Logo
image

ধুমুহাৰ মাজতো অবিচল মোৰ মা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ জুলাইঃ মঙলবাৰে সন্ধিয়া বেংগালুৰৰ পৰা নতুন দিল্লীলৈ উভতি আহোতে প্ৰতিকূল বতৰ আৰু বিমানৰ কাৰিকৰী বিজুতিৰ বাবে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিমানখন মধ্য প্ৰদেশৰ ভূপালত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল৷ অৱশ্যে দুয়ো সেই পৰিস্থিতিত নিৰ্বিঘ্নে থাকে৷ দুয়ো নতুন দিল্লীলৈ আহি আছিল এখন চাৰ্টাৰ্ড বিমানত৷ বিমানখনৰ বিজুতি আৰু প্ৰতিকূল বতৰৰ বাবে দুয়ো জৰুৰীভাৱে ভূপালত অৱতৰণ কৰাৰ পাছত ইণ্ডিগ’ৰ এখন বিমানেৰে নিশা ৯.৩০ বজাত ভূপালৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা হয়৷ সেই প্ৰতিকূল পৰিস্থিতিত বিমানত ছোনিয়া গান্ধী বহি থকা অৱস্থাৰ এখন ফটো আজি পুত্ৰ ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত আপলোড কৰি তাৰ কেপচন দিয়ে– চাপৰ মাজতো মোৰ মা অবিচলতাৰ প্ৰতীক [ইপিটম অৱ গ্ৰেচ আণ্ডাৰ প্ৰেচাৰ]৷ ফটোখনত ছোনিয়া গান্ধীয়ে বিমানৰ অক্সিজেন মাস্ক মুখত লগাই আছিল আৰু বিমানখন সামান্য ওপৰমুৱা হৈ আছিল৷ তেতিয়া তেওঁ বিমানখনৰ কাৰিকৰী বিজুতি ধৰা পৰা বুলি জানিছিল আৰু প্ৰতিকূলতাৰ সন্মুখীন হোৱা সন্দৰ্ভতো জ্ঞাত আছিল৷ তথাপি ছোনিয়া গান্ধীৰ মুখত আতংকৰ চিহ্ন পৰিলক্ষিত হোৱা নাছিল, বৰং তেওঁৰ মুখাৱয়ব তেনে স্বাভাৱিক আছিল৷ পুত্ৰ ৰাহুল গান্ধীৰ এই ফটো আৰু কেপচন বুধবাৰে নেট মাধ্যমত ভাইৰেল হৈ পৰে আৰু নেটিজেেন ছোনিয়া গান্ধীক প্ৰশংসাও কৰে৷ ৰাহুলে মাকৰ ফটোৰ সৈতে দিয়া কেপচনো বহু নেটিজেনৰ মনঃপুত হয়৷