Logo
image

মোদীক ফ্ৰান্সৰ সৰ্বোচ্ছ সন্মান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ জুলাইঃ ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্ছ সন্মান ‘লিজন অৱ অনাৰে’ৰে বিভূষিত কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৱে দেশখনৰ সৰ্বোচ্ছ সন্মানেৰে বিভূষিত কৰে৷ উল্লেখ্য ইয়াৰ পূৰ্বে ফ্ৰান্সে দেশখনৰ এই সৰ্বোচ্ছ সন্মানেৰে কোনো ভাৰতীয় নেতা বা ৰাষ্ট্ৰপ্ৰধানক বিভূষিত কৰা নাছিল৷ অৱশ্যে একেই লিজন অৱ অনাৰৰ অসামৰিক সন্মানেৰে প্ৰখ্যাত ছবি পৰিচালক সত্যজিৎ ৰায় আৰু বলীউডৰ অভিনেতা শ্বাহৰুখ খানক সন্মানিত কৰা হৈছিল৷ পিছে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা লিজন অৱ অনাৰ হৈছে সামৰিক আৰু অসামৰিক উভয় ক্ষেত্ৰৰ সৰ্বোচ্ছ ফৰাচী সন্মান৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ বাস্তিল ডে’  উৎসৱত ভাগ লয়৷ বাস্তিল ডে’ হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস৷ ১৭৮৯ চনৰ ১৪ জুলাইত ফৰাচী বিদ্ৰোহী জনতাই বাস্তিল নামৰ পেৰিছত থকা দূৰ্গসদৃশ বিশাল কাৰাগাৰটো ভাঙি মহান ফৰাচী বিপ্লৱৰ সূচনা কৰিছিল৷ তেতিয়াৰ পৰাই ১৪ জুলাইৰ দিনটোক দেশখনে বাস্তিল ডে’ বা ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰি আহিছে৷ আজি বাস্তিল ডে’ উপলক্ষে পেৰিছৰ অন্যতম সুন্দৰ ৰাষ্ট্ৰীয় পথ চাঁ জে লিজেত সামৰিক পেৰেড হয় আৰু এই চৰকাৰী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ বৃহস্পতিবাৰে পেৰিছত গৈ উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁ আৰু তেওঁৰ পত্নী ব্ৰিজিট মেক্ৰঁই এটা ব্যক্তিগত ডিনাৰৰ আয়োজন কৰে৷ শুকুৰবাৰে দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰঁৰ মাজত কেইবাখনো প্ৰতিৰক্ষা সম্পৰ্কীয় চুক্তি সম্পাদন হয়৷ এই চুক্তি অনুসৰি ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন মেৰিন ৰাফাল বা নৌবাহিনীৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ৰাফাল যুদ্ধবিমান ক্ৰয় কৰিব৷ তদুপৰি পূৰ্বে সম্পাদিত হৈ থকা চুক্তিৰ সৈতে শুকুৰবাৰে অতিৰিক্তভাৱে আৰু তিনিখন স্কৰপেন ছাবমেৰিন ক্ৰয়ৰো চুক্তি সম্পাদন কৰা হৈছে৷