Logo
image

গণৰাজ্য দিৱসৰ প্ৰাক্‌ক্ষণত চীন সীমান্তত সংঘৰ্ষ

আমাৰ অসম, ২৬ জানুৱাৰীঃ লাডাখৰ গালৱানত ভাৰতীয় আৰু চীনা সেনাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ এতিয়াও অৱসান ঘটা নাই৷ তাৰ মাজতে চীনৰ সেনাই অৰুণাচলৰ ভিতৰলৈ সোমাই আহি ভাৰতীয় ভূ-খণ্ডত এখন গাঁও স্থাপন কৰিছে৷ এনে সময়তে এইবাৰ ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে ছিকিমৰ চীন সীমান্তত৷  চীনৰ এদল সেনাই বলপূৰ্বকভাৱে ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে সেই স্থানত মোতায়েন কৰি ৰখা ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয়৷ এই সংঘৰ্ষত কমেও ২০ জন চীনৰ সেনা কম-বেছি পৰিমাণে আহত হয় বুলি ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে৷ ঘটনাটো সংঘটিত হৈছিল যোৱা ২০ জানুৱাৰীত৷ ছিকিমৰ নাকু লা-ৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি চীনৰ সেনা-বাহিনীৰ এটা বৃহৎ দলে ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশৰ বাবে উদ্যত হৈছিল৷ কেইবাজনো চীনৰ সেনাই ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিছিল৷ সেই সময়ত ভাৰতীয় সেনাই তেওঁলোকক বাধাপ্ৰদান কৰাত উভয়পক্ষৰ মাজত ঠেলা-ঠেলি, গতিয়া-গতিৰ সৃষ্টি হয়৷ আক্ষৰিক অৰ্থতে উভয়পক্ষ সংঘৰ্ষত লিপ্ত হৈ পৰিলেও কোনেও আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল৷ সেই সময়ত বৰফাবৃত অঞ্চলটোৰ বতৰৰ পৰিস্থিতি অতি প্ৰতিকূল আছিল৷ সেই পৰিস্থিতিৰ সুযোগ লৈয়েই ভাৰতীয় ভূ-খণ্ডত চীনৰ সেনাই প্ৰৱেশ কৰিবলৈ চেষ্টা চলালেও সতৰ্ক হৈ থকা ভাৰতীয় সেনাৰ প্ৰবল বাধাৰ বাবে সেয়া সম্ভৱ নহ’ল৷ দীৰ্ঘসময় ধৰি উভয়পক্ষৰ সেনাৰ মাজত মাৰপিট হয়৷ অৱশেষত চীনৰ সেনাই হাৰ মানি পুনৰ নিজৰ ভূ-খণ্ডৰ পিনে আঁতৰি যায়৷ সংঘৰ্ষত ৪ জন ভাৰতীয় সেনাও আহত হয়৷

উল্লেখ্য, যোৱা বছৰৰ জুনত লাডাখৰ চীনত ভাৰত আৰু চীনৰ সেনাৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই সংঘৰ্ষত চীনৰ সেনাই গজাল পুতি লোৱা লাঠিৰে কোবাই আৰু পাহাৰৰ ওপৰৰ পৰা তললৈ গতিয়াই এজন মেজৰসহ ২০ জন ভাৰতীয় সেনাক হত্যা কৰিছিল৷ ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত চীনৰো কেইজনমান সেনাৰ মৃত্যু হোৱা বুলি ভাৰতে দাবী কৰিলেও  ভাৰতীয় সেনা কিম্বা চীন এটা পক্ষয়ো আজি পৰ্যন্ত চীনৰ কেইজন সৈনিকৰ মৃত্যু হ’ল সেয়া প্ৰকাশ কৰা নাই৷

ইপিনে, বিগত দুদিনত উপৰ্যুপৰি চীনৰ যুদ্ধৰ বিমানে টাইৱানৰ আকাশৰ সীমা লংঘন কৰাৰ ঘটনাত উত্তেজনাৰ সৃষ্টি হৈছে৷ পৰিস্থিইত বিষম দেখি আমেৰিকাই এখন যুদ্ধ বিমান থকা যুদ্ধৰ জাহাজ দক্ষিণ চীন সাগৰলৈ প্ৰেৰণ কৰিছে৷