Logo
image

এইপৰ্যন্ত ‘কা’ হোৱা নাই তালিকাভুক্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ সংসদৰ নতুন ভৱনত বৃহস্পতিবাৰৰ [২০ জুলাই] পৰা আৰম্ভ হ’ব ২২ দিনীয়া বৰ্ষকালীন অধিৱেশন৷ ১১ জুলাইলৈকে এই অধিৱেশন চলিব৷ সংসদৰ বৰ্ষকালীন অধিৱেশনৰ মুঠ ১৫টা কৰ্মদিন থাকিব৷ লোকসভাৰ সচিবালয়ৰ সূত্ৰই সদৰী কৰা অনুসৰি আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষকালীন অধিৱেশনত গৃহীতকৰণৰ বাবে ৩১খন নতুন বিধেয়ক আৰু সাতখন পুৰণি বিধেয়ক বৰ্তমানলৈকে তালিকাভুক্ত হৈছে৷ অধিৱেশনৰ সময়ছোৱাত আৰু ১০খনৰো অধিক বিধেয়ক অহাৰ সম্ভাৱনা আছে৷    বৰ্তমানলৈকে লোকসভা সচিবালয়ে লাভ কৰা কেইখনমান গুৰুত্বপূৰ্ণ বিধেয়ক হ’ল ‘ডিজিটেল ডাটা প্ৰটেকশ্বন বিল-২০২২, ফৰেষ্ট [কনভাৰচেশ্বন] এমেণ্ডমেণ্ট বিল-২০২৩, কনষ্টিটিউচন [এছটি] অৰ্ডাৰ [ফিফট এমেণ্ডমেণ্ট] বিল-২০২২, দ্য নেশ্বনেল ৰিচাৰ্ছ ফাউণ্ডেশ্বন বিল-২০২৩, নেশ্বনেল কেপিটেল টেৰিটৰি অব দিল্লী [এমেণ্ডমেণ্ট] বিল উল্লেখযোগ্য৷ উল্লেখ্য, কনষ্টিটিউচন [এছটি] অৰ্ডাৰ [ফিফট এমেণ্ডমেণ্ট] বিল-২০২২ৰ জৰিয়তে ছত্তিশগড়ৰ কেইটামান জনগোষ্ঠীক এছটিৰ মৰ্যাদা প্ৰদান কৰা হ’ব৷ লক্ষণীয় সংসদৰ এইবাৰৰ বৰ্ষাকালীন অধিৱেশনতে ‘কা’ বিধেয়ক কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব পাৰে বুলিও চৰ্চা হৈছে৷ অৱশ্যে এইপৰ্যন্ত কা তালিকাভুক্ত হোৱা নাই৷ লক্ষণীয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ ভাৰতৰ পণ্ডিতৰ পূজা-পাতালৰ দ্বাৰা ২৮ মে’ত সংসদৰ নতুন ভৱন মুকলি কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংসদ ভৱনত সংসদৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ কাজেই এয়া দেশৰ সংসদীয় গণতন্ত্ৰৰ ইতিহাসৰ বাবে এক মাইলৰ খোজ হিচাপে চিহ্নিত হৈ থাকিব৷ ইফালে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকাৰৰ আহ৩ানত এক নিয়মমাফিক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়৷ প্ৰতিৰক্ষা মন্ত্ৰী তথা লোকসভাৰ উপ-দলপতি ৰাজনাথ সিঙৰ সভাপতিত্বত এই সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়৷ উল্লেখ্য, মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এনডিএৰ বিজেপিসহ ৩৯ মিত্ৰদল বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে বেংগালুৰুত কংগ্ৰেছসহ ২৬ বিৰোধী দলৰ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকতে ২০২৪ত বিজেপিক ৰুধিবলৈ ২৬ বিৰোধী দলে ‘ইণ্ডিয়ান নেশ্বনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স’ চমুকৈ ‘ইণ্ডিয়া’ গঠন কৰিছিল৷ দেশৰ ৰাজনীতিৰ এই বৃহৎ পৰিঘটনাৰ পাছতে আজি সংসদত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক৷ কিন্তু এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা নকৰিলে৷ আজিৰ বৈঠকত কংগ্ৰেছসহ বিৰোধী দলে মণিপুৰৰ সন্দৰ্ভত চলিত বৰ্ষাকালীন অধিৱেশনত আলোচনাৰ দাবী জনায়৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বিৰোধীৰ এই দাবীক একপ্ৰকাৰে সন্মতি দিও তিপ্পনি কৰে যে পশ্চিম বংগৰ শেহতীয়া নিৰ্বাচনী হিংসাৰ সন্দৰ্ভতো আলোচনা হোৱা উচিত৷