Logo
image

মূকাভিনয়ৰ জৰিয়তে সজাগতাঃ জৰিমনা নহয়, সুৰক্ষিত যাতায়তৰ বাবেহে পৰিবহণ বিভাগে অব্যাহত ৰাখিছে অভিযানঃ গৌতম দাম

ডিজিটেল সংবাদ, গুৱাহাটীঃ পথ সুৰক্ষা এতিয়া কেৱল পথত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা হৈ থকা নাই, পথ-সুৰক্ষাৰ সজাগতা-সচেতনতা এতিয়া সকলোৰে বাবে সমগ্ৰ জীৱন কালৰ সুৰক্ষাত পৰিণত হৈছে। এই কথা এতিয়া আনকি বুজি পোৱা হৈছে সময় সচেতন শিশু-কিশোৰেও। মহানগৰীৰ ৰাজপথত তাৰেই প্ৰতিফলন ঘটিল৷ ৰাজধানী চহৰখনৰ এবিচি অঞ্চলকে ধৰি আন কেইবাঠাইৰ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল শিশু-কিশোৰৰ মুকাভিনেতাৰ এটা দল। যানবাহন চলাওঁতে মানি চলিবলগীয়া 'পঞ্চসূত্ৰ'ৰ আধাৰত শিশু শিল্পীৰ দলটোৱে মৌন-মুকৰ হৈ ইটোৰ পিছত সিটোকৈ পৃথক বিষয়ত অভিনয় কৰি গ’ল ৷ হাতে হাতে বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰিও শিশু মুকাভিনেতাসকলে সমবেত সকলোৰে হৃদয়ঙ্গম কৰাবলৈ চেষ্টা কৰিলে যে দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰক, মদ্যপান কৰি, ম’বাইলত কথা পাতি গাড়ী নচলাব আৰু নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাওঁক৷ 

মূকাভিনয়ৰ জৰিয়তে সোমবাৰৰ দিনটোত শিশু শিল্পীৰ দলটোৱে ৰাজপথৰ আইন-কানুন নমনা এচাম লোকলৈ এনেকৈয়ে পথ-সুৰক্ষাৰ সজাগতা মানি চলাৰ নিঃস্বাৰ্থ আহ্বান জনালে। শিশু শিল্পী কেইগৰাকীৰ ব্যতিক্ৰমী প্ৰয়াস দেখি আনকি ওচৰতে থকা অটো’ ষ্টেণ্ড আৰু বাছ ষ্টেপেজৰ চালকেও আহি সহযোগিতা কৰিলেহি৷ উল্লেখ্য যে ৰাজ্যত ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক একেলগে সুৰক্ষিত যাতায়াত ব্যৱস্থা নিশ্চিত কৰা আৰু যানবাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে অভিযান সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ সময়তে মুকাভিনয় শিল্পী মিনাংক ডেকা নেতৃত্বাধীন 'নিৰ্বাক' গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত মূকাভিনয় কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে সোমবাৰে দিনৰ ১১বজাত পোনপ্ৰথমে এবিচি অঞ্চলত পথ সুৰক্ষা সজাগতাৰ হৃদয়স্পৰ্শী অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ অতিৰিক্ত দায়িত্ববাহী গৌতম দাসে পথত আইন-কানুন সঠিকভাৱে মানি চলাৰ বাবে যানবাহন ব্যৱহাৰকাৰীৰ আচৰণগত চৰিত্ৰ সংশোধন আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ বুলি মন্তব্য কৰে ৷ ৰাজপথত পৰিবহণ বিভাগৰ দল কেবল জৰিমনা বিহিবলৈহে থাকে বুলি ভবা সকলো যানবাহন ব্যৱহাৰকাৰীৰে মনৰ সংশোধন হ’ব লাগিব। কিয়নো জৰিমনা নহয়, সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবেহে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ সেয়ে সকলো যানবাহন ব্যৱহাৰকাৰীকে নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে পথত চলাচল কৰোতে মানি চলিবলগীয়া নীতিনিয়মসমূহ একান্তই নিষ্ঠা,সততাৰে হৃদয়ঙ্গম কৰিবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে অতি বিনয়েৰে আহ্বান জনায় ৷ উল্লেখ্য যে যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰকে ধৰি মহানগৰ আৰক্ষীৰ কেইবাগৰাকীও বিষয়া এই অনুষ্ঠানত উপস্থিত থাকে।