Logo
image

ধন-উপঢৌকনেৰে অৰ্ণৱে ওপচাই দিছিল বাৰ্কৰ প্ৰধানক

আমাৰ অসম, ২৬ জানুৱাৰীঃ মহাৰাষ্ট্ৰত সংঘটিত টিআৰপি কেলেংকাৰিৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে য’ত ৰিপাব্লিক টিভিৰ স্বত্ত্বাধিকাৰী তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ‘বাৰ্ক’ৰ [ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিল] মুৰব্বী পাৰ্থ দাশগুপ্তক বিদেশ ভ্ৰমণৰ বাবে ১২ হাজাৰ মাৰ্কিন ডলাৰ আৰু টিআৰপি বঢ়াই দিয়াৰ বাবে ৪০ লাখ টকাৰ উপঢৌকন দিছিল৷ এই কথা স্বীকাৰ কৰিছে ‘বাৰ্ক’ৰ প্ৰাক্তন চি ই অ’ পাৰ্থ দাশগুপ্তই৷ তেওঁ এই স্বীকাৰোক্তি নিজৰ হাতৰ আখৰেৰে লিখি দিছে৷ মুম্বাই আৰক্ষীয়ে ব’ম্বে উচ্ছ ন্যায়ালয়ত দাখিল কৰা অতিৰিক্ত অভিযোগনামাত পাৰ্থ দাশগুপ্ত এই চিঠিখন সংলগ্ন কৰি দিছে৷ ৩,৬০০ পৃষ্ঠাৰ অভিযোগনামাত অৰ্ণৱ গোস্বামী আৰু পাৰ্থ দাশগুপ্ত মাজত হোৱা হোৱাটছএপৰ আপত্তিজনক কথোপকথনৰ ৫১২ পৃষ্ঠাও গাঁঠি দিয়া হৈছে৷ উল্লেখ্য, বাৰ্কৰ মুৰব্বী হৈ থকা অৱস্থাত পাৰ্থ দাশগুপ্তই অৰ্ণৱ গোস্বামীৰ মালিকানাধীন তিনিটাকৈ চেনেলৰ টিআৰপি ভুৱাকৈ বঢ়াই দিছিল৷ ফলত ৰিপাব্লিক টিভিয়ে সেই টিআৰপিৰ সূত্ৰে লাভ কৰিছিল উচ্ছ দৰৰ বিজ্ঞাপন৷ কোনো বাতৰিৰ জৰিয়তে ৰিপাব্লিক টিভি দৰ্শকৰ ওচৰত জনপ্ৰিয় হোৱা নাছিল, বৰং ভুৱা টিআৰপিৰে সেই চেনেলটোক অতিশয় জনপ্ৰিয় বুলি প্ৰতিপন্ন কৰা হৈছিল৷ এই সংক্ৰান্তত কিছুদিন পূৰ্বে বাৰ্কৰ প্ৰাক্তন চি ই অ’ পাৰ্থ দাশগুপ্তক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত  পাৰ্থ দাশগুপ্তই এই বিস্ফোৰক স্বীকাৰোক্তি প্ৰকাশ কৰে৷ 

নিজহাতে লিখা চিঠিখনত পাৰ্থ দাশগুপ্তই ২০২০ চনৰ ২৭ ডিচেম্বৰত মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ সন্মুখত স্বীকাৰ কৰে– ‘মই অৰ্ণৱ গোস্বামীক ২০০৪ চনৰ পৰাই চিনি পাওঁ৷ এসময়ত আমি টাইমছ নাও চেনেলত একেলগে কাম কৰিছিলো৷ ২০১৩ চনত মই বাৰ্কৰ চি ই অ’ হিচাপে যোগদান কৰিলো আৰু অৰ্ণৱ গোস্বামীয়ে ২০১৭ চনত ৰিপাব্লিক টিভি আৰম্ভ কৰিলে৷ আৰম্ভ কৰাৰ পূৰ্বেই তেওঁ মোক সহায় কৰাৰ বাবে ইংগিত দি জনাইছিল, যাতে তেওঁক মই ভাল ৰেটিং দিওঁ৷ অৰ্ণৱ গোস্বামীয়ে ভালদৰে জানিছিল টিআৰপি কেনেকৈ ‘মেনেজ’ কৰিব লাগে সেয়া মই জানো৷ ইয়াৰ বিনিময়ত তেওঁ মোক সহায় কৰিব বুলি জনাইছিল৷’ চিঠিখনত তেওঁ লিখে– ‘মই ৰিপাব্লিক টিভিৰ টিআৰপি মিছাকৈ বঢ়াই দেখুৱাবৰ বাবে যি কৰিব লাগে সেই সকলোখিনি মই কনিষ্ঠ সহযোগী কেইজনমানৰ সৈতে সম্পাদন কৰিছিলো৷ সেয়া ২০১৭ চনৰ পৰা ২০১৯ চনলৈ অব্যাহত আছে৷ ইয়াৰ মাজতে অৰ্ণৱ গোস্বামীয়ে মোক মুম্বাইৰ ল’ৱাৰ পৰেলৰ ছেইণ্ট ৰেগিছ হোটেলত সাক্ষাৎ কৰে আৰু ফ্ৰান্স-ছুইজাৰলেণ্ড ভ্ৰমণৰ বাবে ৬,০০০ ডলাৰ দিয়ে৷ ২০১৯ চনত পুনৰ একেখন হোটেলত অৰ্ণৱ গোস্বামীয়ে মোক ছুইডেন-ডেনমাৰ্ক ভ্ৰমণৰ বাবে পুনৰ ৬,০০০ ডলাৰ দিয়ে৷ পৰিয়ালৰ সৈতে যোৱা আমাৰ এই ভ্ৰমণটো অৰ্ণৱ গোস্বামীয়ে স্পনছৰ কৰিছিল৷ অৱশ্যে তাৰবাবে মই তেওঁৰ টিআৰপি বঢ়াই দি চেনেলক লাভ দিছিলো৷ ২০১৭ চনত অৰ্ণৱ গোস্বামীয়ে মোক ল’ৱাৰ পৰেলৰ আই টি চি হোটেলত সাক্ষাৎ কৰি টিআৰপি বঢ়াই দিয়াৰ বাবে ২০ লাখ টকা দিয়ে৷ ইয়াৰ পাছত ২০১৮ আৰু ২০১৯ চনত দুবাৰ সেই একেখন হোটেলতে অৰ্ণৱ গোস্বামীয়ে মোক এবাৰত ১০ লাখকৈ মুঠ ২০ লাখ টকা দিছিল৷’ 

আৰক্ষীৰ অভিযোগনামাত পাৰ্থ দাশগুপ্ত স্বীকাৰোক্তিৰ এই চিঠিখন থকা বুলি খবৰ প্ৰকাশ পোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি হৈছে৷ অৰ্ণৱ গোস্বামীয়ে কেনেদৰে তেওঁৰ চেনেলক ওপৰলৈ তুলিছে সেই বিষয়ে এতিয়া আনৰ কথা বাদেই তেওঁৰ ৰিপাব্লিক টিভিৰ দৰ্শকসকলেও ভালদৰে বুজি পাইছে৷ পিছে সংবাদ মাধ্যমৰ পক্ষৰ পৰা অৰ্ণৱ গোস্বামীৰ আইনী উপদেষ্টাৰ দলটোৰ সৈতে যোগাযোগৰ চেষ্টা কৰিলেও তেওঁলোকে মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷