Logo
image

নতুন শিক্ষা নীতি আৰু কেবিনেটৰ সিদ্ধান্ত

সমগ্ৰ দেশত নতুন শিক্ষা নীতি লাহে লাহে প্ৰৱৰ্তন হ’ব লাগিছে৷ কিন্তু অসমত যেন ইয়াৰ কোব অকণমান বেছি৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন শিক্ষা নীতি প্ৰৱৰ্তনৰ নামত নানা বিতৰ্কৰো সূচনা হৈছে৷ প্ৰথম বিতৰ্ক হৈছিল যে নতুন শিক্ষা নীতিৰ আধাৰত অসমৰ সকলো বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদান কৰিব৷ এই লৈ ব্যাপক বিতৰ্ক হ’ল৷ নতুন শিক্ষা নীতিত ক’তো কোৱা পৰিলক্ষিত হোৱা নাই যে তৃতীয় শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীত পঢ়িব লাগিব৷ বৰঞ্চ নতুন শিক্ষা নীতিত এইটোহে কৈছিল যে দেশৰ সকলো বিদ্যালয়তে (ব্যক্তিগত খণ্ডতো) পঞ্চম শ্ৰেণীলৈকে নিজ মাতৃভাষাত শিক্ষাদান কৰিব লাগিব৷ ইয়াৰ বিপৰীতে অসমত এটা বিতৰ্কৰ সূচনা কৰা হ’ল আৰু হঠাতে এই বৰ্ষৰ পৰাই ষষ্ঠ শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজীত পঢ়িবলৈ বাধ্য কৰোৱা হ’ল৷ বিদ্যালয়ত এই দুটা বিষয় ইংৰাজীত পঢ়াবলৈ শিক্ষক আছে নে নাই সেইবোৰ কথাৰ কোনো পৰীক্ষা-নিৰীক্ষা কৰা নহ’ল৷ বহু বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক দূৰতে থ’লোঁ ইংৰাজী পঢ়াবলৈকে শিক্ষক নাই৷ তেনে অৱস্থাত বিজ্ঞানৰ দৰে এটা বিষয় ইংৰাজীত বুজি কিমান ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞানৰ ছাত্ৰ হ’ব, সেয়া সময়েহে ক’ব! ইয়াৰ পাছত প্ত জুলাইত বহা অসম চৰকাৰৰ কেবিনেটৰ বৈঠকে নতুন শিক্ষানীতিৰ নামতে এনে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে যিবোৰ সিদ্ধান্তই অসমৰ শৈক্ষিক পৰিৱেশতে নহয়, সামাজিক পৰিৱেশতো বিৰূপ প্ৰভাৱ যে পেলাব সেইটো নিশ্চিত৷ চৰকাৰে প্ৰথম সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা বাহিৰৰ কোনো দল-সংগঠন, ব্যক্তিবিশেষক বিদ্যালয় চৌহদত সভা-সমিতি বা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়ে৷ সিদ্ধান্তটো ওপৰে ওপৰে চালে এনে লাগিব যে ঠিকেই শৈক্ষিক প্ৰতিষ্ঠানত কিহৰ সভা-সমিতি! কিন্তু কথাটো তেনেকুৱা নহয়৷ অসমৰ গাঁওসমূহত প্ৰতিষ্ঠা কৰা বিদ্যালয়বোৰ চৰকাৰে কৰা নহয়৷ সেইবোৰ বিদ্যালয় ১০০ শতাংশই ৰাইজে মিলি গঢ়ি তুলিবলৈ কৰা এক নিৰলস প্ৰচেষ্টা৷ বিদ্যালয়ৰ বাবে মূল্যৱান ভূমি ৰাইজে দান দিয়ে, বিভিন্নজনে মিলি ডেস্ক-বেঞ্চ যোগান ধৰে৷  ইয়াৰ পাছতো বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰিবলৈ চৰকাৰৰ ঘৰত অজস্ৰ কাকূতি-মিনতি কৰাৰ পাছত চৰকাৰী কষতি শিলত উত্তীৰ্ণ হোৱাৰ পাছতহে বিদ্যালয়খনে পূৰ্ণাংগ ৰূপ পায়৷ তেনে বিদ্যালয় চৰকাৰীকৰণ হ’লেও তাৰ লগত সেই গাঁওখনৰ এটা সামাজিক অনুষ্ঠান হৈ পৰে৷ গাঁৱৰ যুৱক সংঘ, মহিলা সমিতি, মইনা পাৰিজাত আদি এই বিদ্যালয়খনক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠে৷ ৰঙালী বিহু, মাঘৰ বিহুৰ দৰে অনুষ্ঠান ৰাইজে বিদ্যালয়ৰ খেলপথাৰতে উদ্‌যাপন কৰে৷ এতিয়া যদি বিদ্যালয়ক চৰকাৰী সম্পত্তিৰ দৰে চৰকাৰে নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে আইন-কানুন লগাই ৰাইজৰ হাতৰ পৰা কাঢ়ি লয়, তেতিয়া হ’লে গাঁৱৰ সামাজিক বাতাৱৰণত যে অশুভ প্ৰভাৱ পৰিব, সেইটো নিশ্চিত৷ আনহাতে, বিদ্যালয়ৰ আচবাবকে ধৰি সকলো সম্পত্তি যিহেতু ৰাইজৰ দান-বৰঙণিৰে সংগ্ৰহ কৰা, সেয়ে বিদ্যালয়ৰ কাষতে কোনো দুখীয়া-দৰিদ্ৰৰ ঘৰত তোলনি বিয়া এখন হ’লে দুযোৰ ডেস্ক-বেঞ্চ নি পুনৰ ঘূৰাই দিয়াটোও এটা পৰম্পৰা হৈ পৰিছে৷ এতিয়া চৰকাৰে ইয়াতো বাধা-নিষেধ কৰিছে৷ আনহাতে, একেখন কেবিনেট বৈঠকতে প্ৰধান শিক্ষক, অধ্যক্ষ আৰু পৰিচালনা সমিতিলৈ আহ্বান জনাইছে যে যদি বিদ্যালয় চৌহদৰ বেৰা নাই বা সন্মুখত গেট নাই তেতিয়া হ’লে গাঁৱৰ দানী লোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰি দিয়াৰ ব্যৱস্থা কৰিব৷ কথা হ’ল, যেতিয়া অনুষ্ঠানটো ৰাইজৰ হাতৰ পৰা কাঢ়ি আনিব, তেনে অৱস্থাত ৰাইজে চৰকাৰী অনুষ্ঠানক কিয় দান আগবঢ়াব! ৰাইজে বিদ্যালয় চৌহদ বেৰিব আৰু ৰাইজে সেই চৌহদত বিদ্যালয়খন, গাঁৱৰ পথটো, যুৱক-শিক্ষাৰ্থীৰ কল্যাণৰ বাবে সিদ্ধান্ত ল’বলৈ এখন সভা অনুষ্ঠিত কৰিব নোৱাৰিব ৷ এয়া কেনে সিদ্ধান্ত? এয়া জনগণৰ অধিকাৰ কাঢ়ি চৰকাৰী হস্তক্ষেপ বৃদ্ধি কৰাৰ প্ৰয়াস নহয়নে? শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গাঁৱৰ মানুহৰ পৰম্পৰাৰ কথা নাজানেনে? আজিৰ তাৰিখতো গাঁৱৰ বিদ্যালয়বোৰ চলি আছে গাঁৱলীয়া মানুহখিনিৰ অশেষ যত্নত৷ সেয়ে বিষয়বোৰ ভালদৰে চিন্তা কৰা প্ৰয়োজন৷ অসমৰ মুখ্যমন্ত্ৰীজনেচোন শেহতীয়া বহুকেইখন সভা বিদ্যালয়ৰ চৌহদতে কৰিছে ৷ ইয়াৰ অৰ্থ– চৰকাৰী দলে অনুমতি পাব, বাকী সামাজিক অনুষ্ঠানবোৰহে বঞ্চিত হ’ব৷ গাঁৱৰ মানুহ সমাৱেশিত হোৱাৰ অধিকাৰ খৰ্ব কৰিব এই চৰকাৰী  সিদ্ধান্তই৷ চৰকাৰে সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰক!