Logo
image

অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিবেশনৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক  অধিবেশন আগন্তুক বৰ্ষৰ ১,২ আৰু ৩ ফেব্ৰুৱাৰীত মৰিগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত বাৰপুজীয়া শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হ'ব। তদুপলক্ষে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বাৰপুজীয়া অধিবেশনৰ আদৰণী সমিতিৰ এটা দলে সাক্ষাৎ কৰি অধিবেশনখন সফল ৰূপায়ণৰ বিভিন্ন দিশ আলোচনা কৰে। এই সঁজাতি দলত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মা, আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, কাৰ্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰধান সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকা আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া।