Logo
image

চক্ৰবেহুত হিমন্তবিশ্ব মচি পেলালে টুইট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ জুলাইঃ ‘ইণ্ডিয়া, ডেট ইজ ভাৰত, ছেল বি এ ইউনিয়ন অব ষ্টেটছ’ বুলি আৰম্ভ হৈছে দেশৰ সংবিধানৰ প্ৰথমটো বাক্য৷ অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত গৃহীত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ইণ্ডিয়া বনাম ভাৰত’ৰ হৈ বৈপৰীত্যৰ  কোনো ধাৰণা দিয়া হোৱা নাই৷ কিন্তু মঙলবাৰে কৰ্ণাটকৰ বেংগালুৰুত ২৬ টা বিৰোধী ৰাজনৈতিক দলে ‘ইণ্ডিয়া’ নামৰ মহাজোঁট গঠন কৰাৰ  পাছতে বিজেপিৰ শীৰ্ষস্থানীয় নেতা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইণ্ডিয়া আৰু ভাৰতৰ মাজত সভ্যতাগত সংঘাত থকা বুলি  মন্তব্য কৰিলে৷ টুইটাৰত হিমন্ত বিশ্ব শৰ্মাই এই সংঘাতৰ পূৰ্বে আছিল আৰু ভৱিষ্যতেও সংঘাত থাকিব বুলি কৰা মন্তব্যৰ পাছতে দেশজুৰি বিৰোধী ৰাজনৈতিক দলে হিমন্ত বিশ্ব শৰ্মাক প্ৰচণ্ড আক্ৰমণ আৰম্ভ কৰে৷ এই আক্ৰমণত বিতত হৈ অথবা আন কাৰণত তেওঁ পাছত টুইটাৰ হেণ্ডলৰ পৰা সেই টুইটটো মচি দিয়ে৷ তথাপি বিতৰ্কৰ অৱসান ঘটা নাই৷ অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ একাউণ্টত বায়’ৰ পৰা নামৰ তলত থকা ইণ্ডিয়া শব্দটো আঁতৰাই ভাৰত বুলি নতুন পৰিচিতি দিছে৷ পূৰ্বে টুইটাৰ একাউণ্টত ব্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ নামৰ তলত  লিখা আছিল, ‘চিফ মিনিষ্টাৰ অব আছাম, ইণ্ডিয়া’৷ এতিয়া একাউণ্টৰ বায়’ত ইণ্ডিয়াৰ ঠাইত আছে ‘ভাৰত, অৰ্থাৎ চিম মিনিষ্টাৰ অৱ আছাম, ভাৰত৷’ 

মঙলবাৰে বেংগালুৰুত বিৰোধী ৰাজনৈতিক দলে তেওঁলোকৰ জোঁটৰ নাম ‘ইণ্ডিয়া’ বুলি ঘোষণা কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছিল– ‘ইণ্ডিয়া আৰু ভাৰতক কেন্দ্ৰ কৰি আমাৰ সভ্যতাগত সংঘাত আছে৷ ব্ৰিটিছে আমাৰ দেশৰ নাম ইণ্ডিয়া ৰাখিছিল আৰু কংগ্ৰেছে তাকে গ্ৰহণ কৰিছিল৷ আমি সেই ঔপনিৱেশিক মনোবৃত্তিৰ পৰা নিজকে মুক্ত কৰিব লাগিব৷ আমাৰ পূৰ্বপুৰুষে ভাৰতৰ হকে যুঁজ দিছিল আৰু আমি ভাৰতৰ হৈ কাম অব্যাহত ৰাখিব লাগিব৷ কংগ্ৰেছ ইিণ্ডয়াৰ পক্ষত আৰু মোদীজী ৰাখিব লাগিব৷’

হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ পাছত কংগ্ৰেছ দলৰ নেতা জয়ৰাম ৰমেশে অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি প্ৰশ্ন কৰে– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়াবোৰ কি? হিমন্ত বিশ্বৰ বাবে এতিয়া আঙুৰ টেঙা হ’ল৷ তেওঁ দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ‘টীম ইণ্ডিয়া’ হিচাপে কাম কৰিবলৈ কিয় কয়? আনহাতে, এন চি পিৰ মুখপাত্ৰ ক্লাইড কাষ্ট’ৱে প্ৰশ্ন কৰে– ব্ৰিটিছে আমাৰ দেশৰ নাম ইণ্ডিয়া ৰাখিছিল৷ আমি ঔপনিৱেশিক হাতোৰাৰ পৰা মুক্ত হ’ব লাগে৷ সেয়া ঠিকেই বুজিছো৷ কিন্তু বিজেপিয়ে কেতিয়া টুইটাৰ হেণ্ডলৰ পৰা ‘বিজেপি ফৰ ইণ্ডিয়া’ সলনি কৰিব? ইপিনে, হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ হেণ্ডলৰ পৰা টুইটটো ‘ডিলিট’ কৰাত কংগ্ৰেছৰ আইটি কোষৰ সদস্য বিজয় থোট্টাথিলে কয়– হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটটো মচি দিলেও সত্যক ঢাকি ৰাখিব নোৱাৰিব৷ কংগ্ৰেছ সঁচাকৈ ইণ্ডিয়াৰ পক্ষত৷