Logo
image

উক্তি-বক্ৰোক্তি

ফ্ৰান্সৰ ভাষা, ফৰাচী সংস্কৃতিৰ সৈতে মোৰ ৪০ বছৰৰ সম্পৰ্ক৷ ১৯৮১ চনতে মই ফৰাচী ভাষা শিকিবলৈ আহমেদাবাদত ‘আলিয়ঁচ ফ্ৰঁচেজ’ নামৰ প্ৰতিষ্ঠানটোত ভৰ্তি হৈছিলোঁ৷ মই আহমেদাবাদৰ প্ৰতিষ্ঠানৰ ১১সংখ্যক ছাত্ৰ হৈছিলোঁ৷ ১২৫ টকা দি মই নামভৰ্তি কৰিছিলোঁ৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 

দেশত কিছুমান মানুহ আছে, যি তেওঁৰ ম’হে গাখীৰ নিদিলেও, কুকুৰাই কণী নাপাৰিলেও আনক দোষ দিয়ে৷ নিজৰ অকৰ্মণ্যতাৰ বাবে মিঞাৰ গাত দোষ জাপে৷ ইপিনে, আজিকালি আকৌ মোদীৰ বিদেশী মুছলমানৰ সৈতে বৰ ভাল সম্পৰ্ক হৈছে৷ তেওঁ তাৰ পৰাই সস্তাত বিলাহী, জলকীয়া, আনিব পাৰে৷ 
–হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন অ’ৱেইচি

মোৰ দলটোক যদি নিষিদ্ধ কৰে তেন্তে মই এটা নতুন দল গঠন কৰি নতুন নাম দি নিৰ্বাচনত নামিম৷ মই জে’লত থাকিলেও মোৰ দল বিজয়ী হ’ব৷ 
– পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান 

দিল্লীক ডুবিবৰ বাবে কোনোবাই ষড়যন্ত্ৰ কৰিছে৷ ‘হাথনিকুণ্ড বেৰেজ’ৰ পানী কেৱল দিল্লী ডুবিবৰ বাবে এৰি দিয়া হৈছে৷ 
– দিল্লীৰ জলসিঞ্চন, বান নিয়ন্ত্ৰণ মন্ত্ৰী সৌৰভ ভৰদ্বাজ

মণিপুৰ জ্বলি আছে, ইউৰোপিয়ান পাৰ্লিয়ামেণ্টে ভাৰতৰ আভ্যন্তৰীণ বিষয় তেওঁলোকৰ সংসদত আলোচনা কৰি আছে৷ প্ৰধানমন্ত্ৰীয়ে পিছে এটা শব্দও কোৱা নাই৷ ইতিমধ্যে তেওঁ ৰাফালৰ বিনিময়ত বাষ্টিল ডে’ পেৰেডত ভাগ লোৱাৰ সুযোগ পাইছে৷ 
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী

দেশত ৰাজবংশৰ হতাশাগ্ৰস্ত এনে ব্যক্তি আছে যি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপ বিচাৰে৷ প্ৰধানমন্ত্ৰীয়ে যেতিয়া বিদেশৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰে তেতিয়া তেওঁলোকে জ্বলি-পুৰি যি মন যায় তাকে বকি থাকে৷ 
– কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

অসমীয়া মানুহে যে কাম কম কৰে, মিঞাই যে কাম বেছি কৰে তাত কাৰো দ্বিমত নাই৷ টেক্সি, বাছ, ৰিক্সা চলোৱাৰ কাম কোনে কৰে, মিঞাই কৰে৷ বদৰুদ্দিন আজমলে যিটো কথা কৈছে, সেইটো আমি অপমান হিচাপে গণ্য কৰিব লাগে আৰু অসমীয়াই তাৰ প্ৰতিশোধ ল’ব লাগে৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 

এইটো মোৰ বাবে এটা অতি আৱেগপূৰ্ণ ইনিংছ৷ ভাৰতীয় দলত সুযোগ পোৱা খুব কঠিন৷ এই সুযোগৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ৷ মোৰ খেল আৰম্ভ হৈছেহে৷ ভৱিষ্যতে আৰু ভাল প্ৰদৰ্শন কৰিবলৈ বিচাৰোঁ৷ 
–অভিষেক টেষ্টত শতৰাণকাৰী যশস্বী জয়ছোৱাল

সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰা অদ্ভুত৷ সৰ্বস্তৰৰ জনতাই বিৰোধ কৰিছে৷ কেৱল বিজেপিয়েহে ভাল পাইছে৷
   – ড॰ হীৰেন গোহাঁই