Logo
image

জনছন এণ্ড জনছন কোম্পানীক ১৫৪ কোটি টকা জৰিমনা

‘আমাৰ অসম’ৰ প্ৰতিবেদন, ২০ জুলাইঃ জনচন এণ্ড জনচন বেবী পাউডাৰ ব্যৱহাৰ নকৰা মানুহ হয়তো এজনো নোলাব৷ জনচন বেবী পাউডাৰ ব্যৱহাৰ কৰিলে কেন্সাৰ হোৱা বুলি অভিযোগ উঠিছে৷ জনচন এণ্ড জনচন বেবী পাউডাৰত মিহলি হৈ থকা এছবেষ্টছৰ বাবে শিশু আক্ৰান্ত হ’ব পাৰে কেন্সাৰ ৰোগত৷ কেলিফ’ৰ্নিয়াৰ এখন আদালতে জনচন এণ্ড জনচনৰ কতৃৰ্পক্ষক ১৮.৮ মিলিয়ন মাৰ্কিন ডলাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিছে৷ ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ হ’ব প্ৰায় ১৫৪ কোটি টকা৷ জনচন এণ্ড জনচন বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ ফলত কেন্সাৰত আক্ৰান্ত হোৱা বুলি অভিযোগ তুলি আদালতৰ  দ্বাৰস্থ হৈছিল ইমোৰি হাৰ্নাণ্ডেজ ভালাদেজ নামৰ এজন ব্যক্তি৷ ২৪ বছৰীয়া ভালাদেজৰ অভিযোগ জনচন এণ্ড জনচন বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ ফলত তেওঁ মেছোথেলিওমা নামৰ ভয়ংকৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে৷ উক্ত গোচৰ সন্দৰ্ভত দীঘলীয়া শুনানি গ্ৰহণৰ অন্তত কেলিফ’ৰ্নিয়াৰ আদালতে অলপতে বেবী পাউডাৰ উৎপাদনকাৰী প্ৰতিষ্ঠানটোক প্ৰায় ১৫৪ কোটি টকাৰ জৰিমনা বিহে৷ উল্লেখ্য, ১৮৯৪ চনৰ পৰা বেবী পাউডাৰ উৎপাদন কৰি আহিছে জনচন এণ্ড জনচনে৷ আজি আমেৰিকাৰ ৩৫ হাজাৰ মহিলাৰ জৰায়ুৰ কেন্সাৰৰ বাবেও উক্ত কোম্পানীটোক জগৰীয়া কৰি অহা হৈছে৷