Logo
image

ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু শিক্ষকক মন্ত্ৰী ৰণোজ পেগুৰ ফতোৱাঃ সামাজিক মাধ্যমলৈ যাওক, মতামত নিদিব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুলাইঃ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীৰ স্ববিৰোধী মন্তব্যই এতিয়া বিবুধিত পেলাইছে ৰাজ্যৰ শিক্ষক সমাজক৷ এফালে যদি শিক্ষা বিভাগে নতুন বিধি প্ৰস্তুত কৰি শিক্ষকক সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ দিছে, আনফালে আকৌ শিক্ষামন্ত্ৰীয়ে শিক্ষক তথা শিক্ষানুষ্ঠানক সামাজিক মাধ্যমত একাউণ্ট খুলি যোগাত্মক বাৰ্তা প্ৰচাৰ কৰিবলৈহে ফতোৱা জাৰি কৰিছে৷ কৰ’বাত যদি চৰকাৰক সমালোচনা কৰাৰ বাবেই শিক্ষা বিভাগে শিক্ষকৰ বাক স্বাধীনতাক খৰ্ব কৰি নিলম্বন কৰিছে, আন কৰ’বাত আকৌ প্ৰতিবাদ কৰা শিক্ষাগুৰুক প্ৰেতাত্মাৰ সৈতে তুলনা কৰি দৰমহা বন্ধ কৰাৰো মুকলি ভাবুকি দিবলৈ এৰা নাই শিক্ষামন্ত্ৰীয়ে৷ মুঠৰ ওপৰত এদিন এটা পিছদিনা আন এটা নিৰ্দেশনাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ফতোৱা জাৰি কৰাত কাৰ্যতঃ শিক্ষকসমাজেই দুই নাৱত দুই ভৰি দিয়াৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এক কথাত শিক্ষাগুৰুসকলক যেন শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীয়ে কেঁকোৰা চেপা দিয়াত নামিছে৷ দিনচেৰেক পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত সিদ্ধান্ত লোৱা স্কুল বিধি অনুসৰি–শিক্ষকে কোনো কাৰণতে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, টুইটাৰ ইত্যাদি৷ তদুপৰি সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰা শিক্ষকৰ বিৰুদ্ধে অনুশাসন ভংগ ব্যৱস্থা লোৱা হ’ব৷ স্কুল বিধিত শিক্ষকসমাজক সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই এইবাৰ ওলোটাই কলেজ শিক্ষক তথা শিক্ষানুষ্ঠানসমূহক সামাজিক মাধ্যমত একাউণ্ট খুলি অধিক সক্ৰিয় হোৱাৰহে নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ আনকি সামাজিক মাধ্যমত একাউণ্ট নথকা মহাবিদ্যালয়সমূহকো সমালোচনাৰ লক্ষ্য কৰি লৈছে শিক্ষামন্ত্ৰীয়ে৷ শুকুৰবাৰে গুৱাহাটীত এটা চৰকাৰী অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী পেগুৱে এই সন্দৰ্ভত কয়– ‘আজিকালি সামাজিক মাধ্যমটো অতি গুৰুত্বপূৰ্ণ৷ সামাজিক মাধ্যম মানে কেৱল মনোৰঞ্জন বা ৰীলছ নহয়৷ সামাজিক মাধ্যমৰ জৰিয়তে গোটেই বিশ্বৰ ডাঁৰৰ বাতৰি ডাঁৰে পাই থাকিব পাৰোঁ৷ মহাবিদ্যালয়সমূহৰ বহুতেৰে সামাজিক মাধ্যমত একাউণ্টেই নাই৷ মহাবিদ্যালয়সমূহে কি কৰি আছে আমি গম নাপাওঁ৷ আিম কিবা টেগ্‌ বা মেনশ্বন কৰিবলৈ সুবিধা নাই৷ সেয়েহে মহাবিদ্যালয়সমূহক আমি সামাজিক মাধ্যমলৈ আহিবলৈ আহ৩ান জনাইছোঁ৷ মহাবিদ্যালয়সমূহৰ ভাল কামখিনি আনক জনাবৰ বাবে আৰু আনৰ ভাল কামখিনিও তেওঁলোকে নিজেই জানিব পাৰিব৷ শিক্ষা বিভাগৰ যিবিলাক কৰ্তৃপক্ষ আছে যেনে– ইউ জি চি, অল ইণ্ডিয়া কাউঞ্চিল অৱ টেকনিকেল এডুকেশ্বন, এন চি টি ই, উচ্ছ শিক্ষা সঞ্চালকালয় আদিৰ ছ’চিয়েল মিডিয়াত একাউণ্ট আছে৷ তেওঁলোকৰ যিকোনো নিৰ্দেশনা ছ’চিয়েল মিডিয়াযোগেই প্ৰথমে প্ৰচাৰ কৰে৷ সেয়েহে মহাবিদ্যালয়সমূহক ছ’চিয়েল মিডিয়াৰ সৈতে সম্পৰ্কলৈ আহিবলৈ কোৱা হৈছে৷’ লক্ষণীয়ভাৱে শিক্ষামন্ত্ৰীয়ে শিক্ষকক সামাজিক মাধ্যমত সক্ৰিয় হ’বলৈ আহ্বান জনালেও একেজন শিক্ষামন্ত্ৰীৰ নিৰ্দেশতে ৰাজহুৱা স্বাৰ্থত ৰাজপথত মাত মতা এজন কলেজ শিক্ষকক চাকৰিৰ পৰাও নিলম্বন কৰিছে উচ্ছ শিক্ষা বিভাগে৷