Logo
image

এতিয়াৰ পৰা এপিএছচিৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকত হ’ব অসমীয়া ভাষাতো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ জুলাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতো অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত উপলব্ধ নহ’ল৷ সদ্য অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ‘মূল’ পৰীক্ষাত ইংৰাজীতেই প্ৰশ্ন অহাত অসমীয়া মাধ্যমৰ  শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাত পৰা বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, ইউ পি এছ চি পৰীক্ষাৰ দৰে এ পি এছ চি পৰীক্ষাতো ইচ্ছুক প্ৰাৰ্থীয়ে অসমীয়াত উত্তৰ লিখাৰ সুবিধা আছে৷ অৱশ্যে পূৰ্বতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ এখন বাধ্যতামূলক প্ৰশ্নকাকত আছিল যদিও শেহতীয়াকৈ এ পি এছ চিৰ সংস্কাৰৰ নামত জাতি-মাটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি মিত্ৰজোঁট চৰকাৰখনে বাধ্যতামূলক অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন প্ৰত্যাহাৰ কৰিছিল৷ অৰ্থাৎ অসমীয়া ভাষা লিখিব আৰু পঢ়িব নজনা প্ৰাৰ্থীক প্ৰশাসনিক বিষয়া নিযুক্তিৰ পথ মুকলি কৰে বিজেপি মিত্ৰজোঁট চৰকাৰে৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ বৰ্ষৰ পৰা এ পি এছ চিৰ প্ৰশ্নকাকত অসমীয়াতো উপলব্ধ হ’ব বুলি সদম্ভ ঘোষণা কৰিছিল৷ অৰ্থাৎ পৰীক্ষাৰ প্ৰশ্নসমূহ ইংৰাজীত আহে যদিও  প্ৰতিটো প্ৰশ্নৰে অসমীয়া অনুবাদো থাকিব বুলি উল্লেখ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই অসমীয়া মাধ্যমৰ বহু শিক্ষাৰ্থী উৎসাহিত হৈ পৰীক্ষাৰ বাবে আবেদন জনাইছিল৷ কিন্তু অসম লোকসেৱা আয়োগৰ কতৃৰ্পক্ষই মুখ্যমন্ত্ৰীৰ ঘোষণাকো কেৰেপ নকৰি ২০২২ বৰ্ষৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকতৰ কোনো প্ৰশ্নৰে অসমীয়া অনুবাদৰ ব্যৱস্থা  নাৰালিখে৷ যাৰ বাবে কিছু কিছু প্ৰশ্নৰ দাঁত ভঙা ইংৰাজী শব্দৰ অসমীয়া অৰ্থ বুজি নোপোৱাত প্ৰশ্নোত্তৰ লিখিব নোৱৰা বুলিও একাংশ অমসীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে অভিযোগ কৰিছে৷ ইউ পি এছ চি পৰীক্ষাত সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্গত ২২টা ভাষাৰ যিকোনো এটা ভাষাতে উত্তৰ লিখিব পাৰে যদিও প্ৰশ্নসমূহত ইংৰাজী আৰু হিন্দী ভাষাতহে থাকে৷ ফলত ইউ পি এছ চি পৰীক্ষাত ইংৰাজী প্ৰশ্নটো নুবুজিলে হিন্দী অনুবাদটো পঢ়ি উত্তৰ লিখিব পাৰে৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো এ পি এছ চিয়ে পৰীক্ষাৰ ইংৰাজী প্ৰশ্নটোৰ অসমীয়া বা আন কোনো ভাষাত অনুবাদৰ সুবিধা ৰখা নাই৷ ফলত এইবাৰৰ পৰীক্ষাত কিছু কিছু ইংৰাজী প্ৰশ্নক লৈ একাংশ প্ৰাৰ্থীয়ে আপত্তি দৰ্শোৱাত শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ উধবৰ্তন কতৃৰ্পক্ষই অহবাৰৰ পৰা ‘মূল’ পৰীক্ষাত ইংৰাজীৰ লগতে অসমীয়াতো প্ৰশ্ন থাকিব বুলি সদৰী কৰিছে৷ স্বাভাৱিকতেই কতৃৰ্পক্ষৰ এই পদক্ষেপে অসমীয়া মাধ্যমৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰি তুলিছে৷ অৱশ্যে প্ৰশাসনিক বিষয়া পদৰ বাছনি পৰীক্ষাত ইংৰাজী একোটা প্ৰশ্নৰে অসমীয়া অৰ্থ বুজি নোপোৱা প্ৰাৰ্থীয়ে কেনেকৈ প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰিব বুলিও বিভিন্নজনে ওলোটাই প্ৰশ্ন কৰা দেখা গৈছে৷