইবোৰ ৰোগৰ উপৰি সম্প্ৰতি বৃদ্ধি পাইছে ডায়েবেটিছৰ সমস্যা৷ ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখিবলৈ এবিধ বিশেষ চাহ খালে উপকাৰ পাব৷ উল্লেখ কৰা হ’ল ডায়েবেটিছৰ পৰা পৰিত্ৰাণ পাব পৰা বিশেষ চাহবিধৰ বিষয়ে–
- এণ্টি অক্সিডেণ্টৰ দ্বাৰা পৰিপূৰ্ণ আদাৰে বনোৱা চাহ নিয়মীয়াকৈ খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হৈ থাকে৷ আদা চাহে ইমিউনিটী বৃদ্ধি কৰে আৰু মানসিক চাপ কমায়৷ 
- ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে আন এবিধ উপকাৰী চাহ হৈছে  এল’ভেৰা চাহ৷ এল’ভেৰাৰে বনোৱা চাহে শৰীৰ সুস্থ ৰাখে, তেজত শৰ্কৰাৰ মাত্ৰা কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সদায় পুৱা এল’ভেৰা গছৰ পাত কাটি তাৰ পৰা বিজলুৱা অংশ উলিয়াই লওক আৰু নিৰ্দিষ্ট পৰিমাণৰ পানীৰ সৈতে মিহলাই খাওক৷ দেখিব লাহে লাহে ডায়েবেটিছৰ সমস্যা উপশম ঘটিবলৈ আৰম্ভ কৰিছে৷ 
- তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখিবলৈ আৰু উচ্ছ ৰক্তচাপ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জবা ফুলৰ চাহ খাব পাৰে৷ ইয়াত এণ্টি অক্সিডেণ্ট থাকে৷ জবা ফুলৰ চাহে তেজত শৰ্কৰা মাত্ৰা কমাই শৰীৰ সুস্থ কৰি ৰাখে৷
- দৈনিক অন্ততঃ এবাৰ ডালচেনিৰে বনোৱা চাহ খালেও উপকাৰ পোৱা যায়৷ এই চাহে শৰীৰ সুস্থ ৰাখে আৰু কলেষ্টেৰলৰ মাত্ৰা উন্নত কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে৷ 
- ইউনিৰ্ভাচিটী অৱ মেৰিলেণ্ডৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত  চাহৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ উক্ত প্ৰতিবেদনৰ মতে দৈনিক একাপ হালধিৰে বনোৱা চাহ খালেও শৰীৰ সুস্থ হৈ থাকে৷ এই চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখে৷ তেজত গ্লুক’জৰ মাত্ৰা কমাবলৈ হালধিৰে বনোৱা চাহ খালে  উপকাৰ পাব৷ মানসিক উদ্বেগ, অৱসাদ, দুশ্চিন্তা আদি হৈছে ডায়েবেটিছৰ অন্যতম কাৰক৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শৰীৰৰ আন অংগ-প্ৰত্যংগৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব  পাৰে৷ সেয়ে শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বা ডায়েবেটিছ ৰোগৰ পৰা বাচি থাকিবলৈ হ’লে খাদ্য তালিকাত উল্লিখিত পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে৷